ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লখিমপুৰৰ প্ৰত্যক্ষদৰ্শী ছাত্ৰৰ বিস্ফোৰক ভাষ্য

ৰেগিঙৰ বিৰোধিতা কৰাৰ বাবেই নিৰ্যাতনৰ বলি হৈছিল আনন্দ শৰ্মা 

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰত্যক্ষদৰ্শী লখিমপুৰৰ এজন ছাত্ৰই সম্প্ৰতি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আজি ছাত্ৰজনে লখিমপুৰত নিজমুখে তেওঁ দেখা ৰেগিং কাণ্ডৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ [স্বায়ত্তশাসিত] তৃতীয় ষান্মাসিকৰ ছাত্ৰ ঋতুপৰ্ণ সূত্ৰধৰে আজি কয়- চলিত বৰ্ষৰ ২৪-২৫ ছেপ্টেম্বৰত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক কুইজ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ বিশ্ববিদ্যালয়খনৰ পি এন জি বি হোষ্টেলত নৈশ যাপন কৰিব লগা হৈছিল৷ সেই দিনা নিশা ঋতুপৰ্ণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ কোঠাত অতিথি হিচাপে থকাৰ সুবিধা লাভ কৰিছিল আৰু সেই নিশাই তেওঁ ৰেগিং কাণ্ডৰ ভয়াৱহতা প্ৰত্যক্ষ কৰিছিল৷ এই সন্দৰ্ভত তেওঁ কয়- চুপাৰ ছিনিয়ৰ সকলৰ একাংশই চিগাৰেট খাই কেবাজনো কনিষ্ঠ ছাত্ৰক নিশা ডাষ্টবিন সন্মুখত লৈ প্ৰাৰ্থনা কৰিবলৈ দিছিল৷ অশ্লীল ভাষা প্ৰয়োগ কৰি আনন্দ শৰ্মাৰ কোঠাত চুপাৰ চিনিয়ৰে প্ৰৱেশ কৰি বিভিন্ন নিৰ্যাতন চলাইছিল৷ মদ-ভাং খাই অহা ছিনিয়ৰে ঋতুপৰ্ণকো ৰেগিঙৰ বাবে উদ্যত হৈছিল যদিও তেওঁ অতিথি বুলি জানিব পাৰি ৰেহাই দি অন্য এজন ছিনিয়ৰৰ কোঠালৈ স্থানান্তৰ কৰিছিল৷ উক্ত কোঠাটোতো অতিথি ছাত্ৰ ঋতুপৰ্ণক চিগাৰেট সেৱন কৰিবলৈ কৈছিল৷ আনন্দ শৰ্মাৰ কোঠাৰ দুৱাৰত আনন্দ শৰ্মাৰ নামফলকৰ বিপৰীতে চুপাৰ ছিনিয়ৰৰ নাম ফলক লগাই থোৱা আছিল আৰু তেওঁ জানিব পাৰিছিল যে আগৰে পৰা উক্ত হোষ্টেলত ৰেগিং চলি আছিল৷ বহু সময়ত চুপাৰ ছিনিয়ৰৰ ভাত খোৱাৰ থাল-বাতি ধুবলৈ দিয়া হৈছিল আৰু ৰাতি ৰাতি লৰাবোৰক থিয় কৰি ৰাখিছিল৷ সেই নিশা এজন চুপাৰ ছিনিয়ৰে মাতাল হৈ আনন্দ শৰ্মাৰ কোঠাত প্ৰৱেশ কৰি তেওঁক বিভিন্ন অবাঞ্চিত অলাগতিয়াল প্ৰশ্ন কৰি আছিল আৰু আনন্দ শৰ্মাই উত্তৰো দি গৈছিল৷ তেনে সময়তে এজন ৱাৰ্ডেন আহিছিল আৰু ৱাৰ্ডেনজনে দুৱাৰখন খুলি দিয়াত ছিনিয়ৰজনৰ মূৰত দুৱাৰখন লাগি যোৱাত ছিনিয়ৰজনে অশ্লীল মাত মাতি ৱাৰ্ডেনজনক মাৰিবলৈ উদ্যত হৈছিল যদিও ৱাৰ্ডেনজনে সকলো দেখি আঁতৰি গৈছিল৷ ঋতুপৰ্ণই আজি জনোৱা অনুসৰি আনন্দ শৰ্মাই পূৰ্বৰে পৰা ৰেগিঙৰ বিৰোধিতা কৰি আহিছিল আৰু তাৰ বাবে তেওঁ অত্যাচাৰৰ সন্মুখীন হৈছিল৷ ঘটনাৰ নিশাও আনন্দ শৰ্মাক নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ হোষ্টেলৰ কোঠাত থিয় কৰাই ৰাখিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More