জামুগুৰিহাটৰ বৰপুখুৰীপাৰ মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আধাৰশিলা বিধায়ক পদ্ম হাজৰিকাৰ

0 19

জামুগুৰিহাট: ১ ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু এখন শিশু উদ্যান নিৰ্মাণৰ উদ্দেশ্যেৰে আজি আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই শিশু উদ্যান আৰু মুকলি বিহু ক্ষেত্ৰৰ উন্নয়নৰ আধাৰশিলা কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- অসমৰ মুকলি বিহুৰ বাটকটীয়া এই বৰপুখুৰী পাৰ মুকলি বিহুৰ ক্ষেত্ৰ উন্নয়নৰ বাবে তথা ইয়াৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে আমি কৰিবলগীয়া সকলোখিনি ৰাইজৰ সহযোগত সম্পূৰ্ণ কৰি তোলাৰ চেষ্টা চলাম ৷ বহু ঐতিহ্য জৰিত থকা এই বৰপুখুৰী পাৰৰ মুকলি বিহু অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰৰ মহান ব্যক্তি সকলে উপভোগ কৰি প্ৰশংসাও কৰি গৈছে ৷ বৰপুখুৰী পাৰৰ মুকলি বিহুক আমি ন-ৰূপত প্ৰাণ দি ইয়াৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিব লাগে বুলি মন্তৱ্য কৰে বিধায়ক হাজৰিকাই ৷ আধাৰশিলা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত সংগ দিয়ে চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মা, বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতীয়া, নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, পূৱ বৰভগীয়া গাওঁ পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্যা, প্ৰমুক্ষে কৰি নদুৱাৰ মণ্ডলৰ বিজেপিৰ বিষয়ববীয়া সদস্য সকলে অংশ গ্ৰহণ কৰে ৷ বৰপুখুৰীপাৰ মুকলি বিহু কমিটিৰ বিষয়ববীয়া প্ৰমুখ্য়ে সদস্য সকলে ইয়াৰ পূৰ্বে গায়ন-বায়ন জোৰাৰে বিধায়ক হাজৰিকাক মুকলি বিহু পথাৰলৈ আদৰি অনাৰ লগতে বিভিন্ন জাতি -জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে আদৰণি জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More