জোনমণি ৰাভাৰ মৃত্যু ঘটনাঃ নাওবৈচাত চি আই ডিৰ অভিযান

জাল নোট-নকল সোণৰ বেপাৰী বঙালমৰাৰ আবু চুহিদক বিজেপিৰ পৰা অব্যাহতি

0 112

লখিমপুৰত বিজেপিৰ বহু নেতাৰ লগত আবু চুহিদৰ আছিল ঘনিষ্ঠতা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মে’ঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সম্প্ৰতি তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে চি আই ডিয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷ কালি নিশাৰে পৰা লখিমপুৰত থিতাপি লোৱা চি আই ডিৰ তিনিজনীয় দলে আজি পুৱাই জিলাখনৰ নাওবৈচাৰ বৰচলাত অভিযান আৰম্ভ কৰে৷ দলটিয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত আজগৰ আলিৰ বাসগৃহত অভিযান চলাই আজগৰ আলিৰ মাতৃ আমিনা খাতুনক জেৰা কৰে যদিও মাতৃক জেৰা কৰাৰ সময়ত আজগৰ আলিয়ে আত্মগোপন কৰে৷ ইফালে চি আই ডিয়ে অভিযান চলাই আঁতৰি যোৱাৰ পিছতে আজগৰ আলি ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে৷ আজগৰ আলিৰ মতে ৬ মে’ৰ দিনা নিশা ২.৩০ বজাত জোনমণি ৰাভাৰ দলটিয়ে তেওঁৰ ঘৰলৈ আহি নিজকে নাওবৈচা থানাৰ আৰক্ষী বুলি দুৱাৰ খুলিবলৈ কৈ ঘৰৰ তালাচী চলায়৷ তেওঁ নাওবৈচা আৰক্ষী বুলি শুনি দৰ্জা খুলি দিয়াৰ পিছতে তেওঁৰ ঘৰত তালাচী চলায় আৰু নগাঁৱত আজগৰ আলিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ থকাৰ অভিযোগৰ ভিত্তিত জোনমণি ৰাভাৰ দলে তেওঁৰ গৃহতে ৮০ হাজাৰ টকা আৰু কিছু সংখ্যক নথি পত্ৰ জব্দ কৰি পাছত জোনমণি ৰাভাই তেওঁক হাতত হেণ্ডকাপ লগাই প্ৰথমে বঙালমৰা আৰক্ষী চকীলৈ বুলি লৈ যায় আৰু পৰৱৰ্তী সময়ত নগাঁও অভিমুখে ৰাওনা হয়৷ আৰক্ষীৰ ৬-৭ জনীয়া দলৰ লগতে কেইজনমান অসামৰিক পোছাকত অহা দলটিয়ে আমাৰ দাদাৰ ব্ৰীজা গাড়ীখনো সেইদিনা লৈ গৈছিল৷ জোনমণি ৰাভাৰ দলটিয়ে তেওঁক গহপুৰ বাইপাছলৈ লৈ গৈ তাতে আৰু ৬ লাখ টকা তেঁওৰ পৰা লয়৷ এই টকা লেনদেনৰ ঘটনা ৰিয়াজুল হক নামৰ লোকজনৰ গাড়ীত সংঘটিত হৈছিল আৰু টকা লাভ কৰাৰ পিছতে গাড়ীসহ মুকলি কৰি দিয়ে৷ আজগৰ আলিয়ে সংবাদ মাধ্যমৰ আগত কয় এই ঘটনাত আমি আৰক্ষীৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিম আৰু কোনো ধৰণৰ মিছা আশ্ৰয় নলওঁ৷ ইপিনে আজগৰ আলিৰ মাতৃ আমিনা খাতুনেও সংবাদ মাধ্যমৰ সন্মুখত একেই তথ্য সদৰি কৰে৷ লখিমপুৰত চি আই ডিৰ দলে চলোৱা অভিযানত নকল সোণ, জালনোটৰ চক্ৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ লয় সেয়া সময়ত পৰিস্ফুট হ’ব৷ লখিমপুৰবাসীয়ে লখিমপুৰত চলি থকা জাল নোট নকল সোণৰ ব্যৱসায় উৎখাতৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে৷
নকল সোণৰ বেহাত জড়িত জিলা বিজেপিৰ সংখ্যালঘু কোষৰ কোষাধ্যক্ষক অব্যাহতি ঃ WhatsApp Image 2023 05 18 at 7.41.42 PMএছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আঁৰত লখিমপুৰৰ বঙালমৰা এলেকাৰ নকল সোণ, জাল নোটৰ ব্যৱসায় চক্ৰটোত জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ সময়তে ঘটনাটোক লৈ ন ন দিশ উন্মোচন হৈছে৷ ইয়াৰে এক জ্বলন্ত উদাহৰণ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ লখিমপুৰ জিলা সমিতিৰ কোষাধ্যক্ষ আবু চুহিদক বিজেপিয়ে উক্ত পদৰ পৰা অব্যাহতি দিছে৷ বিশেষকৈ নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত লখিমপুৰ জিলা কাৰাগাৰত কাৰাবাস খটা আবু চুহিদক ৭ মাহৰ পূৰ্বে বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা কোষাধ্যক্ষৰ পদ দিয়া হৈছিল৷ বিজেপিৰ লগত জড়িত নথকা এগৰাকী অপৰাধী হিচাপে পৰিচিত লোকজনক বিজেপিত কিয় অন্তৰ্ভুক্ত কৰা হ’ল তাক লৈ দলৰ মাজতে তীব্ৰ অসন্তুষ্টিয়ে বিৰাজ কৰাৰ সময়তে কালি আবু চুহিদক উক্ত পদৰ পৰা অপসাৰিত কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ যে যোৱা ২৬ এপ্ৰিলত এক সংবাদ মেলত হাচিনা বেগম নামৰ মহিলাগৰাকীয়ে তথ্য সহকাৰে আবু চুহিদ নকল সোণ, জাল নোট ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো জিলা বিজেপি অথবা বিজেপি সংখ্যালঘু মৰ্চাই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাছিল৷ কিন্তু শেহতীয়া ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে বাধ্য হৈ আবু চুহিদক উক্ত পদৰ পৰা অব্যাহতি দিয়ে৷ আনহাতে আবু চুহিদক লৈ বিতৰ্ক চলি থকাৰ সময়তো বিজেপিৰ সাংসদ প্ৰদান বৰুৱা, জিলা সভাপতি ফণীধৰ বৰুৱা, নেতা-পালিনেতাৰ সৈতে হলি গলি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More