জাপানীজ এনকেফেলাইটিছ : এপ্ৰিলৰ পৰা অসমত ২৩ জনৰ মৃত্যু

0 29
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ জাপানীজ এনকেফেলাইটিছে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অসমত ২৩ জন লোকৰ প্ৰাণ কাঢ়িছে বুলি জানিব পৰা গৈছে। ভাইৰাছজনিত মগজুৰ সংক্ৰমণ হিচাপে পৰিগণিত হোৱা মহজনিত ৰোগ জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে ৰাজ্যখনত হঠাৎ জটিল ৰূপ ধৰিছে। অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি, মানুহৰ লগতে জীৱ-জন্তু উভয়কে সংক্ৰমিত কৰাৰ প্ৰৱণতা থকা ফ্লেভি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ৰাজ্যত এপ্ৰিল মাহৰ পৰা ২৩ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত এই সংক্ৰমণৰ ফলত বানাক্ৰান্ত মৰিগাঁও আৰু নলবাৰী জিলাত দুজনকৈ লোকৰ মৃত্যু ঘটিছে, যাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে। আনহাতে ধৰা পৰিছে বহুকেইজন আক্ৰান্ত লোক। এই ৰোগীসকলৰ ভিতৰত আছে নগাঁৱৰ চাৰিজন, নলবাৰী আৰু উদালগুৰিৰ তিনিজনকৈ, শিৱসাগৰৰ দুজন আৰু বৰপেটা, কামৰূপ (মহানগৰ), কাৰ্বি আংলং পূব, আৰু হোজাই জিলাত এজনকৈ লোক। এই পৰ্যন্ত সমগ্ৰ ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে ১৬০ জন লোক। ৰাজ্যিক স্বাস্থ্য বিভাগে সকলো জিলা প্ৰশাসনক জিলা ৰেপিড ৰেচপন্স দল গঠন কৰাৰ লগতে জাপানীজ এনকেফেলাইটিছ আৰু একুট এনকেফেলাইটিছ চিনড্ৰমৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More