ডিটনেটৰ বিস্ফোৰণত আহত ৰশ্মীৰ অৱস্থা সংকটজনকঃআন ২৫টা ডিটনেটৰ উদ্ধাৰ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জানুৱাৰী: কালি সন্ধিয়া শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুং তহলদাৰী চকীৰ অন্তৰ্গত দুই নম্বৰ বান্দুগুৰিৰ ১২বছৰীয়া কিশোৰী ৰশ্মী বসুমতাৰী দুৰ্ঘটনাবশতঃ এক ডিটনেটৰ বিস্ফোৰণত গুৰুতৰ ভাবে আহত হোৱা ঘটনাকলৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷উল্লেখযোগ্য যে,কিশোৰীগৰাকীয়ে এখন হাত আৰু এটা চকুত এই বিস্ফোৰণৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে আৰু কালি নিশাই তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ কৰা হৈছে৷কিশোৰী ৰশ্মীৰ অৱস্থা বৰ্তমানেও সংকটমুক্ত নহয়৷ইপিনে,এটা প্লাষ্টিকৰ মোনাত ভালুকপুং ৰে’ল ষ্টেচনৰ সমীপৰ পথৰ দাঁতিৰ জংঘলত এই ডিটনেটৰ ছাত্ৰী ৰশ্মীয়ে পৰিত্যক্ত অৱস্থাত পোৱাৰ পাছত বিয়লি খেলি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,এটা ডিটনেটৰ সৌৰচাকিৰ বেটাৰীৰে সংযোগ ঘটোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়৷ইপিনে এই ঘটনাৰ পাছতে আৰক্ষী তথা অসমৰাইফলছৰ এটা দলে অঞ্চলটোত তালাচী চলাই৷ইপিনে ছাত্ৰীগৰাকীয়ে ঘৰলৈ নিয়া মোনাটোৰ পৰা আৰক্ষীয়ে আন ২৫টা বৈদ্যুতিক ডিটনেটৰ আৰু এটা বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে,টড’ বসুমতাৰীৰ কন্যা ৰশ্মিয়ে জংঘলত পোৱা এই ডিটনেটৰ সমূহ কেনেদৰে তাত পৰি ৰ’ল বা এয়া কোনে কি উদ্দেশ্যে আনিছিল সেয়া নিশ্চিত হোৱা নাই য’দিও এই সন্দৰ্ভত শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই আজি কয় যে,এয়া অসাৱধানতাৰ বাবে কোনো লোকৰ পৰা পৰি যোৱাৰে সম্ভাৱনা অধিক৷ অৱশ্যে বিষয়টোকলৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে বুলিও তেওঁ কয়৷উল্লেখযোগ্য যে,অৰুণাচল প্ৰদেশত সম্প্ৰতি পাথৰ ফলা বহু চৰকাৰী আৰু বেচৰকাৰী কাম চলি আছে৷এনে অৱস্থাত এই ডিটনেটৰ সমূহো এনে কামত ব্যৱহাৰ কৰিবলৈকে অনা হৈছিল বুলি ধাৰণা কৰিছে আৰক্ষীয়ে৷কালিৰ এই লোমহৰ্ষক ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি এগৰাকী কিশোৰী গুৰুতৰ ভাবে আহত হোৱাত শোক প্ৰকাশ কৰিছে স্হানীয় এবছুৱে৷ডিটনেটৰ বিস্ফোৰণৰ এই ঘটনাকলৈ সীমামূৰীয়া গাঁওখনত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More