ডিব্ৰুগড়ত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান

অসমৰ ৭৫ স্থানত হ'ব যোগ দিৱসৰ বিশেষ কাৰ্যসূচী

0 19

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান ২১ জুনত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব। এই যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ ৰাজ্যিক অনুষ্ঠানৰ উপৰি সকলো জিলা আৰু মহকুমা সদৰসহ ৰাজ্যৰ মুঠ ৭৫ টা স্থানত এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ কাৰ্যসূচী পালনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত আজি সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ডিব্ৰুগড়কে ধৰি সকলো জিলাৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। গুৱাহাটীস্থিত এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা পৰিচালিত হোৱা এই ভিডিঅ’ কনফাৰেন্সত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু এন এইচ এম অসমৰ অভিযান সঞ্চালক তথা ৰাজ্যিক আয়ুষ অভিযানৰ সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই অংশগ্ৰহণ কৰে। এই ভিডিঅ’ কনফাৰেন্সত স্বাস্থ্যমন্ত্ৰী মহন্তই উপায়ুক্তসকলক জানিবলৈ দিয়ে যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ হোৱাৰ গৌৰৱময় উপলক্ষত কেন্দ্ৰীয় চৰকাৰে পালন কৰা আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি অহা ২১ জুনত সকলো জিলা সদৰ-মহকুমা সদৰৰ উপৰি নিৰ্বাচিত ঐতিহ্যস্থলীসহ মুঠ ৭৫ টা স্থানত যোগ দিৱস উদযাপনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More