জাতীয় সত্তাৰ উত্তৰণত মাতৃ ভাষাৰ ভূমিকা

0 328

বিমল বৰগোঁহাই

 এটি শিশুৱে মাতৃ গৰ্ভৰ পৰা জন্ম লাভ কৰা লগে লগেই মাতৃগৰাকীৰ মুখৰ পৰা নিগৰি অহা প্ৰতিটো কথা, বাক্য শব্দ শিশুটিয়ে শিকিবলৈ ধৰে আৰু আওৰাবলৈ শিকে আৰু মাকগৰাকীয়েও নিজৰ সন্তানৰ লগত কথাৰ বা ভাৱৰ আদান-প্ৰদান কৰিবলৈ যি ভাষা ব্যৱহাৰ কৰে, শিশুটিয়ে সেই ভাষাকে আয়ত্ব কৰে৷ গতিকে, এটি শিশুৱে জন্মলগ্নৰে পৰা যি ভাষাৰে চিনাকী হৈ সেই ভাষা পৰিয়াল তথা অনান্য লোকৰ সৈতে ক’বলৈ লয় বা ব্যৱহাৰ কৰে, সেই ভাষাটোৱেই শিশুটোৰ মাতৃভাষা বা স্বজাতিৰ ভাষা (Mother Tounge) হিচাবে পৰিগণিত হয় আৰু সেই ভাষাটোৰ ওপৰত শিশুটিৰ দখল তথা আধিপত্য আৰু স্বকীয়তাবোধ জন্মৰ পৰা থকাটো নিশ্চয়কৈ এক জাতীয়তাবোধৰ পৰিচয় ৷ ঠিক সেইদৰে এটা জাতিৰো নিজস্ব পৰিচয় থাকে আৰু নিজৰ একমাত্ৰ মাতৃভাষাৰ জৰিয়তে সেই জাতিটোৰ কলা, সংস্কৃতি, কৃষ্টি, আদি সমূহৰ উত্তৰণৰ জৰিয়তে নিজৰ জাতীয় সত্তা বা অস্তিত্ব বিশ্বৰ আগত প্ৰদৰ্শন কৰি আত্মসন্মান আৰু গৌৰৱেৰে জীয়াই থাকি এক সুকীয়া আসন দখল কৰি আমি নিজৰ জাতিটোৰ নাম আৰু অভিমান অক্ষুণ্ণ ৰাখিব পাৰো। আমাৰ মাতৃভূমি ‘অসম’ত লিখিত বা কথিত ৰূপত অসমীয়া মাতৃভাষা ব্যৱহাৰ কৰি অসমৰ বিভিন্ন জাতি, জনজাতি, ধৰ্মীয় বা ভাৰ্ষিক তথা বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে মনৰ ভাৱ প্ৰকাশ কৰে অথবা বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী বা বে-চৰকাৰী কামত ব্যৱহাৰ কৰে, সেয়েহে অসমীয়া ভাষাটিক মান্যভাষা বুলি কোৱা হয় ৷ ভাষাৰ এই মান্যৰূপটোৱে হ’ল উমৈহতীয়া লিখিত ৰূপ, এই ৰূপটোতে পুথি-পাঁজি লিখা হয় আৰু বিদ্যায়তনিক কাম-কাজ চলোৱা হয়৷ যদিও অসমত বিভিন্ন জাতি-জনজাতি, ধৰ্মীয় বা ভাষিকলোকৰ নিজৰ নিজৰ এটা সুকীয়া উপভাষা আছে৷ আমি সকলোৱে জ্ঞাত যে অসমীয়া ভাষা বা সাহিত্যৰ উন্নতি সাধনৰ বাবে ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে কলকতাত সেই সময়ত পঢ়ি থকা কেইজনমান অসমীয়া ছাত্ৰৰ চাহমেল আলোচনাত, ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ নামৰ এটি অনুষ্ঠানৰ জন্ম হৈছিল৷ সেই আধাৰতে, ১৮৯০ চনৰ ২৩ নৱেম্বৰ তাৰিখে তেজপুৰত যশস্বী সাহিত্যিক লম্বোধৰ বৰাদেৱৰ চ’ৰাঘৰত ‘অসমীয়া ভাষা আলোচনা সভা’ আৰু পিছলৈ ১৮৯৭ চনৰ ৩১ জানুৱাৰী তাৰিখৰ পৰা ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’লৈ ৰূপান্তৰ হয়৷ পৰবৰ্তী সময়ত, এই ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে৷ সেই সময়ত অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰীসকলে বিশেষকৈ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাদেৱ, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিম চন্দ বৰা, তীৰ্থনাথ শৰ্মা, কনক চন্দ্ৰ শৰ্মা ইত্যাদিৰ নামেই উল্লেখযোগ্য ৷ গতিকে, সেই সময়ৰ কেইজন মান বচা বচা অসমীয়া যুৱকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ আৰু ত্যাগৰ বাবেই আমাৰ মাতৃভাষা তথা সাহিত্য, সংস্কৃতিৰ উন্নয়ন তথা উত্তৰণ হৈ অসমীয়া জাতিয়ে আজি এটা সুকীয়া পৰিচয় পাবৰ সক্ষম হৈছে, যাৰবাবে, আজিও আমাৰ মাতৃ ভাষাটো জীয়াই আছে আৰু সগৌৰৱেৰে আমি প্ৰতেক্যেই এজন অসমীয়া হিচাবে মূৰ দাঙি থিয় হব পাৰিছো আৰু নিজকে অসমীয়া বুলি চিনাকী দিব পাৰিছো৷ সেই কৰ্মৰ যোগেদি সেইসকল মহান ব্যক্তিয়ে নিজ মাতৃভাষাৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেম, শ্ৰদ্ধা আৰু জাতিটোৰ প্ৰতি থকা জাতীয়তাবোধৰ পৰিচয়ৰে নিজৰ সঁচা জাতীয়তাবাদী সত্তাৰ বিষয়ে আত্মপ্ৰকাশ কৰিছিল৷ গতিকে সেইসকল মহান তথা বৰেণ্য ব্যক্তি আমাৰ সকলোৰে সন্মানীয় আৰু নমস্য৷ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, স্বৰ্গীয় পদ্মনাথ গোহাঞিবৰুৱা ডাঙৰীয়াৰ দিনৰ [১৯১৭] পৰা বৰ্তমানৰ [২০২২] সভাপতি গৰাকীলৈকে এই সুদীৰ্ঘ ১০৫ বছৰ কাল অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণত এক আমূল পৰিবৰ্তন আহিব ধৰিছে আৰু স্বনামধন্য সাহিত্য তথা ভাষা পণ্ডিতসকলৰ পদাংক অনুকৰণ কৰিয়েই আজি অত বছৰে অসমীয়া ভাষা-সাহিত্যৰ গুণ-গৰিমা অটুট ৰাখিবলৈ আমাৰ শ্ৰদ্ধাৰ সাহিত্যিক, ভাষাবিদ, গৱেষক, পণ্ডিত, সমালোচক ইত্যাদি সকলে সময়ে সময়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু আমাৰ বহু ন-পুৰণি লেখক-লেখিকায়ো নিজৰ নিজৰ সৃষ্টিমূলক লেখা বা ৰচনাৱলীৰ জৰিয়তে অসমীয়া মাতৃভাষা-সাহিত্যৰ উন্নতি আৰু উত্তৰণৰ বাবে চৰ্চা কৰি থকা দেখা গৈছে৷ উল্লেখযোগ্য যে, অসমৰ বহু যোগ্য সন্তানে নিজ মাতৃভাষাৰ ওপৰত থকা জ্ঞান আৰু একাত্ম সাধনাৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা অতি সন্মানীয় সাহিত্য বঁটা ‘সাহিত্য একাডেমী বঁটা’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ১৯৫৫ চনৰ পৰা ২০২১ চনলৈকে সৰ্বমুঠ ৫৮ জন সুযোগ্য অসম সন্তানে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে৷ অতি ভাল খবৰ যে ২০১৯ আৰু ২০২০ বৰ্ষটো অসমৰ সাহিত্যিকে ‘সাহিত্য একাডেমী বঁটা’ লাভ কৰি অসমক গৌৰৱান্বিত কৰিছে৷ যোৱা, ২০১৯ চনত, অসমৰ যুৱ গল্পকাৰ সঞ্জীপ পল ডেকালৈ যুৱ সাহিত্য বঁটা, ছামিম নাচৰিনে সাহিত্য অকাডেমীৰ শিশু সাহিত্যিক বঁটা লাভ কৰি অসমৰ মান আৰু নাম সাহিত্যৰ উন্নতিৰ শিখৰত জিলিকাই তুলিছিল৷ ঠিক সেইদৰে, বড়ো ভাষাৰ ড° ৰুজৱ মুচাহাৰিলৈ সাহিত্য আৰু লক্ষ্মীনাথ ব্ৰহ্মলৈ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছিল৷ উল্লেখযোগ্য যে, ২০২০ বৰ্ষৰ বাবেও অসমৰ ছয় গৰাকীকৈ লিখকে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত লিখক অপূৰ্ব কুমাৰ শইকীয়াক [চুটিগল্পৰ গ্ৰন্থ ‘বেংছটা’ৰ বাবে] আৰু প্ৰয়াত ধৰণীধৰ অৱাৰিকক [বড়ো ভাষাৰ চুটিগল্পৰ গ্ৰন্থ ‘গথানে লামায়াও’ৰ বাবে] নিৰ্বাচিত কৰা হৈছে৷ অন্যহাতে, দুইগৰাকী অসমীয়া যুৱ লেখকে ‘সাহিত্য একাডেমী যুৱ পুৰস্কাৰ, ২০২০ লাভ কৰিছে৷ তেওঁলোক হ’ল দ্বীজেন দাস [কবিতাৰ পুথি ‘মেঘ-ঘৰা’] আৰু বড়ো সাহিত্যৰ যুৱ লেখক নিউটন কে বসুমতাৰী [তেওঁৰ গ্ৰন্থ ‘অৱি আবু আৰু আং’]৷ ‘সাহিত্য একাডেমী বাল পুৰস্কাৰ, ২০২০ত বঁটা লাভ কৰিছে মধুমিতা ঘৰফলীয়া [তেওঁৰ চুটিগল্পৰ গ্ৰন্থ ‘ফুচং’] আৰু অজিত বড়ো [তেওঁৰ গ্ৰন্থ ‘গঠোচা বিছমবি’]৷ ইয়াৰ দ্বাৰা এইটোয়েই প্ৰমাণিত হৈছে যে আমাৰ প্ৰতিজন অসমীয়া তথা শ্ৰদ্বাৰ লেখক-লেখিকা, সাহিত্যিকসকলে নিজৰ মাতৃভাষাটোক অগাধ ভালপায় আৰু জাতীয় স্বকীয়তা তথা আত্মসন্মানেৰে জীয়াই থাকিবলৈ সদায় নিজৰ মাতৃভাষাৰ অধ্যয়ন তথা চৰ্চাৰ যোগেদি আমাৰ সমাজখনক আগুৱাই লৈ যোৱাত যথেষ্ট অৰিহণা যোগাইছে আৰু আমাৰ নৱ প্ৰজন্নক নিজ মাতৃভাষাৰ প্ৰতি আকৃষ্ট আৰু চৰ্চা কৰিবলৈ প্ৰেৰণা আৰু উৎসাহ দিছে৷ ভাষা এটা জাতিৰ দাপোণ স্বৰূপ৷ এখন দাপোণত যিদৰে নিজৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়, ঠিক সেইদৰে এটা ভাষাই জাতিটোৰ বৈশিষ্ট্য, অস্তিত্ব, ঐতিহ্য, কলা-কৃষ্টি, সংস্কৃতি ইত্যাদি সমূহ প্ৰতিফলিত কৰে আৰু তাৰ জৰিয়তে জাতিটোৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পৰা যায়৷ এটা জাতিৰ চহকী ভাষাই জাতিটোৰ মনৰ অনুভূতি, ইচ্ছা, জিজ্ঞাসা আদি সমূহ প্ৰকাশ কৰি ইজনে সিজনৰ সৈতে বা বহু ব্যক্তিৰ সৈতে যোগাযোগ কৰি ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰে৷ সেয়ে, ভাষাটো শুৱলা আৰু সাৱলীল কৰি তুলিবলৈ হ’লে শব্দৰ প্ৰকৃত উচ্ছাৰণ, অৰ্থ, ব্যাকৰণৰ সঠিক ব্যৱহাৰ কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব৷ এইক্ষেত্ৰত আমাৰ শ্ৰদ্বাৰ সাহিত্যিক, ভাষাবিদসকলৰ দিহা-পৰামৰ্শ আমি গ্ৰহণ কৰিব লাগিব৷ এটা কথা আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব যে পূৰ্বৰ স্বনামধন্য অসমীয়া ভাষাৰ পণ্ডিতসকলে আমাক দি থৈ যোৱা পুথিসমূহ তথা পাণ্ডিত্যপূৰ্ণ অসমীয়া ভাষা-সাহিত্যৰ অৱদানসমূহ অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদ৷ সেয়েহে, এইবোৰৰ উচিত আৰু যথাযথ ব্যৱহাৰ কৰি অসমীয়া ভাষাৰ এটা সুকীয়া আত্মমৰ্যাদাৰে জাতিটোৰ পৰিচয় বিশ্বৰ আগত আমি দাঙি ধৰিব পাৰো ৷ আমি সকলোৱে জানো যে, এটা ভাষা চহকী হ’লে গোটেই বিশ্বই সেই ভাষাটোক চিনি পায় আৰু সেই ভাষাটোক সকলোৱে শিকিবলৈ আৰু জানিবলৈ আগ্ৰহী হয় লগতে সেই জাতিটোৰ জাতীয় অভিমান, স্বাভিমান, জাতীয় সত্তাৰ উত্তৰণত বিশেষ ভূমিকা পালন কৰে৷ আমি সকলোৱে জানো যে ভাৰতীয় সকলো ভাষাৰ ভিতৰত অসমীয়া ভাষা এটা অতি পুৰণি আৰু সমৃদ্ধ ভাষা৷ এক সমীক্ষা মতে, বিশ্বৰ কেইবা হাজাৰ ভাষাৰ ভিতৰত অসমীয়া ভাষাটো ৬১ সংখ্যক স্থানত আছে আৰু আমি সকলো অসমীয়াই ইয়াৰ বাবে অতিকৈ গৌৰৱবোধ কৰো৷ সঁচাকৈ ভাবিলে মনত খুব আনন্দ অনুভৱ কৰো, যেতিয়া নিজ মাতৃভাষাৰ বাবে আমাৰে কোনোবা সন্তানে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জাতিটোৰ নাম আৰু যশ আৰু সু-সংবাদ মাতৃভূমিলৈ কঢ়িয়াই আনে৷ অসমৰ বহু সন্তানে ইতিমধ্য বিভিন্ন ক্ষেত্ৰত বিশেষকৈ চিনেমা, সাহিত্য, কলা, সংস্কৃতি, সংগীত, খেল ইত্যাদিত সফলতা লাভ কৰি অসমৰ নাম জিলিকাব পাৰিছে৷ অৱশ্য, আমি এটা কথা সকলোৱে জনাটো প্ৰয়োজন যে নিজৰ মাতৃ ভাষাৰ বাহিৰেও আনৰ মাতৃ ভাষাও আয়ত্ত কৰিব পাৰিলে নিজৰ জ্ঞানৰ উত্তৰণ হোৱাৰ লগতে দেশ বিদেশৰ বিভিন্ন মানুহৰ সাহিত্য, সংস্কৃতি, কলা-কৃষ্টি, আচাৰ-ব্যৱহাৰসমূহৰ বিষয়ে সহজতে জানিব পাৰি৷ ভূপেন দাই এটা গীতত গাইছিল, ‘নিজৰ আইক ভাল পাওঁ বুলি ক’লে, আনৰ আইক ঘৃণ কৰাটো নুবুজায়’৷ সেয়েহে আনৰ মাতৃভাষা জনাটো কোনো অপৰাধ নহয়৷ কিন্ত নিজৰ জন্মভূমিত নিজৰ মাতৃভাষাৰ ব্যৱহাৰ প্ৰধান আৰু মুখ্য বুলি আমি সকলো অসমী সন্তানে মানি চলিব লাগিব৷ যিটোনেকি দক্ষিণ ভাৰতৰ লোকসকলে