‘ডামিনী’ক হাতত ৰাখকঃ বজ্ৰপাতৰ পৰা বাচক

ধুমুহা আৰু বজ্ৰপাতত এমাহতে অসমত কুৰিজনৰ প্ৰাণহানি

0 80

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : মেঘে-গাজনিৰে বতৰ ওন্দোলাই অনাৰ দিন আকৌ আহিল। বৰ্ষাকালৰ আগমনৰ লগে-লগে বিজুলী-ঢেৰেকণিৰে অহা বৰষুণজাকে পৃথিৱীখনক জীপাল কৰি তোলে যদিও এই ঢেৰেকণি বা বজ্ৰপাত মানুহ আৰু পশু-পক্ষীৰ বাবে এটা প্ৰাকৃতিক দুৰ্যোগ হিচাপেই চিহ্নিত হৈ আহিছে। বতৰ বিজ্ঞানীসকলৰ মতে প্ৰতি ছেকেণ্ডত ৫০ ৰ পৰা ১০০ টা লৈকে সৰু ডাঙৰ বজ্ৰপাতে পৃথিৱীখনক নিয়মীয়াকৈ আঘাত কৰে। ভাৰতৰ অন্যান্য প্ৰাকৃতিক দুৰ্যোগ সমূহৰ তুলনাত কেৱল বজ্ৰপাতৰ দৰে প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা সৰ্বাধিক। ভাৰতত প্ৰতি বছৰেই গড় হিচাপে বজ্ৰপাতত দুহাজাৰৰ পৰা আঢ়ৈ হাজাৰ লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়। অসমৰ দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীৰ মতে, ২০২২ চনৰ মাৰ্চ মাহৰ শেষৰ পৰা এপ্ৰিল মাহৰ মাজভাগলৈকে ধুমুহা আৰু বজ্ৰপাতত ৰাজ্যখনত কুৰিজন লোকৰ প্ৰাণহানি হৈছে।
ধুমুহা বিশেষকৈ বজ্ৰপাতৰ আগলি বতৰা দিবৰ বাবে ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ পুণেৰ Indian Institute of Tropical Meteorology এ ‘ডামিনী’ নামৰ এটা এপ প্ৰস্তুত কৰি উলিয়াইছে। এই এপটোৰ সহায়ত ২০ ৰ পৰা ৪০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলত বজ্ৰপাত হোৱাৰ সম্ভাৱনা থকা নিৰ্দিষ্ট ঠাইসমূহৰ বিষয়ে বা কোনবোৰ স্থানত বজ্ৰপাতে আঘাত কৰিলে তাৰ তথ্য নিৰ্ভুল ভাবে জনাব পাৰে। পুণেত অৱস্থিত এই প্ৰতিষ্ঠানটোৱে দেশখনৰ বিভিন্ন স্থানত স্থাপন কৰা চেন্সৰৰ সহায়ত ইতিমধ্যেই Lightning Location Network এটা গঢ়ি তুলিছে আৰু জনসাধাৰণে বিনামূলীয়াকৈ ইয়াৰ তথ্য আহৰণ কৰিব পাৰে। মুকলি খেতিপথাৰত বা বজ্ৰপাতে সহজে আঘাত কৰাৰ সম্ভাৱনা থকা স্থানসমূহত কাম কৰা লোকসকলৰ বাবে এই উপকৰণটো বিশেষকৈ বাৰিষা কালত অতি প্ৰয়োজনীয়। জনসাধাৰণে গুগুল প্লে’ ষ্ট’ৰৰ পৰা বিনামূলীয়াকৈ ‘Damini Lightning Alert’ নামৰ এপটো নিজৰ এণ্ড্ৰইড ম’বাইলত ডাউনল’ড কৰি ল’ব পাৰে। বজ্ৰপাতৰ সময়ত লবলগীয়া সাৱধানতা সম্পৰ্কেও এপটোত যথেষ্ট তথ্য সন্নিৱিষ্ট হৈ আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More