ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বাৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্তালোচনী উন্মোচন

0 35

উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লীলা কান্ত নাথে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ত্ৰিমাসিক বাৰ্তালোচনী এল্ কম নিউজৰ বৰ্তমানৰ সংখ্যা আৰু সংকলিত সংখ্যা উন্মোচন কৰে। সেই উদ্দেশ্যে মহাবিদ্যালয়ৰ আলোচনা গৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপাচাৰ্য ড° নাথে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰিত অতিথিৰ উপস্থিতিত বাৰ্তালোচনীখনি উন্মোচন কৰে। মহাবিদ্যালয়ৰ পৰিচালনা সমিটিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে উদ্বোধন কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বাৰ্তালোচনী কোষৰ সমন্বয়ৰক্ষী আৰু সম্পাদক ড° হৰিণী পাটোৱাৰী দাসে। সভাত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভূঞা আৰু পানীগাঁও ঔম প্ৰকাশ দিনোদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।বাৰ্তালোচনী উন্মোচন কৰি দিয়া ভাষণত উপাচাৰ্য ড° নাথে ইতিমধ্যে পঞ্চাছ বছৰ অতিক্ৰম কৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে। তেখেতে মহাবিদ্যালয়ৰ শিক্ষকসকলক গৱেষণা আৰু সেৱাৰ মনোভাবেৰে মহাবিদ্যালয়লৈ অৰিহণা যোগাবলৈ আহ্বান জনায়।একেটা অনুষ্ঠানতে ত্ৰি-মাসিক বাৰ্তালোচনী এল্ কম নিউজৰ ইণ্টাৰনেট সংস্কৰণ মুকলি কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰী আৰু পানীগাওঁ ওম প্ৰকাশ দিনোদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ দত্তই ভাষণ ৰাখে। সভাত উপাচাৰ্য ড° লীলা কান্ত নাথৰ সৈতে এটা মুখামুখি অনুষ্ঠনৰো আয়োজন কৰা হয়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই অধ্যাপক অচ্যুত কুমাৰ গগৈয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More