নিজৰ মাতৃভাষাটিক অগাধ ভালপায়৷ উক্ত কথাখিনিৰ পৰা এইটো অনুমান কৰিব পাৰি যে মাতৃভাষাৰ অৱিহনে এটা জাতিৰ স্বকীয় বৈশিষ্ট্য অৰ্থহীন হিচাবে পৰিগণিত হয়৷ যি জাতিয়ে নিজ মাতৃভাষাক সন্মান আৰু আদৰ কৰিব, সেই জাতিৰ জাতীয় অভিমান আৰু জাতীয় সত্তা কেতিয়াও দুৰ্বল নহয়, সেই কথা মই সজোৰে চিঞৰি ক’ব পাৰো৷ কিন্ত তৎসত্ত্বেও সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ সংকট,অসমীয়া জাতিৰ সংকট আদিৰ বিষয়ে সময়ে সময়ে বিভিন্ন খবৰ কাগজত পঢ়িবলৈ পোৱা যায় অথবা বিভিন্ন টি.ভি. চেনেলত চৰ্চিত হোৱা দেখা যায়৷ এনেবোৰ খবৰে নিশ্চয়কৈ সকলোৰে মনত এক ভয় আৰু শংকাৰ সৃষ্টি কৰাটো স্বভাৱিক কথা৷ আমাৰ চিৰচেনেহী মাতৃ ভাষাটোৱে ইয়াৰ বহু আগতেও কেইবাবাৰো সংকটৰ সন্মুখীন হৈছিল৷ কিন্ত অসমীয়া মানুহৰ প্ৰৱল প্ৰতিবাদ আৰু সজাগতাৰ বাবে সেইটো হৈ উঠিব পৰা নাছিল৷ আমি যদি ভালদৰে বিশ্লেষণ কৰি চাওঁ, তেন্তে দেখিম যে আমাৰ মাতৃভাষাটোৰ অস্তিত্ব নাইকিয়া কৰিবলৈ আমাৰ মাতৃভূমিতেই বসবাস কৰা এচাম দুষ্ট চক্ৰই অহৰহ প্ৰচেষ্টা চলাই আছে৷ অতি পৰিতাপৰ কথা আছিল যে, ১৮৩৬ চনৰ পৰা ১৮৭৩ চনৰ ১৯ এপ্ৰিললৈকে অসমত ব্ৰিটিছ চৰকাৰে অসমীয়া ভাষাৰ প্ৰচলন বন্ধ কৰি বাংলা ভাষা প্ৰচলন কৰিছিল৷ শিক্ষানুষ্ঠানসমূহৰ পৰা অসমীয়া ভাষা উৎখাত কৰাৰ লগতে চৰকাৰী কাৰ্যালয়ত বাংলা ভাষা প্ৰচলন কৰিছিল৷ ইয়াৰ বাবে সেইসময়ত অসমীয়াসকলে কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল৷ এইক্ষেত্ৰত, স্বনামধন্য অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকন ডাঙৰীয়াক অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ নায়ক হিচাবে সকলোৱে স্বীকৃতি দিছিল৷ পুনৰ অসমত অসমীয়া ভাষাই চৰকাৰী ভাষাই স্বীকৃতি পাবৰ বাবে ১৯৬০ চনত পুনৰ ভাষা আন্দোলন কৰিব লগা হৈছিল আৰু এই আন্দোলনত দুজনকৈ ছাত্ৰ শ্বহীদ হ’ব লগা হৈছিল৷ ঠিক একেদৰে অসমৰ বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ মাধ্যম কৰাৰ দাবীত ১৯৭২ চনত অসমৰ ছাত্ৰই আন্দোলন কৰিব লগা হৈছিল৷ মুঠতে, নিজ মাতৃভাষাক জীয়াই ৰাখিবলৈ অসমীয়াই অতীতৰ পৰাই যুঁজ কৰি আহিছে আৰু নিজ জাতিৰ জাতীয় সত্তা অটুট ৰাখিবলৈ প্ৰতিজন অসমীয়াই অনাগত দিনত সংগ্ৰাম কৰি যাব লাগিব, সেইটো খাটাং৷ ইয়াতে উল্লেখ কৰিব পাৰি যে যোৱা বছৰ কেন্দ্ৰীয় বিদ্যালয় সমিতিয়ে, অসমৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া