ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানৰ পৰা ৪ গৰাকী শিক্ষাৰ্থীৰ স্থান লাভ

তিনিওটা শাখাৰে উত্তীৰ্ণৰ হাৰ আছিল উন্নত

0 49

মেট্ৰিকতো দ্বিতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা বিজ্ঞানত দ্বিতীয় স্থান

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ কৃতী ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই।IMG 20220627 WA0031 ডিব্ৰুগড়ৰ অন্যতম ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান চল্টব্ৰুক একাডেমিৰ মেধাৱী ছাত্ৰী অলংকৃতাই সৰ্বমুঠ ৪৮৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় চহৰৰ টেকেলা চিৰিং গাঁৱৰ মূলা গাভৰু পথৰ নিবাসী তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা গৌতম কৌশিক বৰুৱা আৰু গৃহিনী ৰঞ্জন শইকীয়া বৰুৱাৰ কন্যা অলংকৃতা গৌতম বৰুৱাই ২০২০ চনত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি সমগ্ৰ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰখা অলংকৃতাই আজৰি সময়ত বিভিন্ন কিতাপ-আলোচনী পঢ়ি সময় কটায়। নিয়মীয়া অধ্যয়নৰ ক্ষেত্ৰত সূচী নাথাকিলেও উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যপুথিসমূহ মনোযোগেৰে অধ্যয়ন কৰিছিল অলংকৃতাই। তেওঁৰ এই কৃতিত্বৰ বাবে শিক্ষাগুৰু, পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনক ধন্যবাদ জনাইছে। ইফালে কৃতী ছাত্ৰী অলংকৃতাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ টেকেলা চিৰিং গাঁও অঞ্চলটো। উল্লেখযোগ্য যে, অলংকৃতাই ইংৰাজীত ৯৫, ঐচ্ছিক ইংৰাজীত ৯৪, পদাৰ্থ বিজ্ঞানত ১০০, ৰসায়ন বিজ্ঞানত ৯৯, গণিতত ১০০ আৰু জীৱ বিজ্ঞান বিষয়ত ৯৮ নম্বৰসহ সৰ্বমুঠ ৪৮৮ নম্বৰ লাভ কৰি সমগ্ৰ জিলাখনৰ লগতে চল্টব্ৰুক বিদ্যালয়লৈয়ো সুনাম কঢ়িয়াই আনিছে অলংকৃতা গৌতম বৰুৱাই।

বিজ্ঞান শাখাত পঞ্চম স্থানত উজ্বলিল চল্টব্ৰুকৰ আইমন শ্বোৱেইবৰ

বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভেৰে উজ্বলিল ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত চল্টব্ৰুক একাডেমিৰ কৃতী ছাত্ৰী আইমন শ্বোৱেইব।IMG 20220627 WA0036 আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৪৮১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে বিজ্ঞান শাখাত পঞ্চম স্থান অধিকাৰ কৰিলে আইমনে। তিনিচুকীয়া মাকুমৰোডস্থিত সিদ্ধামৰ নিবাসী তথা ব্যৱসায়ী পিতৃ শ্বোৱেইব আহমেদ আৰু গৃহিনী মাতৃ চৱনাম শ্বোৱেইবৰ কন্যা আইমনে অহা ১৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া নীট পৰীক্ষাৰৰ কাৰণে নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তোলাৰ কথা প্ৰকাশ কৰিছে। নিজৰ ফলাফল সন্দৰ্ভত আইমনে সংবাদ মাধ্যমৰ আগত কয় যে, কোনোদিনে স্থান লাভ কৰিম বুলি আশা কৰা নাছিলোঁ। কিন্তু ভাল ফলাফল পাম বুলি আশাবাদী আছিলোঁ। আইমনৰ অধ্যয়নৰ ক্ষেত্ৰত অভিভাৱকে যথেষ্ট উৎসাহ দিয়াৰ কথা উল্লেখ কৰি তেওঁৰ এই সাফল্যৰ বাবে শিক্ষাগুৰু, ছাত্ৰীৱাসৰ তত্বাৱধায়কক কৃতজ্ঞতা জনাইছে। পঢ়াৰ বাবে নিৰ্দিষ্ট সময়সূচী নাথাকিলেও আইমনে যিখিনি সময় পাইছিল, সেই সময়খিনিক সদব্যৱহাৰ কৰি মনোযোগেৰে অধ্যয়ন কৰিছিল আইমনে। আনহাতে নিজৰ ওপৰত বিশ্বাস ৰাখি জীৱন বাটত আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে কঠোৰ অধ্যয়নে শিক্ষাৰ্থী জীৱনক সফল কৰি তোলাত সহায় কৰে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, ইংৰাজীত ৯২, ঐচ্ছিক ইংৰাজীত ৯৩, পদাৰ্থ বিজ্ঞানত ১০০, ৰসায়ন বিজ্ঞানত ৯৭, গণিটত ৯৯ আৰু জীৱ বিজ্ঞান বিষয়ত ৯৬ নম্বৰসহ সৰ্বমুঠ ৪৮১ নম্বৰ লাভ কৰিছে আইমন শ্বোৱেইবে।

