‘ডিজিজ এক্স’ৰ সৈতে মোকাবিলাৰ আলোচনা

বিশ্ব স্বাস্থ্য সংস্থাৰ আমন্ত্ৰিত ৩০০ৰো অধিক বিজ্ঞানী

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰ : সমগ্ৰ বিশ্বতে মহামাৰী ২০১৯ চনলৈকে আছিল কেৱল কল্পনা। এই ধাৰণাটো বহু উপন্যাস, চিনেমাত দিয়া হৈছিল যদিও বাস্তৱত কেতিয়াও দেখা পোৱা যাব বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু কৰ’না মহামাৰীয়ে প্ৰায় এবছৰ ধৰি সমগ্ৰ পৃথিৱীখন সম্পূৰ্ণৰূপে পক্ষাঘাতগ্ৰস্ত কৰি তুলিলে। সেই প্ৰবল জোকাৰণিৰ সৈতে মোকাবিলা কৰাৰ পিছত লাহে লাহে ভাললৈ ঘূৰি আহিছে মানৱ সভ্যতা। এনে ৰোগ সৃষ্টিকাৰী জীৱাণুৰ সৈতে মোকাবিলা কৰিবলৈ আমি কিমান অপ্ৰস্তুত হৈ আছোঁ সেই কথা ক’ভিড-১৯ মহামাৰীয়ে দেখুৱাই দিলে। এনে পৰিস্থিতি যাতে পুনৰ নহয় তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা বা WHO-এ আগতীয়াকৈ কাম আৰম্ভ কৰিছে। ৰাষ্ট্ৰসংঘৰ সৈতে জড়িত সংস্থাটোৱে কয় যে তেওঁলোকে ভৱিষ্যতে কভিডৰ দৰে মহামাৰীৰ সৃষ্টি কৰিব পৰা ৰোগ সৃষ্টিকাৰী জীৱাণুৰ অগ্ৰাধিকাৰৰ তালিকা প্ৰস্তুত কৰিছে। এই ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰৰ ভৱিষ্যতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ এতিয়া তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। এই অগ্ৰাধিকাৰৰ তালিকাত আছে ‘ডিজিজ এক্স’। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই তৈয়াৰ কৰা তালিকা এয়াই প্ৰথম নহয়। সংস্থাটোৱে ২০১৭ চনতো প্ৰথমবাৰৰ বাবে এনে এখন তালিকা প্ৰস্তুত কৰিছিল। ২০১৮ চনত তালিকাখন আপডেট কৰা হৈছিল। সেই সময়ত অৱশ্যে বিজ্ঞানীৰ বাহিৰৰ কোনোৱেই সেই তালিকাখনলৈ বিশেষ মন কৰা নাছিল। কিন্তু, সেই গৱেষণাৰ বাবেই Covid-19ৰ বাবে এটা ফলপ্ৰসূ আৰু নিৰাপদ ভেকচিন দ্ৰুতভাৱে প্ৰস্তুত কৰাটো সম্ভৱ হৈ উঠিল। Covid-19 মহামাৰীৰ বছৰবোৰৰ পিছত ২০২২ চনত পুনৰ এই তালিকাখন আপডেট কৰা হৈছে। বৰ্তমানৰ তালিকাত ক’ভিড-১৯, ক্ৰিমিয়ান-কনৰ ৰক্তক্ষৰণজনিত জ্বৰ, ইব’লা ভাইৰাছ ৰোগ, মাৰ্বাৰ্গ ভাইৰাছ ৰোগ, লাছা জ্বৰ, মধ্যপ্ৰাচ্যৰ শ্বাস-প্ৰশ্বাসজনিত চিনড্ৰম বা মাৰ্ছ, গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত চিনড্ৰম বা ছাৰ্ছ, নিপা ভাইৰাছ, হেনিপাভাইৰেল ৰোগ, ৰিফ্ট ভেলী জ্বৰ, জিকা আদি ৰোগ। মানৱ সভ্যতা ইতিমধ্যে বাকী ৰোগ সৃষ্টিকাৰী জীৱাণু বা ৰোগৰ সৈতে পৰিচিত হ’লেও ডিজিজ এক্সৰ সন্মুখীন হোৱা নাই। আচলতে Disease X কোনো ৰোগ নহয়। ‘ডিজিজ এক্স’ শব্দটো কোনো অজ্ঞাত ৰোগ সৃষ্টিকাৰী জীৱাণুক বুজাবলৈ ব্যৱহাৰ কৰা হয়; যিয়ে ভয়াৱহ বিশ্বব্যাপী মহামাৰীৰ সৃষ্টি কৰিব পাৰে। চাৰ্চ-ক’ভ-২ৰ দৰে অজ্ঞাত ৰোগো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে যাতে ইয়াৰ দ্বাৰা মানৱ সভ্যতা স্তব্ধ নহয়। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ডিজিজ এক্সকে ধৰি মুঠ ২৫টা ভাইৰাছ পৰিয়াল আৰু বেক্টেৰিয়াৰ ওপৰত গৱেষণা কৰিবলৈ বিশ্বৰ ৩০০ৰো অধিক বিজ্ঞানীক আমন্ত্ৰণ জনাইছে। WHOৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক ডাঃ মাইকেল ৰিয়ানে কয় যে এই উচ্চ অগ্ৰাধিকাৰযুক্ত ৰোগকাৰক আৰু ভাইৰাছ পৰিয়ালসমূহৰ ওপৰত গৱেষণাই ভৱিষ্যতে মহামাৰী প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰস্তুত কৰাত সহায় কৰিব। তেওঁ কয়— “এই অগ্ৰাধিকাৰ ৰোগ সৃষ্টিকাৰী জীৱাণু আৰু ভাইৰাছ পৰিয়ালসমূহক লক্ষ্য কৰি লোৱাটো দ্ৰুত আৰু ফলপ্ৰসূ মহামাৰীৰ সঁহাৰিৰ বাবে অতি প্ৰয়োজনীয়। Covid-19 মহামাৰীৰ পূৰ্বে গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ নহ’লে অভিলেখ সময়ত নিৰাপদ আৰু ফলপ্ৰসূ ভেকচিন প্ৰস্তুত কৰাটো সম্ভৱ নহ’লহেঁতেন।” বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড° সৌম্য স্বামীনাথনৰ মতে, এই তালিকাখন গৱেষক সমাজৰ বাবে পৰৱৰ্তী মহামাৰীৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ এক ৰেফাৰেন্স ‘পইণ্ট’।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More