‘ডিজিটেল মুদ্ৰা’ কি? বিত্তীয় লেনদেনৰ প্ৰথা কিমান সলনি হ’ব?

আৰ বি আইৰ ডিজিটেল মুদ্ৰা : ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতৰ প্ৰথমটো ডিজিটেল টকাৰ পাইলট প্ৰজেক্ট মঙলবাৰে (১ নৱেম্বৰ) আৰম্ভ কৰে। এই ডিজিটেল টকা কি? ইয়াৰ কি কি সুবিধা আছে? এই ডিজিটেল টকা ক্ৰিপ্ট' কাৰেন্সীৰ পৰা কিহত পৃথক?

0 235

ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ নৱেম্বৰত ভাৰতৰ প্ৰথমটো ডিজিটেল টকাৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰে। ঠিক এমাহৰ পাছত; অৰ্থাৎ কাইলৈ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰথমটো খুচুৰা ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰজেক্ট। ভাৰতীয় ৰিজাৰ্ভ বেংকে ২৯ নৱেম্বৰ মঙলবাৰে এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় বেংকৰ মতে, এই পাইলট আঁচনি কেইটামান নিৰ্বাচিত স্থানত আৰু গ্ৰাহক আৰু ব্যৱসায়ীৰ এটা গোটত সীমাবদ্ধ থাকিব। এই পৰ্যায়ত ৮টা বেংকে অংশগ্ৰহণ কৰিব। প্ৰথম পৰ্যায়ত চাৰিটা বেংকে অংশগ্ৰহণ কৰিব। এই বেংকসমূহ হ’ল ভাৰতীয় ষ্টেট বেংক, আইচিআইচিআই বেংক, য়েছ বেংক আৰু আইডিএফচি ফাৰ্ষ্ট বেংক। ইয়াৰ উপৰি বেংক অৱ বৰোদা, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এইচ ডি এফ চি বেংক আৰু কোটক মহিন্দ্ৰা বেংকে পিছত এই পাইলট আঁচনিখনত যোগদান কৰিব। কিন্তু সাধাৰণ মানুহৰ এতিয়া এটাই প্ৰশ্ন— এই ডিজিটেল টকা কি? ইয়াৰ কি কি সুবিধা আছে? এই ডিজিটেল টকা ক্ৰিপ্ট’কাৰেন্সীৰ পৰা কিহত পৃথক?

ডিজিটেল টকা কি?

ডিজিটেল টকা বা কেন্দ্ৰীয় বেংক ডিজিটেল মুদ্ৰা (CBDC) হৈছে ভাৰতীয় কেন্দ্ৰীয় বেংকে জাৰি কৰা মুদ্ৰাৰ নোটৰ ডিজিটেল ৰূপ। এই ডিজিটেল মুদ্ৰা কন্টাক্টলেছ লেনদেনত ব্যৱহাৰ কৰিব পাৰি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়ত ঘোষণা কৰে যে আৰ বি আইয়ে শীঘ্ৰে ডিজিটেল মুদ্ৰা মুকলি কৰিব। ব্লক চেইন আৰু অন্যান্য প্ৰযুক্তি ব্যৱহাৰ কৰি চলিব আৰ বি আইৰ ডিজিটেল টকা। ডিজিটেল মুদ্ৰা ই-টকীয়া ১ ডিচেম্বৰৰ পৰা মুকলি কৰিব লাগিব। ডিজিটেল ৫০ লাখ টকা। ডিজিটেল মুদ্ৰা ই-টকীয়া ১ ডিচেম্বৰৰ পৰা মুকলি কৰিব লাগিব।

bigstock Rupee Golden Coin Colorful d 292842826

চিবিডিচি দুই প্ৰকাৰৰ

১) খুচুৰা (CBDC-Retail): খুচুৰা CBDC সকলোৱে ব্যৱহাৰ কৰিব পাৰে।

২) পাইকাৰী (CBDC-Wholesale) : এই ধৰণৰ ডিজিটেল মুদ্ৰা নিৰ্বাচিত বিত্তীয় প্ৰতিষ্ঠানে ব্যৱহাৰৰ বাবে ডিজাইন কৰা হয়।

ডিজিটেল টকা আৰু ক্ৰিপ্ট’কাৰেন্সীৰৰ পাৰ্থক্য

ক্ৰিপ্ট’কাৰেন্সী হৈছে ব্লকচেইন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি ডিজাইন কৰা এক বিকেন্দ্ৰীকৃত ডিজিটেল সম্পত্তি। বিকেন্দ্ৰীকৃত, অৰ্থাৎ ই কোনো বেংক, বিত্তীয় প্ৰতিষ্ঠান বা চৰকাৰী কৰ্তৃপক্ষৰ হস্তক্ষেপ অবিহনে কাম কৰে। সেয়েহে এই ডিজিটেল সম্পত্তিটোক লৈ বহু বিতৰ্ক চলি আছে। আনহাতে আৰ বি আইৰ দ্বাৰা জাৰি কৰা কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা বা চি বি ডি চি যদিও ডিজিটেল মুদ্ৰা, ইয়াৰ আইনী বৈধতাক লৈ কোনো বিতৰ্ক নাই। চৰকাৰী সমৰ্থিত হোৱাৰ বাবে ই বিটকইন, ইথিৰিয়াম বা অন্যান্য ক্ৰিপ্ট’কাৰেন্সীৰ পৰা পৃথক। দ্বিতীয়তে, চৰকাৰী সহায়ৰ বাবে ডিজিটেল মুদ্ৰা প্ৰকৃত ধনৰ সমতুল্য হ’ব।

Digitalrupee for retail 1669776737277 1669776737435 1669776737435

আন ক্ৰিপ্ট’কাৰেন্সীৰ পৰা ডিজিটেল মুদ্ৰা কিমান পৃথক?

