টাই-আহোম যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি গঠন

 ঐতিহাসিক হাবুঙত শপত গ্ৰহণ

0 44
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৯ জুনঃ অসমৰ অন্যতম জনগোষ্ঠী টাই-আহোমসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে সততে সৰৱ হৈ উঠা টাই-আহোম যুৱ পৰিষদ চমুকৈ “টাইপা”ৰ ধেমাজি জিলা সমিতিখন নতুনকৈ গঠন কৰা হয় । নৱগঠিত সমিতিখনে আজি ঐতিহাসিক হাবুঙত শপত গ্ৰহণ কৰি জনগোষ্ঠীটোৰ হকে মাত মাতি যোৱাৰ সংকল্প গ্ৰহণ কৰে । সংগঠনটোৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত লক্ষী বৰগোঁহাইক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে সংগঠনটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰণৱ হাজৰিকা আৰু দিপ্তী গগৈক জিলা সম্পাদক হিচাপে লৈ এখন ৩১জনীয়া জিলা সমিতি গঠন কৰা হয় । হাবুঙৰ ঐতিহাসিক দেউলগা চাও চেন ৰেনত মঙলবাৰে সংগঠনটোৰ আভ্যন্তৰীণ গোপনীয়তা ভংগ নকৰাৰ প্ৰতিশ্ৰুতিৰে শপত গ্ৰহণ কৰে নতুন সমিতিখনে । আজিৰ শপত গ্ৰহণ অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পৱন সন্দিকৈ, সভাপতি দিলীপ গগৈ, সহকাৰী সম্পাদক গণেশ গগৈ আৰু সাংগঠনিক সম্পাদক ডিপুল তামুলী ফুকন উপস্থিত থাকে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More