জীয়াভৰলীৰ খহনীয়াত জাহ যোৱাৰ আশংকাত ভূগিছে ৰঙাপৰাৰ তিনিখন গাঁৱৰ ৰাইজে

0 41

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ তিনিখন গাঁও জীয়াভৰলীৰ বিধ্বংসী খহনীয়াত ভৱিষ্যতে জাহ যোৱাৰ আশংকাত ভূগিছে ইয়াৰ বাসিন্দাসকলে৷উল্লেখযোগ্য যে, তেজপুৰৰ দোলাবাৰী নপাম হৈ চাৰিশৰীয়া পথ নিৰ্মাণৰ লগতে চকীঘাটত জীয়াভৰলীৰ ওপৰৰে এখন দলঙৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত চলি আছে৷প্ৰণিধানযোগ্য যে,ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অধিগ্ৰহণ কৰা ভূমি আৰু ঘৰৰ বাবে আদায় দিয়া বৃহৎ পৰিমাণৰ ধনৰ এটা বুজন অংশ স্হানীয় দালাল চক্ৰৰ লগতে চৰকাৰী পক্ষৰ সহযোগত নিশাৰ ভিতৰতে ঘৰ সাজি বহুসংখ্যক লোকে আত্মসাত কৰে৷এই বিষয়ে সংবাদমাধ্যমত বিস্তাৰিত ভাবে প্ৰকাশ পালেও ৰহস্যজনক ভাবে কোটি কোটি টকাৰ এই কেলে’কাৰীৰ তদন্ত নহ’ল৷বৰং এনে ঘটনাৰ তদন্ত হ’লে পথ নিৰ্মাণৰ ক্ষেত্ৰত য’তি পৰিব বুলি বিষয়টো গাপ দি থোৱা হ’ল আৰু ইয়াৰে জৰিত দালাল তথা জৰীপ কৰা মণ্ডল আৰু বিষয়াই সুৰক্ষা লাভ কৰিলে৷উল্লেখযোগ্য যে,এনেদৰে একোটা ঘৰ নতুনকৈ সাজি একোজনে আনকি একোটা ঘৰৰ বিপৰীতে ২৬-৬০লাখ টকা সৰকাই নিলে৷উল্লেখযোগ্য যে,ইয়াৰ বিপৰীতে গাইডবান্ধটো নৈৰ পাৰৰ গাঁও সমূহক সুৰক্ষিত কৰি নিৰ্মাণৰ বাবে ৰাজহুৱা দাবী উতথাপন হৈছিল য’দিও সেয়াও নহ’ল৷পৰিণতিত কোৰকানি, বিহিয়া গাঁও আৰু চামধৰা নামৰ তিনিখন গাঁও গাইডবান্ধ আৰু জীয়াভৰলী নৈৰ মাজত সোমাই পৰিল৷ইতিমধ্যে এই তিনিখন গাঁৱৰ বৃহৎ অংশ নৈৰ খহনীয়াত জাহ গৈছে৷প্ৰায় এককিলোমিটাৰ আগবাঢ়ি অহা নৈখনত ইতিমধ্যেই অঞ্চলটোৰ শ শ বিঘা মাটি জাহ গৈছে৷প্ৰণিধানযোগ্য যে,একোটা পৰিয়ালৰ ১৯৩৩-৩৪চনৰে ম্যাদীপট্টাৰ ৪০-৫০বিঘা কৃষি ভূমি জাহ যোৱা তথা এনে সদস্ৰাধিক পৰিয়াল এতিয়া ভূমিহীন তথা আন অঞ্চললৈ উঠি যাবলৈ বাধ্য হৈছে৷প্ৰণিধানযোগ্য যে,২০০৮লৈকে এই সকল লোকে নৈত জাহ যোৱা ম্যাদী মাটিৰ বিপৰীতে ৰাজহ আদায় দি আহিছিল য’দিও ইয়াৰ পাছত ৰাজহ গ্ৰহণ কৰা হোৱা নাই৷কিন্তু নৈৰ খহনীয়াত জাহযোৱা এই ভূমি নৈৰ স্বাভাৱিক চৰিত্ৰ অনুসৰি পুণৰ চৰ পৰি মুকলি হ’লে ভূমিৰ গৰাকীৰ স্বত্ব নাথাকিব বুলি আশংকা ব্যক্ত কৰে এইসকল খহনীয়াক্ৰান্ত লোকে৷ইপিনে বৰ্তমান বিহিয়াগাঁও,চামধৰা আৰু কোৰকানিত জীয়াভৰলীৰ খহনীয়াই বিপৰ্যয়ৰ সৃষ্টি কৰাৰ লগতে ইয়াত নিৰ্মীত তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষা শৈল্যবান্ধটোৰ ৯০শতাংশ খহাই নিয়াৰ উপৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা জিঅ’বেগ খহনীয়া প্ৰতিৰোধী আঁচনিখন সম্পূৰ্ণ ৰূপে জাহ গৈছে৷এনে অৱস্থাত নিৰ্মীয়মান গাইডবান্ধৰ সন্মুখত আৰু জীয়াভৰলীৰ খহনীয়াৰ মাজত এই তিনিওখন গাঁও পুণৰ বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ আশংকা বৃদ্ধি পাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More