ডি এন এ ৰ দ্বাৰা নিৰ্মিত ভয়ংকৰ জৈৱ অস্ত্ৰ

0 20
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুলাই: বিশ্বলৈ এবিধ নতুন অস্ত্ৰ আহিল। যিবিধ কেৱল আধুনিকেই নহয়, ইয়াৰ ধ্বংস ক্ষমতাও ভয়ানক। শেহতীয়াকৈ এই জৈৱিক অস্ত্ৰৰ প্ৰতি সঁহাৰি জনোৱা হৈছে। আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ চোৰাংচোৱা সমিতিৰ অন্যতম সদস্য জেছন ক্ৰ’ৱে শেহতীয়াকৈ জৈৱিক অস্ত্ৰৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিছে। ক’লৰাড’ৰ চিনেটৰ জেছন ক্ৰ’ৱেও সকলোতে ডি এন এ প্ৰফাইল শ্বেয়াৰ নকৰিবলৈ সকীয়াই দিয়ে। লগতে বিভিন্ন দেশে এনেধৰণৰ জৈৱিক অস্ত্ৰ নিৰ্মাণৰ কাম কৰি আছে বুলিও তেওঁ নিজৰ মতামত ব্যক্ত কৰে। নতুন ধৰণৰ জৈৱিক অস্ত্ৰৰ বিপদৰ বিষয়ে এক মঞ্চত দিয়া ভাষণত জেছন ক্ৰ’ৱে এই কথা কয়। তেওঁ কয়— ‘’ডি এন এ ব্যৱহাৰ কৰি কোনো বিশেষ ব্যক্তিক হত্যা কৰিবলৈ বায়’-ৱেপন তৈয়াৰ কৰা হয়। গতিকে বেচৰকাৰী সংস্থাৰ লগত ডি এন এ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত অসাৱধান নহ’ব। যদি তেনেকুৱা হয় তেন্তে যিকোনো ব্যক্তিয়েই জৈৱিক অস্ত্ৰৰ লক্ষ্য হ’ব পাৰে।” কাৰোবাৰ ডি এন এ লোৱা মানে তেওঁলোকৰ সম্পূৰ্ণ মেডিকেল প্ৰফাইল বন্দী কৰা। ডি এন এ ব্যৱহাৰ কৰিও এটা বিশেষ সম্প্ৰদায়ৰ সমগ্ৰ জনসংখ্যাক লক্ষ্য কৰি ল’ব পাৰি। আৰু এই ক্ষেত্ৰত হত্যাকাৰীক বিচাৰি উলিওৱাটো কঠিন হ’ব। ডি এন এ ভিত্তিক জৈৱ অস্ত্ৰৰ বিষয়েও আমেৰিকাৰ চেনেটত আলোচনা হৈছে। সশস্ত্ৰ সেৱা সমিতিৰ সদস্য আইঅ’ৱাৰ চিনেটৰ জনী আৰ্নষ্টে দাবী কৰে যে চীন আৰু ৰাছিয়াৰ দৰে আমেৰিকাৰ বিৰোধীয়ে এনেধৰণৰ ডি এন এ ভিত্তিক জৈৱ অস্ত্ৰ প্ৰস্তুত কৰি আছে। আমেৰিকাৰ খাদ্য যোগানক বৃহৎ পৰিসৰত আক্ৰমণ কৰিবলৈ এনে অস্ত্ৰ নিয়োগ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে। পাৰমাণৱিক বোমাই যিমানেই সন্ত্ৰাস সৃষ্টি কৰে, জৈৱিক অস্ত্ৰবোৰো ঠিক তেনেদৰেই নিৰৱ হত্যাকাৰী। ডি এন এ ভিত্তিক জৈৱ অস্ত্ৰই ভৱিষ্যতৰ পৃথিৱীত পাৰমাণৱিক বোমাৰ ঠাই ল’ব পাৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More