টাইম-৮ৰ সাংবাদিক দাবু নাৰায়ণ কোঁৱৰলৈ পৰাগ ভূঞা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা

কাকপথাৰ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি

0 45

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জানুৱাৰীঃ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰত যোৱা ২৮ জানুৱাৰী তাৰিখৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত কাকপথাৰ প্ৰেছ ক্লাবৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনিৰ কালি নিশা সফল সামৰণি পৰে । অধিৱেশনৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কালি পুৱা প্ৰাইজমানি মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অন্তত জিলা ভিত্তিত বাতৰি লিখা আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । উদযাপন সমিতিৰ সভাপতি সীমান্ত মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানত কাকপথাৰৰ গৌৰৱ বিশিষ্ট মডেল তথা অভিনেতা থানেশ্বৰ ৰভী, বোলছবি নিৰ্মাতা, পৰিচালক তথা ৰজতকমল বঁটাপ্ৰাপক জয়চেং জয় দহোতীয়া, অভিনেতা শোনিত কুমাৰ বৰা আৰু জনপ্ৰিয় কন্ঠশিল্পী ময়ুৰী দত্তক ক্লাবৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয় । ক্লাবৰ সভাপতি বিজয় দত্তই আঁত ধৰা অনুষ্ঠানটোত ৰতন বড়া আৰু তোলন গোহাঁইৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘প্ৰতিফলন’ উন্মোচন কৰে বয়োজ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱাই । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, জিলা সভাপতি সোনমনি চলিহা, তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি-সম্পাদক ক্ৰমে জিন্তু বুঢ়াগোহাঁই আৰু সঞ্জয় গগৈ, জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ শইকীয়া, মনোজ বৰুৱা, আছুৰ কনচেং গগৈ, পৰিৱেশ কৰ্মী কৃষ্ণকান্ত গগৈ, সমাজসেৱক সুৰজিৎ মৰাণ, মুলেন্দ্ৰ মৰাণ আদি অতিথিৰ উপস্থিতিত চলিত বৰ্ষৰ পৰাগ ভূঞা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা টাইম-৮ৰ গুৱাহাটীস্থ সাংবাদিক দাবু নাৰায়ণ কোঁৱৰক প্ৰদান কৰা হয় । এই বঁটাত ফুলাম গামোচা, চেলেং চাদৰ, স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ, মূল বঁটা আৰু নগদ ধন পাঁচ হেজাৰ টকা সন্নিবিষ্ট। ইফালে অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজিত জিলাভিত্তিত মাৰাথান, কুইজ, চিত্ৰাংকণ, বাতৰি লিখা, দিহানাম আদি প্ৰতিযোগিতাৰ বিজয়ীসকলক অনুষ্ঠানৰ মাজতে পুৰস্কৃত কৰা হয় । ৰাজীৱ বৰুৱাৰ কথা আৰু সুৰেৰে সজাই তোলা ‘বন্দে বন্দে বন্দে মাতৰম’ শীৰ্ষক কাকপথাৰ প্ৰেছ ক্লাবৰ সমবেত সংগীতটোৰে আৰম্ভ হোৱা অনুষ্ঠানৰ অন্তত নিশালৈ আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক ভাদেশ্বৰ মৰাণে । অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্ত, লাটুমণি, ৰাজা, জুবিন, দিব্যজ্যোতিকে ধৰি বহুকেইগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰে । তদুপৰি অনুষ্ঠানত হেজাৰ হেজাৰ দৰ্শকে উপস্থিতিত বেহাৰবাৰী আউটপ’ষ্টৰ জনপ্ৰিয় চৰিত্ৰ মোহন, মুকুটা আৰু বিউটি বাইলুঙে দৰ্শকে হৃদয় জিনিবলৈ সক্ষম হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More