টাটাই ৭ হাজাৰ কোটি টকাত কিনিব বিছলেৰী

সলনি হ'ব কোম্পানীটোৰ ৰূপৰেখা

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : দীৰ্ঘদিন ধৰি শুনা গৈছিল যে টাটা গ্ৰুপে ভাৰতৰ সৰ্ববৃহৎ পেকেজড ৱাটাৰ কোম্পানী বিছলেৰী ইণ্টাৰনেশ্যনেলৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে। অৱশ্যে এতিয়া সেই অপেক্ষাৰ অন্ত পৰিল। জনা যায় যে শেহতীয়াকৈ বিছলেৰীৰ প্ৰতিষ্ঠাপক ৰমেশ চৌহানে তেওঁৰ বটলত ভৰোৱা পানীয় ব্ৰেণ্ড ‘বিছলেৰী ইণ্টাৰনেশ্যনেল’ টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (টিপিচিএল)ক বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এনে পৰিস্থিতিত টিপিচিএলে ৬ হাজাৰৰ পৰা ৭ হাজাৰ কোটি টকাৰ ভিতৰত বিছলেৰী ক্ৰয় কৰিব পাৰে।

মেনেজমেণ্টে কাম কৰি যাব

এই পৰিপ্ৰেক্ষিতত ইকনমিক টাইমছৰ তথ্য অনুসৰি এই দুটা কোম্পানীৰ মাজত হোৱা চুক্তি অনুসৰি বৰ্তমান সক্ৰিয় হৈ থকা বিছলেৰীৰ পৰিচালনা সমিতিয়ে দুবছৰ ধৰি কাম কৰি যাব বুলি জনা গৈছে। মন কৰিবলগীয়া যে বিগত কিছুদিন ধৰি অসুস্থতাত ভুগি আছিল ৮২ বছৰীয়া ৰমেশ চৌহান। এনে পৰিস্থিতিত তেওঁ কয় যে বিছলেৰীক সম্প্ৰসাৰণৰ পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ তেওঁৰ কোনো উত্তৰাধিকাৰী নাই। লগতে তেওঁ কয় যে তেওঁৰ কন্যা জয়ন্তী ব্যৱসায়ৰ প্ৰতি বিশেষ আগ্ৰহী নহয়।

টাটা গ্ৰুপে বিছলেৰীক আগুৱাই লৈ যাব

চৌহানৰ মতে, এইবাৰ টাটা গ্ৰুপে বিছলেৰীৰ ব্যৱসায় আৰু আগুৱাই নিব। অৱশ্যে এতিয়া বিছলেৰীক আগুৱাই নিয়াটো চৌহানৰ বাবে সহজ নাছিল। এনে পৰিস্থিতিত ব্যৱসায়ৰ ভৱিষ্যতৰ অৱস্থা বিবেচনা কৰি চৌহানে বিক্ৰী কৰাৰ সিদ্ধান্ত লয়।

বহু কোম্পানীয়ে চেষ্টা কৰিছিল

ইতিমধ্যে ৰিলায়েন্স ৰিটেইল, নেচলে, ডেননকে ধৰি কেইবাটাও কোম্পানীয়ে বিছলেৰী ক্ৰয় কৰাৰ চেষ্টা কৰিছিল। অৱশ্যে এই সন্দৰ্ভত দুবছৰ ধৰি টাটাৰ সৈতে আলোচনা চলি আছিল। কেইমাহমান পূৰ্বে টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেকৰন আৰু টাটা কনজিউমাৰৰ চিইঅ’ সুনীল ডিছৌজাক লগ পোৱাৰ পিছত ৰমেশ চৌহানে কোম্পানীটো টাটাক বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। এই সন্দৰ্ভত বাতৰি অনুসৰি টাটা গ্ৰুপে যোৱা ১২ ছেপ্টেম্বৰত বিছলেৰী ক্ৰয়ৰ প্ৰস্তাৱ দিছিল।

চৌহানে সমগ্ৰ অংশীদাৰিত্ব বিক্ৰী কৰিব

জানিব পৰা মতে, বিছলেৰীৰ ব্যৱসায় টাটাক বিক্ৰী কৰাৰ পিছত ৰমেশ চৌহান কোনো অংশীদাৰিত্বত থাকিব নিবিচাৰে। ইফালে বটলত পানীৰ ব্যৱসায় বিক্ৰী কৰাৰ পাছত চৌহানে পৰিৱেশ আৰু বিভিন্ন সামাজিক কামত সময় উচৰ্গা কৰিব বিচাৰিছে। ইয়াৰ ভিতৰত আছে পানী সংৰক্ষণ, প্লাষ্টিক পুনঃব্যৱহাৰ আৰু দৰিদ্ৰ লোকক স্বাস্থ্যসেৱা প্ৰদানৰ সৈতে জড়িত বিষয়সমূহ।

কোকাকোলাৰ সৈতেও কৰা হৈছিল চুক্তি

এনে পৰিপ্ৰেক্ষিতত ১৯৯৩ চনত কোকাকোলাই কোম্পানীটোৰ সমগ্ৰ পানীয় পৰ্টফলিঅ’ ৰমেশ আৰু তেওঁৰ ভাতৃ প্ৰকাশৰ পৰা ক্ৰয় কৰিছিল। সেই শীতল পানীয়বোৰৰ ভিতৰত আছিল চিট্ৰা, ৰিমজিম আৰু মাজাৰ দৰে ব্ৰেণ্ড। অৱশ্যে এইবাৰ টাটা কনজিউমাৰে ফাষ্ট-মুভিং কনজিউমাৰ গুডছ (এফএমচিজি)ৰ জগতখনত নিজৰ উপস্থিতি অনুভৱ কৰিবলৈ বিচাৰিছে। ইতিমধ্যে কোম্পানীটোৱে হিমালয়ান ব্ৰেণ্ডৰ অধীনত পেকেজড মিনাৰেল ৱাটাৰৰ লগতে টাটা কপাৰ প্লাছ ৱাটাৰ আৰু টাটা গ্লুকো প্লাছ বিক্ৰী কৰে। এনে পৰিস্থিতিত বিছলেৰী ক্ৰয় কৰাৰ পিছত টাটা বটলত ভৰোৱা পানীয়ৰ ছেগমেণ্টত এক নম্বৰ স্থানত উপনীত হ’ব বিচাৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More