ডায়েবেটিছ, মেদবহুলতাৰ বাবে চিন্তিতঃ আইআইটি গুৱাহাটীৰ অধ্যয়নত ওলাল চেনিৰ বিকল্প

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্ট : চৰ্বি বা ডায়েবেটিছ হোৱাৰ ভয়ত চেনিৰ পৰা আঁতৰত থাকে নেকি? যদি হয়, তেতিয়া আই আই টি গুৱাহাটীৰ এটা নতুন অধ্যয়নে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ। প্ৰতিষ্ঠানটোৰ অধ্যাপক বি এছ নাহোলকাৰ, অধ্যাপক বালচিউ তিজাজু, আৰু অধ্যাপক কুলদীপ ৰায়ৰ গৱেষণাপত্ৰত চেনিৰ বিকল্প তৈয়াৰ কৰাৰ বাবে ‘জাইলিটল’ পদ্ধতিৰ বিষয়ে তথ্য প্ৰকাশ পাইছে। এইদৰে তৈয়াৰ কৰা সামগ্ৰীসমূহ খাবলৈ নিৰাপদ হ’ব বুলি গৱেষণাই দাবী কৰিছে। নতুন পদ্ধতিটোৱে ৰাসায়নিক পদ্ধতিৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ লগতে কম সময়ত বিকশিত কৰিব। আই আই টি গুৱাহাটীৰ মতে, চেনিৰ কু-প্ৰভাৱৰ সজাগতা বৃদ্ধিয়ে কেৱল ডায়েবেটিছ ৰোগীকেই উপকৃত কৰাই নহয়, সাধাৰণ স্বাস্থ্যৰো লাভৱান হ’ব। কোৱা হৈছে যে ‘জাইলিটল’ নামৰ এই চেনিৰ বিকল্পটো আল্ট্ৰাছাউণ্ড সমৰ্থিত কিম্বন পদ্ধতিৰে তৈয়াৰ কৰা হ’ব। ‘জাইলিটল’ মূলতঃ এবিধ নিচাযুক্ত প্ৰাকৃতিক পদাৰ্থ। ইয়াত বিভিন্ন এন্টি ডায়েবেটিক আৰু এন্টি অবেচিটি উপাদান থাকে। উল্লেখযোগ্য যে পূৰ্বতে ১৫ ঘণ্টা ধৰি কিম্বন পদ্ধতিৰে বিকল্প চেনি তৈয়াৰ কৰা হৈছিল। ফলত ব্যৱসায়িকভাৱে বনাবলৈ বেছি সময় লাগে। কিন্তু ‘জাইলিটল’ৰ কিম্বন প্ৰক্ৰিয়াৰ বাবে স্বাভাৱিক উষ্ণতাত ৪৮ ঘণ্টা সময় লাগে। সেইবাবেই ইয়াৰ লগত আল্ট্ৰাছাউণ্ড সহায়ক পদ্ধতি সংযোজন কৰা হৈছে। কিন্তু এই পদ্ধতি বাণিজ্যিকভাৱে গ্ৰহণ কৰিলে আল্ট্ৰাছাউণ্ড সমৰ্থন কৰিবলৈ উচ্চশক্তিৰ শক্তি প্ৰয়োজন হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More