জালিয়াতিৰে ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ হ’ল উত্তৰ প্ৰদেশৰ যুৱতী সহ তিনি

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জানুৱাৰী: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা শৈক্ষিক প্ৰমান পত্ৰত ন্যূনতম কাট অফ নম্বৰ ৩৫ৰ পৰা ৪০ সুবিধা জালিয়াতি কৰি ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষা অবতীৰ্ণ হবলৈ আহি আজি তেজপুৰত এগৰাকী উত্তৰ প্ৰদেশৰ যুৱতীসহ আটক হ’ল তিনিজন পৰীক্ষাৰ্থী। উল্লেখ্যযে যে যোৱা ১৭জানুৱাৰীত তেজপুৰৰ টাটা কনচালটেনচীৰ অধীনৰ আই অ’ন ডিজিটেল জ’নত আধাৰ কাৰ্ডৰ জালিয়াতি কৰি উত্তৰ প্ৰদেশৰ তিনিজন যুৱকক একেটা পৰীক্ষা কেন্দ্ৰত কৰায়ত্ত কৰি তিনিওজনক ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৬৮/৩৪ধাৰাত তেজপুৰ সদৰ থানাত পঞ্জীভূক্ত ৫৩/২৩নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰি ন্যায়ায়িক জিম্মালৈ প্ৰেৰন কৰাৰ পিছত আজি একেটা কেন্দ্ৰতে পুনৰ আধাৰ কাৰ্ডৰ জালিয়াতিৰ অভিযোগত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ এগৰাকী যুৱতীসহ তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আই অন ডিজিটেল জ’নৰ পৰীক্ষা কেন্দ্ৰত স্ক্ৰিনিংৰ সময়ত আজি পুনৰ আধাৰ কাৰ্ডৰ জালিয়াতি প্ৰমানিত হোৱা পৰীক্ষাৰ্থী কেইজনক মধ্য প্ৰদেশৰ সিভম তোমৰ , উত্তৰ প্ৰদেশৰ কুমাৰী ৰঞ্জন বাৰ্মা আৰু সঞ্জীৱ পাল বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্যযে যোৱা দহ জানুৱাৰীৰ পৰা ষ্টাফ চিলেকচন কমিচনে পৰিচালনা কৰা কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানৰ পদৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কাট অফ মাৰ্ক ৩০পৰা ৪০হোৱাৰ বিপৰীতে ভাৰতৰ আন ৰাজ্যৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত ৬০পৰা ৭৫নিৰ্দ্ধাৰিত কৰাত বৰ্হি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকলে আধাৰ কাৰ্ডত জালিয়াতিৰে অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সুবিধা গ্ৰহন কৰাৰ বাবে আধাৰ কাৰ্ড জালিয়াতি কৰাৰ পৰিপ্ৰেক্ষিতত ৰঙাঘৰৰ আলহী হ’ল বৰ্হি ৰাজ্যৰ পৰীক্ষাৰ্থী সকল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More