ডি ৱাই চন্দ্ৰচুড় ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ?

বৰ্তমানৰ মুখ্য ন্যায়াধীশ ললিতৰ দ্বাৰা প্ৰস্তাৱিত নাম

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ অক্টোবৰ : ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাৰ কিছুদিনৰ ভিতৰতে তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰিছে। তেওঁ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম প্ৰস্তাৱ কৰে। আজি ১১ অক্টোবৰ মঙলবাৰে পুৱা তেওঁ ন্যায়াধীশ চন্দ্ৰচূড়লৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশৰ উপস্থিতিত ন্যায়াধীশ ইউ ইউ ললিতে এই পত্ৰ প্ৰদান কৰে। সেই পত্ৰত তেওঁক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে উল্লেখ কৰা হৈছিল। ইফালে, এই সন্দৰ্ভত ন্যায়াধীশ ললিতেও কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ পত্ৰ লিখিব বুলি জানিব পৰা গৈছে। যোৱা সপ্তাহত তেওঁক কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম উল্লেখ কৰিবলৈ কৈছিল। উল্লেখযোগ্য যে এন ভি ৰমনৰ পিছত আগষ্ট মাহত ন্যায়াধীশ ইউ ইউ ললিতে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰে। অৱশ্যে এই পদত তেওঁৰ কাৰ্যকাল মাত্ৰ তিনিমাহহে। ৮ নৱেম্বৰত শেষ হ’ব মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ কাৰ্যকাল। তাৰ পূৰ্বে ন্যায়াধীশ ললিতে তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰিছে। ন্যায়াধীশ ললিতৰ পিছত দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচুড়। ইফালে, যদিহে মুখ্য ন্যায়াধীশক নিযুক্তি দিয়া হয় তেন্তে ২০২৪ চনৰ ১০ নৱেম্বৰত শেষ হ’ব ন্যায়াধীশ চন্দ্ৰচুড়ৰ কাৰ্যকাল। ইয়াৰ পূৰ্বে ন্যায়াধীশ চন্দ্ৰচুড়ে ১৯৯৮ চনত ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ
কৰিছিল। ২০১৩ চনত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়তো কাম কৰিছিল। ২০১৬ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদলৈ উন্নীত হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More