ডি এন এ পৰীক্ষা কৰিলে অধিকাংশ মুছলমানৰে মূল সত্বা হিন্দুৱেই ওলাব – – মুক্তাৰ হুছেইন, প্ৰাক্তন সভাপতি, ৰাজ্যিক সংখ্যালঘু মৰ্চা

তেজপুৰত বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ সামৰণি

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ মাৰ্চ : যোৱা দুটা দিনত তেজপুৰত সংখ্যালঘুৰ মাজত দেখা পোৱা গ’ল বিজেপি প্ৰীতি। অকল বিজেপি প্ৰতিয়েই নহয় দেশৰ স্বাধীনতাৰ পিছত বিজেপি দলেহে সংখ্যালঘু সকলৰ উন্নয়নৰ বাবে অধিক কল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰো কথা ৰাজ্যখনৰ একাংশ সংখ্যালঘু নেতাৰ মুখত সততে শুনিবলৈ পোৱা গ’ল। আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত সংখ্যালঘূ নাগৰিকসকল উপেক্ষিত হৈ অহা বুলি বিভিন্ন পক্ষই উদ্বেগ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে কালিৰে পৰা তেজপুৰত পৰিলক্ষিত হয় ইয়াৰ বিপৰীত দৃশ্য ৷ প্ৰকৃতাৰ্থত বিজেপি নেতৃত্বাধীন চৰকাৰেহে কামেকাজে সংখ্যালঘু সকলৰ উন্নয়নৰ চিন্তা কৰে বুলি একাংশ ধৰ্মীয় সংখ্যালঘু নেতাই স্পষ্টভাৱে আনকি আজি তেজপুৰত মত প্ৰকাশ কৰে। উল্লেখ্য যে কালিৰে পৰা তেজপুৰত অনুষ্ঠিত হৈছে বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা ৷ “অসমত বসবাস কৰা প্ৰায় প্ৰতিজন লোকেই আছিল হিন্দু ধৰ্মৰ৷ কালক্ৰমত হিন্দুৰ পৰা অধিকাংশই গ্ৰহণ কৰে ইছলাম৷” –এই গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিশেষভাৱে চৰ্চিত হ’ল তেজপুৰত অনুষ্ঠিত সভাখনত ৷ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি মুক্তাৰ হুছেইন খানে কাৰ্যনিৰ্বাহকত এই গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰদানৰ পিছতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – যদিওবা ডিএনএ ৰ কথা পোনপটীয়াকৈ কোৱা নাই, কিন্তু ডি এন এ পৰীক্ষা কৰিলে অধিকাংশ মুছলমানৰে মূল সত্বা হিন্দুৱেই ওলাব আৰু এই সত্যক আমি মানি লৈছোঁ ৷ সাম্প্ৰতিক সময়ত বিজেপিয়েহে অসমৰ মুছলমান তথা সংখ্যালঘু লোকৰ প্ৰতি অধিক দৰদ দেখুৱাবলৈ সক্ষম হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুক্তাৰ হুছেইনে৷ আনহাতে, কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিজেপি নেতা মুক্তাৰ হুছেইনৰ মন্তব্যক সমৰ্থন জনাই অসমত বসবাস কৰা অধিকাংশ লোক পূৰ্বতে হিন্দু মূলৰ আছিল বুলি মন্তব্য কৰে বিজেপি নেতা অশোক ভট্টৰায়ে ৷ উচ্ছেদৰ প্ৰসংগ উল্লেখ কৰি পৰিবহণ নিগমৰ প্ৰাক্তন উপাধ্যক্ষ ভট্টৰাইয়ে বৰ্তমানৰ বিজেপি চৰকাৰে সেয়ে সমদৃষ্টিত সম-অধিকাৰৰ সপক্ষে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰা বুলিও মন্তব্য কৰে৷ একে সুৰতে সুৰ মিলাই সংখালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি চান্টিয়াজ কুজুৰ আৰু সংখ্যালঘু বোৰ্ডৰ চেয়াৰমেন হাবিব মহম্মদ চৌধুৰীয়েও অসমৰ মুছলমান হিন্দু মূলৰ বুলি ইতিহাসে কৈ অহা কথাকে পুনৰবাৰ উত্থাপন কৰা হৈছে বুলি দাবী কৰি শেহতীয়াকৈ চলোৱা উচ্ছেদৰ জৰিয়তে স্থায়ী সমাধানৰ সূত্ৰহে উলিওৱা হৈছে বুলি উল্লেখ কৰে ৷ সদ্য ঘোষিত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত ইয়াৰ প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছে তেওঁলোকৰ ৭০ বছেৰেকীয়া শাসনকালত উচ্ছদিত লোক সকলক কিয় পুনঃসংস্হাপন কৰা নহ’ল বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে ৷ উল্লেখ্য যে, কালিৰে পৰা তেজপুৰ মাজগাঁওস্থিত হিলবিলি বিবাহভৱনত অনুষ্ঠিত হৈছে বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠক৷ আজি দ্বিতীয় দিনৰ মূল সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰাক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ৷ চুবুৰীয়া ৰাজ্য মেঘালয়, নগালেণ্ড আৰু ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নোত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে, আজি ঘোষিত ফলাফল অনুসৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব তিনি ৰাজ্যতে ৷ ইয়াৰ বাবে মূল কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ ভূমিকা আৰু নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ কষ্টৰ ফলতে বিজেপিয়ে আশানুৰূপ ফল লাভ কৰিছে ৷ তেওঁ মেঘালয়, নগালেণ্ড আৰু ত্ৰিপুৰাৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰি বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত আৰু অধিক ভাল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷ আনহাতে, মূল্যবৃদ্ধি প্ৰসংগত “আপুনি/মই সকলো গ্ৰাহক ৷ মূল্যবৃদ্ধিয়ে আমাকো চুইছে৷ কিন্তু মূল্যবৃদ্ধি সাধাৰণ দৃষ্টিত হ্ৰাস কৰাতো সম্ভৱপৰ নহয় ” বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ৷ ইপিনে সাংবাদিকৰ আগত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বনমন্ত্ৰী গৰাকীয়ে কয় – সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰা হ’বই ৷ সেয়েহে বনাঞ্চলত উচ্ছেদ অভিযান চলিবই ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো উচ্ছেদ অভিযান চলিব আৰু সোণাই ৰূপাইটো চলিব ৷ একেদৰে গোৱালপাৰা আৰু কৰিমগঞ্জ জিলাতো চলিব ৷ উচ্ছেদৰ ক্ষেত্ৰত হিন্দু-মুছলমান বুলি কথা নাই ৷ আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰি এনে অঞ্চলসমূহত ২১খন আৱাসিক আদৰ্শ বিদ্যালয়ৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে আৰু এনে প্ৰতিখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ বাবদ ৩০ কোটি ৪২লাখ টকা ধাৰ্য্য কৰা হৈছে বুলি সদৰী কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More