ডিব্ৰুগড়ত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক

0 10

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২১ জুনঃ ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা ৰাজ্যিক আয়ুষ অভিযানৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত অনুষ্ঠিত কৰা যোগ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী  শৰ্মাই কয় যে, যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া । যোগে প্ৰাণৰ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায় । নতুন প্ৰজন্মক সুস্থভাৱে গঢ় দিব নোৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এখন শক্তিশালী ৰাজ্য গঠন কৰিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, যুৱপ্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব লাগিব। তেতিয়াহে উন্নয়ন প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হ’ব। সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি যুঁজ দি আছে সেই যুঁজত চামিল হৈ এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ সন্মুখত নিয়মিতভাৱে যোগৰ অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আদৰ্শ স্থাপন কৰিব লাগিব। তেওঁ কয়, গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল- যদি চিত্ত স্থিৰ কৰিব নোৱৰা তেন্তে অভ্যাস যোগৰ দ্বাৰা মোক লাভ কৰিবলৈ ইচ্ছা কৰিবা। যোগ হৈছে ভাৰতীয় প্ৰাচীনতম সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ইফালে মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই ভাষণৰ আৰম্ভণিৰ পূৰ্বেই বানাক্ৰান্তসকললৈ স্মৰণ কৰি কয়, আজি দিৱস উদযাপনৰ আৰম্ভণিতে সেইসকলক মনত ৰাখিছোঁ যিসকল ব্যক্তিয়ে সাম্প্ৰতিক বানৰ কবলত পৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে, আমি তেখেতসকলৰ কাষত সদায় থিয় হৈ আছোঁ। মুখ্যমন্ত্ৰীয়ে  জানিবলৈ দিয়ামতে, স্বাধীনতাৰ ৭৫ বছৰ লগত সংগতি ৰাখি আয়োজন কৰি থকা অমৃত মহোৎসৱৰ উপলক্ষে ৰাজ্যৰ ৭৫ টা ঐতিহ্যমণ্ডিত স্থানত আজি বিশেষভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে চৰকাৰে। ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পৰিকল্পনা অনুসৰি কেইবাখনো জিলাত যোগ দিৱস অনুষ্ঠিত কৰিব নোৱাৰাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীজনে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অভিযান সঞ্চালিকা তথা ৰাজ্যিক আয়ুষ অভিযানৰ সঞ্চালিকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়, প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলৰ হাতত আৰম্ভ হোৱা যোগাভ্যাস ভাৰতৰ এক মৌলিক সম্পদ। বুদ্ধিমত্তা, মন, আৱেগ আৰু ইচ্ছাশক্তি- এই আটাইবোৰলৈ অনুশাসন আনি শৃংখলাবদ্ধ কৰিব পৰা অভ্যাসেই যোগাভ্যাস। ইফালে অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে যোগ দিৱসৰ কাৰ্যসূচী। আজি পুৱা প্ৰায় ৬.৩০ বজাৰ আৰম্ভ হোৱা এই যোগ দিৱসৰ কাৰ্যসূচী সমাপন হয় পুৱা প্ৰায় ৮ বজাত। চৌকিডিঙ্গিত অনুষ্ঠিত হোৱা আজিৰ যোগ দিৱসৰ কাৰ্যসূচীত পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এনএইচএম অসমৰ অভিযান সঞ্চালিকা তথা ৰাজ্যিক আয়ুষ অভিযানৰ সঞ্চালিকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰকে ধৰি ভালেকেইগৰাকী বিষয়াই উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More