ডায়েবেটিছঃ ফলৰ ৰসৰ সলনি কি পানীয় সেৱন কৰিব?

1 99

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুন : ডায়েবেটিছ থাকিলে খোৱা-বোৱাত নানা ধৰণৰ বিধি-নিষেধ মানি চলিবলগীয়া হয়। কি খাব, কেতিয়া খাব, কিমান খাব— সকলোৱেই কাঢ়া নিয়মৰ মাজত বন্ধা থাকে। যাৰ চাহ-কফি খোৱাৰ নিচা, তেওঁলোকে বিনা চেনিত সেয়া খাবলৈ অভ্যাস কৰিবলগীয়া হয়। গৰমত তৃষ্ণা নিবাৰণৰ বাবে যে নিশ্চিন্তে ফলৰ ৰস খাব, সেই উপায়ো নাই ডায়েবেটিক ৰোগীসকলৰ। গোটা ফল খোৱাৰ কোনো সমস্যা নাই। কিন্তু ফলৰ ৰস তৈয়াৰ কৰিলে ফলৰ ফাইবাৰ কমি গৈ ফ্রুকটোজত পৰিণত হয়। ফ্রুকটোজে অতি সহজেই তেজত শর্কৰাৰ মাত্রা বঢ়াই দিয়ে। সেয়ে কেনেধৰণৰ পানীয় নিশ্চিন্তে খাব পৰা যায়, সেই বিষয়ে বুজি লোৱা উচিত ডায়েবেটিক ৰোগীসকলে। এনে কিছুমান পানীয় আছে যি গৰমত সহজেই ডায়েবেটিক ৰোগীয়ে খাব পাৰে। জানি লওক সেইবোৰ পানীয়ৰ বিষয়ে।

* নেমুৰ চৰবত
ৰ’দৰ পৰা ঘূৰি অহাৰ পিছত নেমুৰ চৰবত খাবলৈ কাৰ ভাল নালাগে বাৰু? প্ৰস্তুত কৰিবলৈয়ো সহজ। ঠাণ্ডা পানীত নেমুৰ ৰস মিলাই দিলেই হৈ গ’ল। কেৱল চেনিৰ সলনি অলপ মৌ বা গুড় দিব পাৰে। এই পানীয় আৰু বেছি স্বাস্থ্যকৰ কৰি তুলিবলৈ লগত এক টেবুল চামুচ চিয়া বীজ (Chia seeds) মিহলাব পাৰে।

* ভেষজ চাহ
গ্রিন টি, হোৱাইট টিৰ দৰে চাহ চেনি অবিহনে খাব পাৰে চাহ-প্রেমীসকলে। তদুপৰি অনায়াসে খাব পাৰে বিভিন্ন ভেষজ চাহ। আদা চাহ, জালুকীয়া চাহ, কেমোমাইল টি বা ডালচেনি চাহৰ দৰে নানা ভেষজ চাহ ডায়াবেটিক ৰোগীৰ বাবে বেছ উপকাৰী। ইয়াত কেলৰি খুব কমকৈ থাকে আৰু এই চাহবোৰ এন্টিঅক্সিডেন্টেৰে ভৰপুৰ হয়।

* শাক-পাচলিৰ ৰস
ফলৰ ৰসৰ সলনি শাক-পাচলিৰ ৰস সহজেই খাব পাৰে ডায়েবেটিক ৰোগীয়ে। ব্রকলিৰ ৰস, বিটৰুট আৰু গাজৰৰ ৰস, পালেঙৰ ৰস আদি বিভিন্ন শাক-পাচলিৰ ৰস কৰি খোৱাত কোনো বাধা নাই ডায়েবেটিক ৰোগীসকলৰ।

১ টা মন্তব্য
  1. Avatar of মজিন সোণোৱৱাল
    মজিন সোণোৱৱাল says

    ভাল পালো। শতাব্দই আমাক এই স্বাস্থ্য পৰামৰ্শ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More