মেট্ৰিকত সপ্তম স্থানপ্ৰাপ্ত আৰ কেৰ অভিলাষা দত্তৰ বিজ্ঞানত ষষ্ঠ স্থান লাভ

 ২০২০ চনত ঘোষিত শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থানপ্ৰাপ্ত ড০ ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড চাইঞ্চৰ কৃতী ছাত্ৰী অভিলাষা দত্তই আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতো বিজ্ঞান শাখাত ষষ্ঠ স্থান লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।IMG 20220627 WA0038 1 লখিমপুৰ জিলাৰ কে বি ৰোডৰ জীয়াৰী অভিলাষাই ভৱিষ্যতৰ বাবে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সপোন পুহি ৰখাৰ কথা প্ৰকাশ কৰিছে। অভিলাষা দত্তৰ পিতৃ অলক কুমাৰ দত্ত হৈছে অসম চৰকাৰৰ সহকাৰী পৰিস‌ংখ্যা বিভাগৰ বিষয়া আৰু মাতৃ পল্লৱিকা দত্ত হৈছে এগৰাকী গৃহিনী। এইগৰাকী কৃতী ছাত্ৰীৰ কৃতিত্বত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। সংবাদ মাধ্যমৰ আগত নিজৰ কৃতিত্বৰ সন্দৰ্ভত কয় যে, এই ফলাফলৰ বাবে যথেষ্ট ভাল লাগিছে। ইয়াৰ বাবে পিতৃ-মাতৃ, শিক্ষাগুৰুসকলক কৃতজ্ঞতা জনাইছে অভিলাষা বৰাই। আজৰি সময়ত গীত গাই, ছবি আঁকি ভালপোৱা অভিলাষাই পঢ়াৰ সময়খিনিত খুব মনোযোগেৰে অধ্যয়ন কৰিছিল বুলি প্ৰকাশ কৰিছে। ইফালে অভিলাষা বৰঠাকুৰে ইংৰাজীত ৮৯, ঐচ্ছিক ইংৰাজীত ৯২, পদাৰ্থ বিজ্ঞানত ৯৯, জীৱ বিজ্ঞানত ৯৫, গণিতত ৯৯ আৰু ৰসায়ন বিজ্ঞান বিষয়ত ৯৪ নম্বৰসহ সৰ্বমুঠ ৪৭৪ নম্বৰ লাভ কৰি ষষ্ঠ স্থান লাভ কৰিছে। উল্লেখযোগ্য যে, অভিলাষা বৰাৰ কৃতিত্বৰ খবৰৰ পিছতে শিক্ষানুষ্ঠানখনত ফটকা-আতচবাজী ফুটাই আনন্দ উল্লাহ কৰে ছাত্ৰ-ছাত্ৰীসকল।