প্ৰথমতে ডিজিটেল টকা আৰু অন্যান্য ক্ৰিপ্ট’কাৰেন্সীৰ মাজত মৌলিক পাৰ্থক্য আছে। অৰ্থাৎ– ডিজিটেল টকা কেন্দ্ৰীভূত আৰু ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিয়ন্ত্ৰিত। আনহাতে বিটকইন আৰু ইথিৰিয়ামৰ দৰে জনপ্ৰিয় ক্ৰিপ্ট’কাৰেন্সীৰ কোনো কেন্দ্ৰীভূত মডেল নাই। অৰ্থাৎ কোনো এটা সংগঠনৰ ইয়াৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ নাই। আৰ বি আয়ে ডিজিটেল ৰুপি জাৰি কৰিছে। কিন্তু আন ক্ৰিপ্ট’কাৰেন্সীবোৰৰ এনে কোনো ইছ্যু কৰা প্ৰতিষ্ঠান নাই। আন এটা ডাঙৰ পাৰ্থক্য হ’ল ডিজিটেল টকাই ধনৰ ট্ৰেইল সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এই ডিজিটেল টকাই লেনদেন হ’লে ইয়াৰ সকলো তথ্য ট্ৰেচ কৰিব পাৰে। কোনে পইচা পঠিয়াইছে, কালৈ পঠিয়াইছে– এই তথ্যই ডিজিটেল টকালৈ বহু প্রয়োজনীয় স্বচ্ছতা কঢ়িয়াই আনিব৷ ক্ৰিপ্ট’কাৰেন্সীৰ ক্ষেত্ৰত কেৱল হৈছে এনক্ৰিপ্ট কৰা সংখ্যা আৰু আখৰৰ এটা দীঘলীয়া ষ্ট্ৰিং। আৰু এই পাৰ্থক্যই ডিজিটেল টকাক ক্ৰিপ্ট’তকৈ পৃথক কৰি তুলিছে।

digital currency digital rupees indian digital rupees photo credit vkeel 1667227437

ডিজিটেল টকাৰ সুবিধা

প্ৰথমতে ডিজিটেল টকাৰ ব্যৱহাৰে লেনদেনৰ খৰচ কম কৰিব। অনুমোদিত পৰিসৰৰ ভিতৰত হোৱা সকলো লেনদেনৰ খবৰ ৰখাটো চৰকাৰৰ বাবে সহজ হ’ব৷ অবৈধ লেনদেন চৰকাৰৰ চকুৰ পৰা আঁতৰি থকাটো অসম্ভৱ হৈ পৰিব। গতিকে বহিঃৰাষ্ট্ৰৰ সৈতে হোৱা বিত্তীয় লেনদেনত চৰকাৰৰ অধিক নিয়ন্ত্ৰণ থাকিব। ফলত ভৱিষ্যতৰ বাজেট বা বিত্তীয় পৰিকল্পনা ভালদৰে কৰিব পৰা যাব। ইউপিআইৰ জৰিয়তে লেনদেনত ব্যৱহাৰকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব, ডিজিটেল মুদ্ৰাৰ বাবে বেংক একাউণ্টৰ প্ৰয়োজন নাই। ডিজিটেল মুদ্ৰাৰ কোনো ম্যাদ উকলি যোৱাৰ তাৰিখ নাই। এই ডিজিটেল মুদ্ৰা আজীৱন ব্যৱহাৰ কৰিব পাৰি। লগতে ডিজিটেল মুদ্ৰাৰ কোনো ধৰণৰ ক্ষতি বা ধ্বংস নহ’ব। বিটকইনৰ দৰে মুদ্ৰাত ই-ৰুপিৰ আৰ্থিক বিপদৰ সম্ভাৱনা নাই। ডিজিটেল মুদ্ৰা ফাটি যোৱা বা জ্বলোৱাৰ দৰে ক্ষতি নহ’ব। কাগজৰ নোটৰ আয়ুস সীমিত হ’লেও ডিজিটেল মুদ্ৰাৰ আয়ুস অনিৰ্দিষ্টকালীন হ’ব। ই-টকা ব্যৱহাৰ কৰিলেও চৰকাৰৰ বহু ধন ৰাহি হ’ব। কাৰণ কাগজৰ নোটৰ ক্ষেত্ৰত হোৱা ছপা, বিতৰণ আৰু সংৰক্ষণৰ বাবে হোৱা খৰচ ডিজিটেল টকাৰ ক্ষেত্ৰত নহ’ব। কাগজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিলে পৰিৱেশ ৰক্ষাও হ’ব।

img 196985 rbicryptobg

কোন বেংকত ই-টকা পাব

এক অধিসূচনাযোগে আৰ বি আয়ে কয় যে ভাৰতীয় ষ্টেট বেংক, বেংক অৱ বৰোদা, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এইচ ডি এফ চি বেংক, আই চি আই চি আই বেংক, কোটাক মহিন্দ্ৰা বেংক, য়েছ বেংক, আই ডি এফ চি ফাৰ্ষ্ট বেংক আৰু এইচ এছ বি চি – এইকেইটা বেংকত ডিজিটেল টকাৰ পাইলট প্ৰজেক্ট আৰম্ভ হ’ব।

(শতাব্দ সম্পাদনা গোট)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More