জামুগুৰিত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে অনুশীলনত ব্যস্ত মহিলা

0 18

জামুগুৰিহাট, ১৩ জুনঃ  ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল । ৩০ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অংশগ্ৰহণ কৰিছে যোগাসনৰ প্ৰশিক্ষণত । ধলাইবিল প্ৰশিক্ষক লিপিকা বৰঠাকুৰে কয় যে – “যোগাসনৰ জৰিয়তে নিজৰ শৰীৰৰ ৰোগ নিৰাময় কৰাৰ লগতে সুস্থ মানসিকতাৰে প্ৰতিটো দিশত আগুৱাই যাব পাৰি।” প্ৰশিক্ষক লিপিকাৰ নেতৃত্বত অৰ্ধশতাধিক মহিলাই এই যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More