বিজ্ঞানত দশম স্থানপ্ৰাপ্ত আৰ কেৰ অন্তৰীক্ষা মজুমদাৰ হ’ব চিকিৎসক

এগৰাকী সুচিকিৎসক হোৱাৰ মন উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত দশম স্থানত জিলিকিল কৃতী ছাত্ৰী অন্তৰীক্ষা মজুমদাৰে। ডিব্ৰুগড় চহৰৰ আমোলাপট্টিস্থিত ড° ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড চাইঞ্চৰ কৃতী শিক্ষাৰ্থী অন্তৰীক্ষা মজুমদাৰে বিজ্ঞানত দশম স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।IMG 20220627 WA0037 চহৰখনৰ আমোলাপট্টিস্থিত নিবাসী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপক ড° দিলীপ মজুমদাৰ আৰু ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° জ্যোতিমা ফুকনৰ কন্যা অন্তৰিক্ষাই নিজৰ কৃতিত্বৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। অধ্যয়নৰ বাবে নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ নকৰাকৈ যথেষ্ট মনোযোগেৰে অধ্যয়ন কৰিছিল অন্তৰীক্ষাই। বিগত দুটা বছৰত শিক্ষাগুৰুসকলে অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে অন্তৰীক্ষাই। আজৰি সময়ত কিতাপ-আলোচনী ভালপোৱা অন্তৰীক্ষাই তেওঁৰ পিছৰ প্ৰজন্মক মনোযোগেৰে অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়‌। অন্তৰীক্ষাই ইংৰাজীত ৮৯, ঐচ্ছিক ইংৰাজীত ৯২, পদাৰ্থ বিজ্ঞানত ৯৯, জীৱ বিজ্ঞানত ৯৫, গণিতত ৯৯ আৰু ৰসায়ন বিজ্ঞানত ৯৯ নম্বৰসহ সৰ্বমুঠ ৪৭৪ নম্বৰ লাভেৰে বিজ্ঞান শাখাত দশম স্থান লাভ কৰিছে।

ডিব্ৰুগড় জিলাত কলা শাখাত ৮২.৯১ শতাংশ, বাণিজ্য শাখাত ৮৫.৪০ শতাংশ, বিজ্ঞান শাখাত ৯৩.৯৭ শতাংশ উত্তীৰ্ণ

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২৭ জুনঃ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানক চেৰ পেলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতো জয়যাত্ৰা অব্যাহত আছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা চাৰিগৰাকী কৃতী শিক্ষাৰ্থীয়েই আছিল দুখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ। চহৰখনৰ আমোলাপট্টিস্থিত ড° ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড চাইঞ্চৰ দুগৰাকী ছাত্ৰীয়ে দুটাকৈ স্থান লাভ কৰাৰ বিপৰীতে চল্টব্ৰুক একাডেমিৰ দুগৰাকী ছাত্ৰীয়ে লাভ কৰিছে ৰাজ্যৰ ভিতৰতে শীৰ্ষ দুটাকৈ স্থান। আটাইকেইগৰাকী স্থানপ্ৰাপ্ত ছাত্ৰীয়েই আছিল বিজ্ঞান শাখাৰ। ইয়াৰে ডিব্ৰুগড় চল্টব্ৰুক একাডেমিৰ অলংকৃতা গৌতম বৰুৱাই দ্বিতীয় স্থান, আইমন শ্বোহেইবৰ পঞ্চম স্থান, চহৰখনৰ আমোলাপট্টিস্থিত ড° ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড চাইঞ্চৰ অন্তৰিক্ষা মজুমদাৰে বিজ্ঞানত দশম স্থান আৰু অভিলাষা দত্তই ষষ্ঠ স্থান লাভ কৰিছে। বিগত বৰ্ষসমূহতকৈ এইবাৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় জিলাত তিনিওটা শাখাৰে উত্তীৰ্ণৰ হাৰ আছিল উন্নত। জিলাখনত কলা শাখাত ৮২.৯১ শতাংশ, বাণিজ্য শাখাত ৮৫.৪০ শতাংশ, বিজ্ঞান শাখাত ৯৩.৯৭ শতাংশ উত্তীৰ্ণ হৈছে। ইয়াৰে কলা শাখাত ৫৮০৬ জনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১২১১ জনে প্ৰথম বিভাগ, ১৭৩৬ জনে দ্বিতীয় বিভাগ, ১৮৬৭ জনে তৃতীয় বিভাগ মুঠ ৪৮১৪ জনে উত্তীৰ্ণ হৈছে। বাণিজ্য শাখাত ৯৮৯ জনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰথম বিভাগত ৩২৯ জন, দ্বিতীয় বিভাগত ২৯৭ জন, তৃতীয় বিভাগত ১৯৩ জন আৰু মুঠ ৮১৯ জনে উত্তীৰ্ণ হৈছে। ইফালে বিজ্ঞান শাখাত ১৫৯২ জন পৰীক্ষাৰ্থীৰ বিপৰীতে ১১৩৮ জন প্ৰথম, ৩৩৪ জন দ্বিতীয়, ২৪ জন তৃতীয় বিভাগসহ ১৪৯৬ জনে উত্তীৰ্ণ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More