ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া মহাবিদ্যালয়ত ছাত্ৰ বিক্ষোভ

0 12

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ছাত্ৰ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ IMG 20220826 WA0015তিনিচুকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাই হঠাৎ মাচুল বৃদ্ধিৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অতি সোনকালে মাচুল হ্ৰাস কৰিবলৈ দাবী জনায় ৷ ছাত্ৰ সমাজৰ হকে আৰম্ভ কৰা ন্যায্য যুঁজত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা আৰু ছাত্ৰ-ছাত্ৰী সকললৈ তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ছাত্ৰ সমাজ আৰু আছু গোটৰ তৰফৰ পৰা নৈতিক সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱা বুলি সদৰি কৰা হয় ৷ অনাগত দিনত বিশ্ববিদ্যালয়ৰ প্ৰশাসনে এই দাবী মানি নল’লে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই আহ্বান কৰা যিকোনো কাৰ্যসূচীলৈ সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা থাকিব বুলি উল্লেখ কৰে তিনিচুকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মৌচম গোঁহায়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More