ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত শ্ৰেষ্ঠ স্নাতক হিচাপে সোণৰ পদক লাভ লখিমপুৰৰ  নিতুমণি দেৱীৰ

0 66

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী নিতুমণি দেৱীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ দীক্ষান্ত সমাৰোহত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ যোৱা ৩ মে’ত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সমাৱৰ্তন অনুষ্ঠানত মেধাৱী ছাত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয়৷  নিতুমণি খগাৰ নিবাসী প্ৰদীপ নাথ আৰু যজ্ঞেশ্বৰী নাথৰ কন্যা৷ উল্লেখনীয় কথা যে প্ৰায় ডেৰ দশকৰ পাছত লখিমপুৰ জিলাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এইগৰাকী ছাত্ৰীয়ে শ্ৰেষ্ঠ স্নাতক সন্মান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More