জীৱন বীমা নিগমৰ হাতত বৃহৎ পৰিমাণৰ দাবী নকৰা ধনৰ ভাণ্ডাৰ

0 56
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে’ :
ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন বীমা নিগমত এতিয়ালৈকে দাবী নকৰাকৈ থকা ধন দেশখনৰ কেইটামান কেন্দ্ৰীয় মন্ত্ৰালয়ৰ বাৰ্ষিক বাজেটতকৈ অধিক নতুবা এই ধনেৰে ভাৰতে মহাকাশলৈ দুটাকৈ গগনায়ন অভিযান পৰিচালনা কৰিব পাৰিব। আচৰিত যেন লাগিলেও, কিন্তু ই সত্য ! ২০২১ চনৰ ৩০ ছেপ্টেম্বৰলৈকে জীৱন বীমা নিগমৰ হাতত দাবী নকৰা এনে ধনৰ পৰিমাণ আছিল ২১,৫৩৯.৫ কোটি টকা। উল্লেখযোগ্য যে, কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰালয়ৰ বাৰ্ষিক বাজেটৰ পৰিমাণ ১০,৬৬৭ কোটি, বিদেশ মন্ত্ৰালয়ৰ ১৭,২৫০ কোটি, ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ১৪,৩০০ কোটি টকা। আৰু এই পৰিমাণৰ ধনেৰে ভাৰতৰ মানৱ মহাকাশ অভিযান ‘গগনায়ন’ দুবাৰকৈ পৰিচালনা কৰিব পৰা যাব।
বিত্তীয় মন্ত্ৰালয়ৰ মতে এই পৰিমাণ যোৱা দহ বছৰ ধৰি দাবী নকৰাকৈ পৰি থকা ধন অৰ্থাৎ ২০১২ চন বা তাৰ পাছত আৰম্ভ কৰা বীমা পলিছী সমূহৰ ধন। কেন্দ্ৰীয় চৰকাৰ আৰু বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন প্ৰাধিকাৰীৰ নিয়মাৱলীৰ মতে দহ বছৰলৈকে কোনো ধন দাবী নকৰিলে প্ৰতি বছৰে এই ধন দেশৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পুঁজিলৈ হস্তান্তৰ কৰা হয়। বিত্ত মন্ত্ৰালয়ৰ তথ্য মতে যোৱা দহ বছৰত ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰলৈকে দাবী নকৰাকৈ জীৱন বীমা নিগমত জমা থকা ১,২৫৫ কোটি টকা ইতিমধ্যে জ্যেষ্ঠ নাগৰিক কল্যাণ পুঁজিলৈ হস্তান্তৰ কৰা হৈছে। বীমাৰ টকা এনেদৰে হস্তান্তৰ কৰিলেও পলিছীধাৰক বা তেওঁলোকৰ মনোনীত ব্যক্তিয়ে ২৫ বছৰলৈকে প্ৰাপ্য ধন দাবী কৰিব পাৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More