টেছলাই ভাৰতত বৈদ্যুতিক বাহন নিৰ্মাণ কৰিলে চৰকাৰৰ কোনো আপত্তি নাই

'ৰাইছিনা ডাইলগ'ৰ এখন বৈঠকত মন্ত্ৰী নিতীন গাডকাৰীৰ ভাষ্য

0 10

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে আজি টেছলা ইনকৰ্পোৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া এল’ন মাস্কক পুনৰ আহ্বান জনাই কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৱে যদি ভাৰতত তেওঁলোকৰ বৈদ্যুতিক বাহনসমূহ নিৰ্মাণ কৰে তেন্তে চৰকাৰৰ কোনো আপত্তি নাই। কিন্তু চীনত নিৰ্মাণ কৰি ভাৰতলৈ আমদানি কৰাত চৰকাৰ সন্মত নহয়। ‘ৰাইছিনা ডাইলগ’ৰ এখন বৈঠকত আজি অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোক পোনপটীয়াকৈ কয় যে, “ভাৰতলৈ আহক, নিৰ্মাণ কৰক আৰু ইয়াৰ পৰা ৰপ্তানি কৰক।” টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে যোৱা বছৰৰ শেহৰ ফালে অসন্তুষ্টি ব্যক্ত কৰি কৈছিল যে, ভাৰতবৰ্ষত তেওঁলোকৰ বৈদ্যুতিক বাহনসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা যথেষ্ট বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে। দেশীয় অট’মবাইল উদ্যোগটোক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত ভাৰত চৰকাৰে আমদানিকৃত বাহনৰ ওপৰত গাড়ীৰ ইঞ্জিনৰ ক্ষমতা, মূল্য ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি ৬০ ৰ পৰা ১০০ শতাংশ শুল্ক নিৰ্ধাৰণ কৰিছে। ‘টেছলা’ৰ তৰফৰ পৰা অৱশ্যে কোৱা হৈছিল যে, আমদানি শুল্ক হ্ৰাসকৰণৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ কাৰ্যাল‌য়ৰ লগত আলোচনা অব্যাহত ৰাখিছে। তেওঁলোকৰ মতে, শূন্য নিৰ্গমণ হোৱা বাহনত ভাৰত চৰকাৰে ১০০ শতাংশ শুল্ক আৰোপ কৰাটো উচিত হোৱা নাই। গাডকাৰীয়ে আৰু কয় যে, ৭.৫ লাখ কোটি মূল্যৰ ভাৰতবৰ্ষৰ অট’মবাইল উদ্যোগটোত বিশ্বৰ প্ৰায়কেইটা বৃহৎ প্ৰতিষ্ঠান যেনে বি এম ডব্লিউ, মাৰ্চিডিজ, হুণ্ডাই, টয়’টা, হুণ্ডা, ভলভ’ আদিয়ে যদি ভাৰতত যান-বাহন নিৰ্মাণ কৰি ৰপ্তানি কৰিব পাৰে ‘টেছলা’ই নোৱাৰাৰ কোনো যুক্তি নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More