জৰুৰী অৱস্থাৰ বাবে মুকলি ‘মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি’

0 16

নতুনকৈ ‘মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি’ প্ৰৱৰ্তন। আঁচনিখনৰ ৰূপায়ণৰ বাবে নীতি-নিদের্শনা জাৰি। জৰুৰী অৱস্থাত ক্ষিপ্ৰতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱাৰ লক্ষ্য। আঁচনিখনৰ অধীনত থকা পুঁজি নিয়মীয়া বাজেটে সামৰি নোলোৱা প্ৰাকৃতিক দুর্যোগ, সংঘর্ষ তথা দুর্ঘটনাগ্রস্ত লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ’ব।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ মে’: অসম চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি’ নামেৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সচিবালয়ে এই আঁচনিখন ৰূপায়ণৰ বাবে নীতি-নিদের্শনা জাৰি কৰিছে। সেই অনুসৰি আঁচনিখনৰ বাবে বছৰেকীয়া ৰাজ্যিক বাজেটৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ বাবে নিৰ্ধাৰিত মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰী অৱস্থাৰ অধীনত থকা পুঁজি ব্যৱহাৰ কৰা হ’ব। আঁচনিখনৰ মূল উদ্দেশ্য হ’ল জৰুৰী অৱস্থাত ক্ষিপ্ৰতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱা। এই উদ্দেশ্যৰে আঁচনিখনৰ বাবে নিৰ্ধাৰিত পুঁজি বিত্ত বিভাগৰ অনুমতি সাপেক্ষে ৰাজহুৱা খণ্ডৰ বেংকত চেভিংচ একাউণ্টত ৰখা হ’ব। এই একাউণ্ট অসমৰ মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিব আৰু ইয়াৰ পৰা লাভ কৰা সুত বিত্তীয় বৰ্ষটোৰ শেষত চৰকাৰী ৰাজকোষত প্ৰদান কৰা হ’ব। আঁচনিখনৰ অধীনত থকা পুঁজি নিয়মীয়া বাজেটে সামৰি নোলোৱা প্ৰাকৃতিক দুর্যোগ, সংঘর্ষ তথা দুর্ঘটনাগ্রস্ত লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ’ব। তদুপৰি জনসাধাৰণৰ বাবে অসাধাৰণৰ সেৱা আগবঢ়োৱা লোক, ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ক্ৰীড়া, সংস্কৃতি তথা শৈক্ষিক জগতৰ সৈতে জড়িত লোকলৈও এই পুঁজিৰ পৰা আর্থিক সাহায্য আগবঢ়োৱা হ’ব। লগতে নিয়মীয়া চৰকাৰী আঁচনিয়ে সামৰি নোলোৱা ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠানলৈ কর্মশালা, আলোচনা চক্র তথা উৎসৱ আদি অনুষ্ঠিত কৰিবলৈও সাহায্য আগবঢ়োৱা হ’ব। তদুপৰি সামাজিক, সাংস্কৃতিক তথা শৈক্ষিক অনুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও আঁচনিখনৰ জৰিয়তে পুঁজি উপলব্ধ কৰা হ’ব। উল্লেখ যে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনিখন মুখ্যমন্ত্ৰীৰ সচিবালয়ে ৰূপায়ণ কৰিব আৰু ইয়াৰ বাবে পুঁজি মুখ্যমন্ত্ৰীৰ সন্মতিমৰ্মে অনুমোদন জনোৱা হ’ব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More