‘ডাইনোছৰ ৰাজকুমাৰী’ আলিয়া চুলতানা

যাৰ বাবে সুৰক্ষিত হ'ল বালাচিন'ৰ ফচিল পাৰ্ক

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মে’ : গুজৰাটৰ ৰায়’লি (Raiyoli) গাঁৱৰ আলিয়া চুলতানা বাবীয়ে ডাইনোছৰৰ জীৱাশ্ম সংৰক্ষণৰ বাবে কঠোৰ যুঁজ দিছিল যিবোৰ এতিয়া বালাচিন’ৰ জীৱাশ্ম পাৰ্কত (Balasinor Fossil Park) প্ৰদৰ্শন কৰা হৈছে। ১৯৮১ চনত অলিয়া চুলতানা বাবী যেতিয়া শিশু আছিল, তেতিয়া তেওঁৰ গাঁওখনক পুৰাতত্ত্ববিদ, গৱেষক আৰু বহুজনে আগুৰি আছিল। কণমানি আলিয়াই কেতিয়াও গম পোৱা নাছিল যে গুজৰাটৰ তেওঁৰ গাঁওখন ডাইনোছৰৰ জীৱাশ্ম আৰু কণীৰ কেন্দ্ৰবিন্দু। উল্লেখ্য যে, এই ঠাইত সাতটা প্ৰজাতিৰ ডাইনোছৰৰ ১০০০ৰো অধিক কণী আৱিষ্কাৰ কৰা হৈছিল। বয়স বাঢ়ি বুজন হোৱাৰ পিছত আলিয়া এই জীৱাশ্মবোৰৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু অঞ্চলটোক সুৰক্ষা দিবলৈ আৰম্ভ কৰে। উক্ত এলেকাত গৰু-ম’হ চৰোৱাটো বন্ধ কৰায় আৰু মানুহক অৱশিষ্টবোৰ লৈ যোৱা আৰু জীৱাশ্মবোৰ অনিষ্ট কৰাৰ পৰা নিলগাই ৰাখে। ঠাইখন সংৰক্ষণ কৰাৰ প্ৰতি আগ্ৰহ দেখুওৱা প্ৰথম ব্যক্তি আছিল আলিয়া। বছৰৰ পিছত বছৰ তেওঁৰ অহৰহ প্ৰচেষ্টাৰ ফলত এই অঞ্চলটোক ‘বালাচিন’ৰ ফ’চিল পাৰ্ক’ নামেৰে ডাইনোছৰৰ জীৱাশ্ম সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়, যাক ‘ইণ্ডিয়া’ছ জুৰাছিক পাৰ্ক’ নামেৰেও জনা যায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More