জি.এ.ই.এফ.ৰ উদ্যোগত ‘অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান’ ৰ্শীষক ৱেবিনাৰ

0 45

গুৱাহাটী, ৩১ অক্টোবৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, http://www.gaefnortheast.org )ৰ উদ্যোগত ৩০অক্টোবৰ “অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান(Youth Entrepreneurship in Assam – Successes and Challenges)” ৰ্শীষক এখন ৱেবিনাৰ অনুষ্ঠিত হয় । জি.এ.ই.এফ. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ সম্পাদক অঞ্জনা বৰদলৈয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি আছিল- নৰ্থ ইষ্ট এগ্ৰ’প্ৰডাক্টচ্ এণ্ড চাৰ্ভিচেজ্ (বাহুবলী কণী আৰু সাঁজ)ৰ স্বত্বাধিকাৰী আকাশ জ্যোতি গগৈ আৰু বেচপক: ইণ্টেৰিয়ৰ ডিজাইনাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক কৰিশ্মা কাকতি।GAEF webinar on Youth Entrepreneurship In Assam – Successes and Challenges 30.10.20229pm এই দুইগৰাকী যুৱ আৰু সফল উদ্যোগীয়ে নিজৰ লাভজনক কেৰিয়াৰ এৰি অসমলৈ ঘূৰি আহি নিজাকৈ ব্যৱসায় আৰম্ভ কৰে। আকাশ জ্যোতি গগৈ আৰু কৰিশ্মা কাকতিয়ে যুৱ উদ্যোগীকৰণৰ ওপৰত বিশদ ভাৱে আলোচনা আগবঢ়ায়। তেওঁলোকে নিজৰ যাত্ৰাৰ উদাহৰণ দি ষ্টাৰ্ট-আপে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা কয়, যেনে -বিনিয়োগ বিচাৰি উলিওৱা, ব্ৰেণ্ডিং, মেণ্টৰশ্বিপ আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমীয়া সমাজত মানসিকতাৰ প্ৰত্যাহ্বান য’ত সাধাৰণ মতামত হ’ল চৰকাৰী চাকৰিটোৱেই আটাইতকৈ নিৰাপদ বিকল্প কেৰিয়াৰ হিচাপে গ্রহণ কৰা । তেওঁলোকে মেণ্টৰশ্বিপৰ ভূমিকা আৰু প্ৰয়োজনীয়তাৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে । এই ৱেবিনাৰখনত তিনিখন মহাদেশৰ পৰা অংশগ্ৰহণকাৰী আছিল আৰু ফেচবুকৰ যোগেদিও লাইভ প্ৰচাৰ কৰা হৈছিল। উল্লেখযোগ্য যে , জি.এ.ই.এফ. হৈছে এনে এখন মঞ্চ য’ত ভৱিষ্যতে উদ্যোগী হ’বৰ বাবে পৰিকল্পনা কৰা সকলক পৰামৰ্শ, নিৰ্দেশনা আৰু সংযোগ কৰাৰ ব্যৱস্থা গ্রহণ কৰে। ৱেবিনাৰখনৰ ৰেকৰ্ডিং সংস্কৰণ জি.এ.ই.এফ.ৰ ফেচবুক পেজত (https://www.facebook.com/100000495503180/videos/6262670500415667/) উপলব্ধ । পৰৱৰ্তী মাহেকীয়া ৱেবিনাৰখন ২৭ নৱেম্বৰ, ২০২২ তাৰিখে সন্ধিয়া ৯বজাত অনুষ্ঠিত হ’ব বুলি উদোক্তাসকলে জানিবলৈ দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More