ডাভ’ছত আজিৰে পৰা আৰম্ভ ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম’ৰ সন্মিলন

ভাৰতৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী-ঔদ্যোগিক খণ্ডৰ ধ্বজাবাহকসহ একাধিক ব্যক্তিৰ অংশগ্ৰহণ

0 32
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে’ :
ক’ভিড মহামাৰীৰ পাছত দুবছৰৰ অন্তত আজিৰে পৰা ছুইজাৰলেণ্ডৰ মনোমোহা স্কি ৰিজৰ্ট নগৰ ডাভ’ছত অনুষ্ঠিত হৈছে ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম’ৰ বাৰ্ষিক সন্মিলন। অহা ২৬ মে’লৈকে অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখনত ৰাজনৈতিক, ব্যৱসায়-বাণিজ্য, নাগৰিক সমাজ, সংবাদ মাধ্যমকে ধৰি বিভিন্ন ক্ষেত্ৰৰ আঢ়ৈ হাজাৰ নেতা আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি পঞ্চাশ গৰাকী ৰাষ্ট্ৰৰ মুৰব্বীও সন্মিলনখনত উপস্থিত থকাৰ সম্ভাৱনা আছে। ইউৰোপীয়ান ইউনিয়নৰ প্ৰেছিডেণ্ট উৰছুলা ভন দাৰ লেয়েন, জাৰ্মান চেঞ্চেলৰ অ’ল্ফ শ্বল’জ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ঝেলেনস্কিয়ৰ উপৰি আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালক, বিশ্ব বাণিজ্য সংস্থাৰ মহানিৰ্দেশককে ধৰি আন শীৰ্ষস্থানীয় কেইবাগৰাকী নেতাই সন্মিলনত ভাষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।1 1 1
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ পৰৱৰ্তী সময়, ইউক্ৰেইনৰ যুদ্ধ আৰু পৰিৱৰ্তিত ভূ-অৰ্থনৈতিক প্ৰেক্ষাপটত অনুষ্ঠিত কৰিবলৈ লোৱা বিশ্ব অৰ্থনৈতিক ফ’ৰামৰ এইবাৰৰ বাৰ্ষিক সন্মিলনখনৰ গুৰুত্ব কিছু বৃদ্ধি পাইছে। ‘এটা টাৰ্ণিং পইণ্টত ইতিহাস’ এই মূল বিষয়টোক কেন্দ্ৰ কৰি আয়োজন কৰা ডাভ’ছৰ সন্মিলনখনত এইবাৰ প্ৰধানকৈ বিশ্বজুৰি হোৱা মহামাৰী, ইউক্ৰেইনৰ যুদ্ধ, আৰু জলবায়ু পৰিৱৰ্তন সমস্যা সমাধানত চৰকাৰী নীতি আৰু ব্যৱসায়-বাণিজ্যৰ ৰণকৌশল কেনে হ’ব এই বিষয় কেইটাৰ ওপৰতেই দৃষ্টি নিৱদ্ধ হ’ব। ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ তৰফৰ পৰা কোৱা হৈছে যে, সন্মিলনখনৰ প্ৰধান অগ্ৰাধিকাৰ হৈছে, উন্নয়নৰ গতি ত্বৰান্বিত কৰা আৰু বিশ্ব সম্প্ৰদায়ৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বান সমূহৰ সঠিক মোকাবিলা কৰা। সন্মিলনখনত ভাৰতবৰ্ষৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, মনসুখ মান্দাভিয়া আৰু হৰদীপ সিং পুৰীৰ উপৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ এছ বোম্মাই, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন ৰেড্ডী আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থেক্কাৰে অংশগ্ৰহণ কৰিব। পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিং, নিটি আয়োগৰ মুখ্য কাৰ্যবাহী অমিতাভ কান্ত, উদ্যোগ বিভাগৰ যুটীয়া সচিব অনুৰাগ জৈনো চৰকাৰী প্ৰতিনিধি দলটোৰ সদস্য হিচাপে সন্মিলন স্থলীত উপস্থিত হৈছে। চৰকাৰী প্ৰতিনিধি দলটোৰ উপৰি ভাৰতৰ ঔদ্যোগিক খণ্ডৰ ধ্বজাবাহক মুকেশ আম্বানী, গৌতম আদানি, সুনীল মিট্টাল, পৱন মুঞ্জল, বায়জু ৰবীন্দ্ৰন, কুমাৰ মঙ্গলম বিৰলা, আদৰ পুনাৱালা, শ্যাম ভাৰতীয়া, ৰিছাদ প্ৰেমজীকে আদি কৰি এটা শক্তিশালী দলে সন্মিলনখনত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইয়াৰে কেইবাগৰাকীয়ে বিভিন্ন বিষয়ত বক্তৃতাও প্ৰদান কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More