ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব

0 72

 শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্ট: যদিও ফলবিধ বিদেশী, তথাপি ড্ৰেগন ফলে আমাৰ দেশত ক্ষিপ্ৰতাৰে স্বীকৃতি লাভ কৰিছে। ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব ! ই আচলতে এক প্ৰকাৰৰ কেকটাছ ভিত্তিক ফল। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। ই আমাৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত ভূমিকা পালন কৰে। ইয়াৰ উপৰি কৰ্কট ৰোগৰ সম্ভাৱনাও কমায়। আমাৰ দেশত এই আকৰ্ষণীয় আৰু সুস্বাদু ফলৰ চাহিদা বাঢ়িছে। ফলবোৰ খোৱাৰ উপৰি মিল্কশ্বেক, চালাড আদি বনাব পাৰি।

ড্ৰেগন ফলৰ পুষ্টিঃ ড্ৰেগন ফলত কেলৰি অতি কম। ইয়াত পৰ্যাপ্ত পৰিমাণে ডায়েটেৰী ফাইবাৰ থাকে। এক কাপ ড্ৰেগন ফলৰ ৰসত ১৩৬ কেলৰি, ৩ গ্ৰাম প্ৰটিন, ৭ গ্ৰাম ফাইবাৰ, ৮ শতাংশ আইৰণ, ১৮ শতাংশ মেগনেছিয়াম, ৯ শতাংশ ভিটামিন-চি, ৪ শতাংশ ভিটামিন-ই, আৰু একেবাৰেই চৰ্বি নাই।
এন্টিঅক্সিডেন্টত সমৃদ্ধ: ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াত এন্টিঅক্সিডেন্ট যেনে ফ্লেভনয়ড, ফেনলিক এচিড আৰু বিটাচাইনিন থাকে।এই প্ৰাকৃতিক উপাদানবোৰে আমাৰ কোষবোৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ই কেন্সাৰ আৰু অকাল বয়স বৃদ্ধিৰ দৰে সমস্যা ৰোধ কৰে।

ডায়েবেটিছ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: ড্ৰেগন ফলে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাতো কাম কৰে। ইয়াত পৰ্যাপ্ত পৰিমাণৰ ফাইবাৰ থাকে, যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মিতভাৱে ড্ৰেগন ফল খালে ডায়েবেটিছ ৰোগ দূৰত থাকিব পাৰে। গতিকে যিসকলে এনে বিপদত পৰিছে, তেওঁলোকে নিয়মিতভাৱে ড্ৰেগন ফল খাব পাৰে।

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: নিয়মিতভাৱে ড্ৰেগন ফল খালে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত কাম কৰে। কাৰণ ইয়াৰ কৰ্কট ৰোগ প্ৰতিৰোধী গুণ আছে। বিশেষকৈ এই ফলটোৱে কলন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত কাম কৰে। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। গতিকে এই ফল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা সোনকালে বৃদ্ধি পায়। ই কেন্সাৰৰ বাহিৰেও এলঝেইমাৰ, পাৰ্কিনছন, ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে।

হজমৰ বাবে উপকাৰী: ড্ৰেগন ফল হজমৰ বাবে অতি উপকাৰী। ই আমাৰ শৰীৰত উপকাৰী বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে। যাৰ বাবে হজম কাৰ্য্যও ভাল হয়। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে ভাল পাচনতন্ত্ৰ বজাই ৰখাত সহায় কৰে। গতিকে যদি আপুনি ভাল হজম বজাই ৰাখিব বিচাৰে তেন্তে নিয়মিতভাৱে ড্ৰেগন ফল খাব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More