ট্ৰেক কঁপাবলৈ সাজু ভাৰতৰ দ্রুততম ৰেল

মন মুহিছে স্বপ্নৰ ৰে'লগাড়ীৰ ফ'টোৱে

0 114

দাদুল দেৱকৃষ্ণ বৰুৱা

সপোন বাস্তৱ হ’বলৈ আৰু বেছি দিন নাই। এইবাৰ ভাৰতৰ মাটিতো চলিব দ্রুতগতিৰ ৰেল; যি ৰেলে গন্তব্যত পোৱাই দিব খুব কম সময়তে। ৰেল পলমকৈ অহা-যোৱা কৰা সময়সূচী আৰু বাতিল হোৱাৰ ৰেকর্ড সৃষ্টিত আগৰণুৱা ভাৰতত এয়াও যে সম্ভৱ, সেই কথা এই ট্রেইনখন নেদেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰিব। চকচকীয়া কোঠা, আৰামদায়ক ছীট, বহুক্ষেত্ৰত মেট্র’ ৰেলৰ গঢ়ৰ এই ট্রেইন এতিয়া ভাৰতৰ বাবে এক সপোন। নহয়, নহয়… সপোন বুলি কোৱাটো ভুল হ’ব। সেই সপোন এতিয়া বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। ভাৰতৰ প্রথম RRTS কৰিডৰ (RRTS)ৰ প্রথম ট্রেনছেট সম্পন্ন হৈছে আৰু এইটো ভাৰত চৰকাৰৰ আবাসন আৰু নগৰ বিষয়ক মন্ত্রণালয় বা Ministry of Housing & Urban Affairs (MoHUA)ৰ সচিবৰ উপস্থিতিত ৭ মে’ শনিবাৰে NCRTCক হস্তান্তৰ কৰা হ’ব।

  • কেতিয়া হ’ব হস্তান্তৰ
    এবাৰ ট্রেইনবোৰ Alstomৰ দ্বাৰা NCRTCলৈ হস্তান্তৰ কৰা হ’লে বৃহৎ ট্রেলাৰেৰে লৈ অহা হ’ব দুহাই ডিপোলৈ; যিটো গাজিয়াবাদত দিল্লী-গাজিয়াবাদ-মিৰাট RRTS কৰিডৰ পৰিচালনাৰ বাবে দ্রুতগতিত নিৰ্মাণ কৰা হৈছে। এই ডিপোত এই ট্রেইনবোৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে সমস্ত ব্যৱস্থাৰ নির্মাণকাৰ্য প্রায় শেষ পৰ্যায়ত। হস্তান্তৰ অনুষ্ঠান আজি ৭ মে’ শনিবাৰে এলষ্টমৰ প্ৰকল্পথলীত অনুষ্ঠিত হ’ব, য’ত RRTS ট্রেইনছেটৰ চাবিসমূহ NCRTCৰ জিম্মালৈ হস্তান্তৰ কৰা হ’ব। ভাৰতৰ প্রথম RRTS ট্রেইনৰ অভ্যন্তৰীণ অংশ আৰু ইয়াৰ কম্পিউটাৰকেন্দ্রিক বৈশিষ্ট্যসমূহ যোৱা ১৬ মার্চত গাজিয়াবাদৰ দুহাই ডিপোত উন্মোচন কৰা হৈছিল।1651853464883
  • কিমান হ’ব গতিবেগ
    ১৮০ কিমি/ঘন্টা ডিজাইনৰ গতি, ১৬০ কিমি/ঘণ্টাৰ পৰিচালন গতি আৰু ১০০ কিমি/ঘন্টা গড় গতিসহ এই RRTS ট্রেইনবোৰ হ’ব ভাৰতৰ সকলোতকৈ দ্রুততম ট্রেইন। এই ট্রেইনসমূহত ২×২ ট্রান্সভার্ছ কুচনড ছিটিং, প্রশস্ত থিয় হ’ব পৰা ঠাই, লাগেজ জাৰ্ক, চিচিটিভি কেমেৰা, লেপটপ/মোবাইল চার্জিং সুবিধা, গতিশীল ৰুট মেপ, স্বয়ংক্রিয়ভাৱে নিয়ন্ত্রিত পৰিবেষ্টিত পোহৰ ব্যৱস্থা, গৰম বায়ু চলাচল আৰু এয়াৰ কণ্ডিচনাৰ ব্যৱস্থা আছে।
  •  কেনে হ’ব অন্তৰ্ভাগ
    শীতাতপ নিয়ন্ত্রিত RRTS ট্রেইনত মানসন্মত আৰু মহিলা যাত্রীসকলৰ বাবে সংৰক্ষিত কোচ আৰু প্রিমিয়াম ক্লাছ (প্রতি ট্রেইনত এটা কোচ) কোচ থাকিব। চাভলিত এলষ্টমৰ উৎপাদন কাৰখানাটোৱে প্রথমে RRTS কৰিডৰৰ বাবে মুঠ ২১০খন গাড়ী সৰবৰাহ কৰিব। ইয়াৰ ভিতৰত দিল্লী-গাজিয়াবাদ-মিৰাট কৰিডৰত আঞ্চলিক পৰিবহণ পৰিসেৱা আৰু মিৰাটত স্থানীয় মেট্র’ পৰিসেৱাসমূহ পৰিচালনাৰ বাবে ট্রেনছেটসমূহ অন্তর্ভুক্ত কৰা হৈছে। RRTS ট্ৰেইন কেনেধৰণৰ হ’ব তাৰ প্ৰথমখন ৬ মে’ত ভাৰত চৰকাৰৰ আবাসন আৰু নগৰ বিষয়ক মন্ত্রণালয় বা Ministry of Housing & Urban Affairs (MoHUA)ৰ সচিব দুৰ্গা শংকৰ মিশ্ৰই মুকলি কৰে।1651853464934

RRTS কৰিডৰ নির্মাণৰ কাম পুৰাদমে চলিছে। ট্রেইন অহাৰ পিছত অগ্রাধিকাৰ বিভাগত প্রাথমিক ট্রায়াল ৰান এই বছৰৰ শেষভাগত আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। ২০২৩ চনৰ মাজভাগত চাহিবাদৰ পৰা দুহাইৰ মাজত ১৭ কিলোমিটাৰ অগ্রাধিকাৰ অংশ আৰু ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰিডৰ প্ৰস্তুত কৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More