টাইম মেগাজিনৰ ২০২২ বৰ্ষৰ Person of the year খিতাপ ভ্লাডিমিৰ জেলেনস্কি আৰু Spirit of Ukraineলৈ

টাইম আলোচনীৰ সম্পাদক এডৱাৰ্ড ফেলচেন্থালে লিখিছে যে Spirit of Ukraine বুলিলে বিশ্বজুৰি ইউক্ৰেইনীয় লোকক বুজোৱা হৈছে, য’ত বহুতেই ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে 'পৰ্দাৰ আঁৰত থাকি যুঁজিছে'।

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰ : ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত দেশখনে দেখুওৱা প্ৰতিৰোধৰ বাবে বিখ্যাত টাইম আলোচনীয়ে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ লগতে Spirit of Ukraineক ২০২২ চনৰ Person of the Year হিচাপে নিৰ্বাচিত কৰিছে। জেলেনস্কিয়ে ২০২২ চনৰ এই খিতাপ Spirit of Ukraineৰ সৈতে ভাগ কৰিছে।

টাইম আলোচনীৰ সম্পাদক এডৱাৰ্ড ফেলচেন্থালে লিখিছে যে Spirit of Ukraine বুলিলে বিশ্বজুৰি ইউক্ৰেইনীয় লোকক বুজোৱা হৈছে, য’ত বহুতেই ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ‘পৰ্দাৰ আঁৰত থাকি যুঁজিছে’। আলোচনীখনে কয় যে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনবাসীক অনুপ্ৰাণিত কৰিছে আৰু ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰাৰ সাহসৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে।

127918715 timemagazinepersonofyear2022.png

: অন্যান্য বিভাগৰ বিজয়ীসকল :

Time Heroes of the Year

ইৰাণৰ মহিলাসকলক বছৰৰ টাইম হিৰো হিচাপে নিৰ্বাচিত কৰা হয়। ২২ বছৰীয়া মাহছা আমিনিৰ জিম্মাত মৃত্যুৰ বিৰুদ্ধে তিনিমাহতকৈ অধিক সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা ইৰাণী মহিলাসকল নিঃসন্দেহে এই খিতাপৰ বাবে উপযুক্ত। ৰাজহুৱাভাৱে হিজাব পৰিধান নকৰাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পিছত ইৰাণৰ মৰেল পুলিচৰ জিম্মাত থকাৰ সময়তে ২২ বছৰীয়া মাহছা আমিনিৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৱে ৰাজহুৱাভাৱে হিজাব পৰিধান কৰাৰ বিৰুদ্ধে আৰু মৰেল পুলিচিঙৰ বিৰুদ্ধে ইৰাণী মহিলাসকলে গণ প্ৰতিবাদৰ সূচনা কৰিছে।

FjYG7rKWAAAuJaq 2

Time’s Entertainer of the year

দক্ষিণ কোৰিয়াৰ কে-পপ বেণ্ড (K-pop band) ব্লেকপিংক (Blackpink) বছৰৰ শ্ৰেষ্ঠ এণ্টাৰটেইনাৰ হিচাপে ঘোষণা কৰিছে।

1670504363254 01

Athlete of the Year

আমেৰিকাৰ বেছবল খেলুৱৈ এৰন জাজ (Aaron Judge)।

TIM221226 POY Jasmine Cover

Ikon of the Year

মালয়েছিয়াৰ অভিনেত্ৰী মিচেল ইওহ (Michelle Yeoh)।

1670504392317 01

Person of the Year খিতাপ পোৱা ভাৰতীয়

১৯৩০ চনত TIME Person of the Year হিচাপে নিৰ্বাচিত হৈছিল মহাত্মা গান্ধী। আলোচনীখনে তেওঁক Saint Gandhi বুলি অভিহিত কৰিছিল আৰু পিছলৈ তেওঁক সৰ্বকালৰ ২৫ জন ৰাজনৈতিক আইকনৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰিছিল। মহাত্মা গান্ধীয়েই হৈছে এই খিতাপ লাভ কৰা একমাত্ৰ ভাৰতীয়।

1101310105 400

১৯২৭ চনৰ পৰা Time person of the year খিতাপ দিয়াৰ পৰম্পৰা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত ইয়াক Time Man of the Year হিচাপে নিৰ্বাচিত কৰা হৈছিল। পূৰ্বৰ আন আন বিজয়ীসকলৰ ভিতৰত আছে ১৯৩৮ চনত জাৰ্মানীৰ প্ৰাক্তন একনায়কত্ববাদী এডলফ হিটলাৰ আৰু ২০০৭ চনত নিৰ্বাচিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। যোৱা বছৰ এই খিতাপ লাভ কৰিছিল টেছলা আৰু স্পেচএক্সৰ মুৰব্বী এলন মাস্কে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More