ভাষাটোৰ প্ৰচলন বন্ধ কৰিবলৈ ঘোষণা কৰিছিল৷ কিন্ত, সেই সময়ৰ সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ সবল ভূমিকা আৰু অসম সাহিত্য সভাৰ প্ৰতিবাদৰ বাবে, কেন্দ্ৰীয় বিদ্যালয় সমিতিয়ে সেই সিদ্বান্ত বাতিল কৰিবলৈ বাধ্য হৈছিল৷ তথাপিও কিন্তু মাজে মাজে কেন্দ্ৰীয় বিদ্যালয় কতৃৰ্পক্ষই অসমীয়া ভাষাটোক বৰ আদৰেৰে গ্ৰহণ কৰিবনৈ টান পোৱা যেন অনুমান হয়৷ যোৱা, ২০১৯ চনৰ মে’ মাহত এটা বাতৰি প্ৰচাৰ হৈছিল যে ‘চলো পাল্টা’ই নামৰ কলকতাৰ সংগঠন এটাই অসমত পুনৰ বাংলা ভাষা প্ৰচলনৰ বাবে আৰু ২০২১ চনত হ’বলগীয়া লোকপিয়লত বাংলা ভাষাক মাতৃভাষা হিচাবে অন্তৰ্ভুক্ত কৰিবলৈ অসমৰ অসমীয়া-বাংলা সমাজক আহ্বান জনাইছিল৷ কিন্ত ইয়াৰ বিৰুদ্ধেও অসমৰ বিভিন্ন ঠাইত এতিয়া প্ৰতিবাদ চলি আছে আৰু অসমত বসবাস কৰা অসমীয়া-বঙালীসকলেও ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে সেই ‘চলো পাল্টাই’ৰ বিষয়ববীয়াসকলক অসমীয়া-বঙালীৰ মাজত থকা কৌটিকলীয়া সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰীডালত আঘাত নাহানিবলৈ সকীয়াই দিছে৷ উল্লেখযোগ্য যে, ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী অসমত অসমীয়া ভাষা কোৱা ৪৮.৩৮ শতাংশ, যিটো নেকি ২০০১ চনৰ পিয়ল মতে ৪৮.৮০ শতাংশ আছিল৷ ঠিক সেইদৰে, ২০১১ লোকপিয়লৰ মতে, বাংলাভাষা কোৱা লোকৰ সংখ্যা আছিল ২৮.৯১ শতাংশ, যিটো নেকি ২০০১ চনৰ পিয়লমতে বাংলা ভাষা কোৱা লোকৰ সংখ্যা আছিল ২৭.৫৪ শতাংশ৷ অন্যহাতে, ২০১১ পিয়ল মতে হিন্দী ভাষা কোৱা লোকৰ সংখ্যা আছিল ৬.৭৩ শতাংশ আৰু ২০০১ চনৰ পিয়লমতে আছিল মাত্ৰ ৫.৮৯ শতাংশ৷ আচৰিত কথা যে ১৯৯১ চনৰ লোকপিয়ল মতে, অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা আছিল ৫৭.৮১ শতাংশ আৰু বাংলা ভাষা কোৱা লোকৰ সংখ্যা আছিল ২১.৬৭ শতাংশ৷ গতিকে, এই প্ৰতিবেদনৰ পৰা আমি অনুমান কৰিব পাৰো নেকি যে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা দিনক দিনে কমি আহিছে? যদি সচাঁকৈ এইটো হ’বলৈ হয়, তেন্তে আমাৰ আদৰৰ আৰু চেনেহৰ মাতৃ ভাষাটো বিপন্ন হোৱাৰ পথত বুলি আমি ধৰি লাগিব আৰু ইয়াক পুনৰ উদ্ধাৰৰ বাবে আমি সকলোৱে মিলি একত্ৰিত হ’ব লাগিব আৰু যাতে চেষ্টাৰ কোনো ত্ৰুটি ৰৈ নাযায় তাৰবাবে আমি সকলো অসমীয়াই মাৰ বান্ধি থিয় হবৰ সময় ইতিমধ্যে সমাগত ৷ তাৰোপৰি, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬’খন ইতিমধ্য গৃহীত হৈ আইনৰ ৰূপ পাইছে৷ অসমীয়া মানুহৰ আৱেগ, অনুভূতি, প্ৰতিবাদ সকলো মোহাৰি এই আইন কিদৰে বলবৎ কৰিলে, সেইয়া আমি সকলোৱে জ্ঞাত৷ এইয়া যেন অসমীয়া জাতিৰ অস্তিত্ব নিঃশেষ কৰাৰ আখৰাহে চলিছে৷ হিন্দু বাংলাদেশীৰ সংস্থাপনে অকল যে অসমীয়া মানুহকেই ক্ষতি কৰিব এনে নহয়, ইয়াত বসবাস কৰা আন আন সম্প্ৰদায়ৰ লোককো ক্ষতি কৰিব৷ যিহেতু এই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পাছত ২০১৪ চনৰ ডিচেম্বৰ মাহলৈকে লৈকে অহা হিন্দুসকলৰ লগতে আন আন পাঁচটা ধৰ্মীয় সংখ্যালঘু লোকসকলে নাগৰিকত্ব লাভ কৰিব বুলি কোৱা হৈছে৷ ইয়াৰ ফলত অসমৰ ভাষা, সংস্কৃতি, কলা, কৃষ্টি আদিত ব্যাপক প্ৰভাৱ পৰিব৷ তাৰ উপৰিও, অৰ্থনৈতিক ক্ষেত্ৰতো বিশেষভাৱে প্ৰভাৱ পৰিব৷ অসমত আজি শিক্ষিত নিবনুৱাই চাকৰি পাবলৈ হাহাকাৰ কৰিব লগা হৈছে৷ পেটৰ তাড়নাত বহুতে অসমৰ বাহিৰত চাকৰি কৰিবলৈ গৈ নিৰাপত্তাহীনতাত ভূগিছে, অথবা শাৰীৰিকভাৱে অপদস্থ হৈছে৷ এনেবোৰ বাতৰি আমি দৈনন্দিন বিভিন্ন খবৰ কাগজত পঢ়িবলৈ পাইছো আৰু টি.ভি. চেনেলতো দেখিবলৈ পাইছো৷ আমি সকলোৱে অনুমান কৰিব পাৰো যে এই বিধেয়কখন আইনলৈ পৰিণত হোৱাৰ সুবিধা লৈ হিন্দু বাংলাদেশী নাগৰিককে আদি কৰি আন আন উল্লেখিত ধৰ্মীয় লোকসকল অসমত সংস্থাপিত হৈ অসমৰ ভাষা, সাহিত্য, কলা, সংস্কৃতি, কৃষ্টি আদিত যথেষ্ট পৰিবৰ্তন আহিব বুলি আজি অসমীয়া জাতিয়ে শংকা প্ৰকাশ কৰিছে৷ লগতে আমাৰ ৰাজ্যৰ জনগাঁঠনি, ভৌগোলিক পৰিবেশ, অৰ্থনৈতিক, সামাজিক কাঠামো আদি সলনি হৈ অসমৰ পৰিবেশত বিস্তৰ ক্ষতি হ’ব বুলি আমি সকলোৱে উপলব্ধি কৰিছো৷ অসমীয়া জাতিৰ ওপৰত হ’ব পৰা এনে কুপ্ৰভাৱে আমাৰ অসমীয়াৰ অস্তিত্ব যেন এদিন নাইকিয়া হৈ ত্ৰিপুৰাৰ ত্ৰিপুৰী জাতিটোৰ দৰে হ’বগৈ, সেই কথাটো খাটাং৷ গতিকে, আমি সকলো অসমীয়াই ঐক্যবদ্ধ হৈ আমাৰ নিজৰ জাতি-মাটি-ভেটি ৰক্ষা কৰিবৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব৷ এইক্ষেত্ৰত, সদৌ অসম ছাত্ৰ সন্থাই আগ ভাগ লৈ অনান্য জাতীয় দল-সংগঠনসমূহৰ সৈতে মিলিত হৈ এক সাংস্কৃতিক সমন্বয়ৰ জৰিয়তে অসমৰ সকলো সৰু-বৰ খিলঞ্জীয়া জাতি-জনজাতি লোকসকলক একেলগে চামিল কৰি এক বৃহৎ অসমীয়া জাতি গঠনত আগভাগ লৈ এক ‘সাংস্কৃতিক সাঁকো’ নিৰ্মাণৰ জৰিয়তে অসমীয়া জাতিৰ ভাষা, সাহিত্য, কলা, কৃষ্টি, সংস্কৃতি সমূহত এক নতুন প্ৰাণ দিবলৈ প্ৰয়াস কৰা উচিত৷ এইক্ষেত্ৰত ‘অসম সাহিত্য সভাই’ও আগভাগ ল’বলৈ আগবাঢ়ি আহিব লাগে আৰু বৃহত্তৰ অসমীয়া জাতীয় সত্তাৰ উত্তৰণত বাবে বিশেষভাৱে কাৰ্যপন্থা গ্ৰহণ কৰা উচিত বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰো৷ এনে পদক্ষেপে নিশ্চয়কৈ অসমত বসবাস কৰা বিভিন্ন ধৰ্মীয়, ভাষিক, জাতীয় লোকসকলৰ মাজত এক সমন্বয় গঢ়াত সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস৷ অৱশ্য এইখিনি কৰিবলৈ যাওঁতে আমি লক্ষ্য কৰিব লাগিব যে আমাৰ খিলঞ্জীয়া লোকসকলৰ নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্য, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় পৰম্পৰা ইত্যাদি সমূহ যাতে কোনো কাৰণতে বিনষ্ট নহয় আৰু সেইলোকসকলৰ অন্তৰত যাতে আঘাত সানিব নোৱাৰে, তাৰবাবে বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগিব৷ গতিকে নিজৰ মাতৃভাষাটোক জীয়াই ৰাখিবলৈ হ’লে আমি কি কৰা উচিত৷ মই ভাৱো এনে সন্ধিক্ষণত অসমত বসবাস কৰা সকলো জাতি, জনজাতি, ভাৰ্ষিক, ধৰ্মীয় আদি লোকসকলে নিজকে এজন অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি আহি এটা বৰ্ণিল পৰিবেশ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা হাতত লব লাগে৷ লগতে ‘অসম সাহিত্য সভাই’ও এইক্ষেত্ৰত বিশেষভাৱে উদ্যোগ লৈ মাতৃভাষাৰ উত্তৰণত আগভাগ ল’লে, মাতৃভাষাৰ সংকটৰ যি আশংকা কৰা হৈছে, সেইয়া নিশ্চয়কৈ দূৰ হ’ব৷ ইতিমধ্য, সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি শ্ৰদ্ধাৰ ড॰ কুলধৰ শইকীয়া মহোদয়ে বিভিন্ন জিলা ভ্ৰমণ কৰি কিছু পদক্ষেপ লোৱা দেখা গৈছে৷ গতিকে, মই অনুভৱ কৰো যে এনে কৰিলে, নিশ্চয়কৈ অসমীয়া জাতি পুনৰ একত্ৰিত হৈ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, কলা- কৃষ্টিসমূহৰ উত্তৰণ ঘটি জাতিটোৰ নাম-যশ বৃদ্ধি হৈ বিশ্ব দৰবাৰত আমাৰ জাতীয় চেতনা, জাতীয়বোধ, জাতীয় স্বাভিমান বৃদ্ধি কৰাৰ লগতে অসমীয়াৰ নাম বিশ্বৰ মানচিত্ৰত জিলিকাবলৈ সক্ষম হ’ব৷

 

বি:দ্ৰ: নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক ” কলংপাৰ” কাকতে অলপতে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাত এই প্ৰবন্ধটোৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে।

 ঠিকনাঃ বৰবিল নং-২ ডিগবৈ, তিনিচুকীয়া ফোন নং: ৯৪৩৫০৩৫১৭৭ 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More