জানুৱাৰীত উৎপাদন হ’ব ৫০০ মেগাৱাট বিদ্যুৎ শক্তিঃ সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

0 38

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৯ আগষ্টঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ গেৰুকামুখত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ পৰা বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে ২০২৩ বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায়বোৰ কামেই সম্পূৰ্ণ হৈ উঠিছে ৷ ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ কাম এতিয়া প্ৰায় ১০০ মিটাৰ সম্পূৰ্ণ হৈ উঠাৰ লগতে পাৱাৰ হাউচৰ কাম সম্পূৰ্ণ হৈ উঠিছে৷ মূল বান্ধৰ কাম ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী থকা প্ৰায় ১০ শতাংশ কাম এন এইচ পি চিয়ে অহা চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ইতিমধ্যে প্ৰকল্পটোৰ মুঠ ৪টা ইউনিটৰে দুটা ইউনিট সম্পূৰ্ণ হৈ উঠিছে৷ অসমৰ ধেমাজি জিলাৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মান এই প্ৰকল্পটোৰ সম্পূৰ্ণ হৈ উঠিলেও অসমে ইয়াৰ পৰা অতি ক্ষুদ্ৰ অংশহে বিদ্যুৎ শক্তি লাভ কৰাৰ বিপৰীতে গৰিষ্ঠসংখ্যক বিদ্যুৎ শক্তি লাভ কৰিব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে ৷ পৰিতাপৰ কথা যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে লখিমপুৰ, ধেমাজি আৰু মাজুলীত বৃহৎ ক্ষতি কৰাৰ আশংকাই অধিক বুলি সকলোৱে ব্যক্ত কৰিছে৷ তেনেস্থলত অসমে মাত্ৰ কেই ইউনিটমানহে প্ৰকল্পটোৰ পৰা বিদ্যুৎ শক্তি লাভ কৰা কাৰ্য অতি দুৰ্ভাগ্যজনক কাৰ্য হিচাপে বিবেচিত হৈছে৷ লক্ষণীয় কথা যে জলবোমা সদৃশ এই বৃহৎ নদীবান্ধ প্ৰকল্পটো বন্ধ কৰাৰ বাবে ৰাজ্যৰ লগতে লখিমপুৰ, ধেমাজি, মাজুলীৰ বিভিন্ন দল-সংগঠনে এটা সময়ত তীব্ৰ প্ৰতিবাদ জনাইছিল৷ এই দল সংগঠনৰ এনে প্ৰতিবাদক মষিমূৰ কৰি এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰি আহিছে৷ পূৰ্বৰ প্ৰতিবাদী দল-সংগঠনসমূহৰ প্ৰতিবাদী ধাৰা এতিয়া একপ্ৰকাৰে নিমাত হৈ পৰাৰ লগতে তেওঁলোকৰ পূৰ্বৰ প্ৰতিবাদ অসাৰ প্ৰতিপন্ন হৈ পৰিল৷ উল্লেখ্য যে গেৰুকামুখৰ এই বৃহৎ প্ৰকল্পটোৱে সোৱণশিৰি নদীৰ জৈৱ-বৈচিত্ৰ্যৰ লগতে ইয়াৰ পাৰত বসবাস কৰা লোকসকলৰ জীৱন-জীৱিকাৰ প্ৰতিও একপ্ৰকাৰে ভাবুকি কঢ়িয়াই আনিছে৷ যুগ যুগ ধৰি নদীখনকে সম্বল হিচাপে লৈ জীৱন-জীৱিকা পাৰ কৰি অহা এই লোকসকলৰ জীৱনলৈ একপ্ৰকাৰে কলীয়া ডাৱৰ নামি আহিছে৷ গেৰুকামুখৰ দৰে অতি থুনুকা শিলৰ পাহাৰত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ নিৰ্মাণৰ সময়ত ইতিমধ্যে কেবাজনো শ্ৰমিকে প্ৰাণ হেৰুৱাব লগা হৈছে৷ থুনুকা শিলৰ পাহাৰত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৱে যে এটা সময়ত নামনিত বিভিষীকাৰ সৃষ্টি নকৰিব তাক কোনেও নুই কৰিব নোৱাৰে৷ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ লগতে বিশেষজ্ঞ সমিতিয়ে আগবঢ়োৱা পৰামৰ্শক আওকাণ কৰি এন এইচ পি চিয়ে গেৰুকামুখত বৃহৎ নদীবান্ধ প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলা কাৰ্যই একপ্ৰকাৰে বিশেষ তাৎপৰ্য বহন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More