জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী তেজপুৰৰ বিৰাজ চক্ৰৱৰ্তীৰ আকস্মিক বিয়োগ

0 13
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ  ২৬ মে’: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী  নিষ্ঠাবান কৰ্মী তেজপুৰৰ ভৈৰৱ নগৰ টিলা নিবাসী বিৰাজ চক্ৰৱৰ্তী(৫২)ৰ আকস্মিক বিয়োগ ঘটিছে। এজন নিৰ্ভীক আৰু স্পষ্টবাদী ব্যক্তি হিচাপে পৰিচিত চক্ৰৱৰ্তী দুদিন পূৰ্বে আকস্মিকভাবে অসুস্থ হৈ পৰে। তেওঁক প্ৰথমতে তেজপুৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হয়  যদিও ইয়াৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াই চিকিৎসকে। ইয়াৰ পাছতে উশাহ নিশাহ লোৱাত সমস্যা হোৱা চক্ৰৱৰ্তীক ততাতৈয়াকৈ তেজপুৰৰে আন এখন ব্যাক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। চিকিৎসালয়খনত ভৰ্তি হোৱা চক্ৰৱৰ্তীয়ে ২৫মে’ৰ নিশা কথা বতৰা পাতি ভাত পানী খাই উঠাৰ পাছত পুনৰ অসুস্থ হৈ পৰে আৰু  নিশা প্ৰায় ৯ঃ৩০  বজাত শেষ নিশ্বাস ত্যাগ কৰে। চক্ৰৱৰ্তীৰ এই অকাল আৰু আকস্মিক বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, ১৯৮৬ ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰিয়েই তেজপুৰৰ নেহৰু ময়দানৰ কাষত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ সতে জড়িত হৈ পৰে। তেতিয়াৰে পৰা যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ নগৰ সমিতি  তথা শোণিতপুৰ জিলা সমিতিৰ এজন উল্লেখযোগ্য কৰ্মী হিচাপে পৰিচিত হোৱাৰ লগতে  কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপেও এবাৰ কাৰ্যনিৰ্বাহ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা চক্ৰৱৰ্তীয়ে পাছত দৰং মহাবিদ্যালয়তো অধ্যয়ন কৰিছিল।আপোচবিহীন যুৱ ছাত্ৰ কৰ্মীজনে পৰৱৰ্তী সময়ত তেজপুৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থানৰ সমীপত প্ৰথমতে পিচিঅ আৰু শেহতীয়াকৈ মোবাইল ৰিচাৰ্জৰ ক্ষুদ্ৰ ব্যৱসায় কৰিছিল।বিয়োগৰ সময়ত মাতৃ আৰু সহধৰ্মিনী সহ দুই ভগ্নীক তেওঁ এৰি গৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তেজপুৰ বা শোণিতপুৰৰ বহু উত্থান-পতনৰ জীৱন্ত সাক্ষী চক্ৰৱৰ্তীৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে ভৈৰৱনগৰ টিলাৰ ৰাইজ আৰু  যুৱ-ছাত্ৰ পৰিষদৰ সতীৰ্থ সকলক। তেওঁৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ লগে লগে অগণন লোকে চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিয়ে সংগঠনৰ পতাকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি শোক ব্যক্ত কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই জাতীয়তাবাদী সতীৰ্থ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি এগৰাকী আপোচহীন সতীৰ্থ হেৰুৱাই  অপূৰণীয় ক্ষতি হোৱা বুলি কয়। তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই চক্ৰৱৰ্তীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ  সম্পাদক মনোজ কুমাৰ শইকীয়া, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সম্পাদক মৃদুল শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More