ড° ভূপেন হাজৰিকাৰ বিশেষ ভিডিঅ, দুৰ্লভ ফটো, কথা আৰু কালজয়ী গীতৰ আধাৰত নৃত্যৰে তেজপুৰীয়া সচেতন শিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস- “সুধাকণ্ঠ – দ্য লিজেণ্ড”

ৰঙালী বিহুৰ মঞ্চ আৰু অন্য সাংস্কৃতিক অনুষ্ঠান সুধাকণ্ঠৰ বিশেষ শ্ৰদ্ধাঞ্জলিৰে জীপাল কৰাৰ মহৎ প্ৰয়াসেৰে দৃষ্টান্ত

0 38

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ মাৰ্চ : আগন্তুক ৰঙালী বিহুৰ মঞ্চৰ লগতে যিকোনো সাংস্কৃতিক অনুষ্ঠানত অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি, জীৱন-দৰ্শনক অতি কলাত্মক আৰু নান্দনিক ৰূপেৰে তুলি ধৰি বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এক সুৰীয়া আৰু সাংগীতিক অনুষ্ঠানেৰে সাজু হৈছে তেজপুৰৰ একাংশ ৰুচিশীল, সচেতন শিল্পীৰ দল । “সুধাকণ্ঠ – দ্য লিজেণ্ড” শীৰ্ষক ৪০ মিনিটৰ নৃত্য – গীত – কথাৰ এই বিশেষ অনুষ্ঠানেৰে সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰ একাংশ, জীৱন দৰ্শন, বিভিন্ন মুহূৰ্তৰ সুধাকণ্ঠ গৰাকীৰ মুখৰ ভাষা, দুৰ্লভ আলোকচিত্ৰ আৰু সুধাকণ্ঠৰ বাণীৰে অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী গৰাকীক জনতাৰ কাষ চপাই নিয়াৰ মানসেৰে তেজপুৰৰ সচেতন সাংস্কৃতিক কৰ্মী, লেখক ৰাম হাজৰিকাৰ পৰিচালনা আৰু পৰিকল্পনাৰে সাজু হোৱা এই “সুধাকণ্ঠ – দ্য লিজেণ্ড” শীৰ্ষক অনুষ্ঠানটি কালি সন্ধিয়া ৬ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সুধাকণ্ঠৰ ভাতৃ, শিল্পী নৃপেন হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু প্ৰবীণ নাট্যশিল্পী নৰেণ লহকৰে।IMG 20230312 WA0056 তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ইয়াৰ আগেয়ে ঈশ্বৰৰ ওচৰত সেৱা জনাই সম্পূৰ্ণ মাংগলিক পৰিৱেশত অশীতিপৰ আয়তী লাৱণ্য হাজৰিকাই এটি ঘোষা পাঠেৰে শুভাৰম্ভণি কৰা উদ্বোধনী অনুষ্ঠানতে এক মহৎ উদ্দেশ্যৰে সাজু হোৱা অনুষ্ঠানটিক বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়োৱা একাংশ ব্যক্তিৰ লগতে শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত ৫০ গৰাকীকৈ লোকক গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ আৰু একোটিকৈ গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সত্ৰীয়া নৃত্যৰ শিল্পী নিৰীক্ষা ডেকাই আকৰ্ষণীয় ৰূপত সত্ৰীয়া নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলা আৰু অনুষ্ঠানটিৰ পৰিচালক ৰাম হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে, সুধাকণ্ঠৰ ভাতৃ নৃপেন হাজৰিকা, দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়া , বিশিষ্ট নাট্যশিল্পী নৰেণ লহকৰ আদিয়ে হাতে হাতে ফটো লৈ প্ৰতীকী ৰূপত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে “সুধাকণ্ঠ – দ্য লিজেণ্ড”। বিধায়ক পৃথ্বিৰাজ ৰাভাই উদ্বোধনী ভাষণত বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ কালজয়ী সৃষ্টি সমূহে অসম আৰু অসমীয়াক মহীয়ান কৰি ৰখাই নহয় সমগ্ৰ বিশ্বতে অসমীয়াৰ পৰিচিতি দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু এনে এগৰাকী শিল্পীৰ সৃষ্টি আৰু দৰ্শন সমূহ কলাত্মক ৰূপত বিহুৰ মঞ্চৰ লগতে আন অনুষ্ঠানৰ জৰিয়তে তুলি ধৰিবলৈ কৰা প্ৰয়াস অতি আদৰণীয় প্ৰয়াস বুলি মন্তব্য কৰে। বিধায়ক পৃথ্বিৰাজ ৰাভাই পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আশিস লৈ সংগীত যাত্ৰা আৰম্ভ কৰা ড০ ভূপেন হাজৰিকাৰ সৃষ্টি সমূহত মানুহৰ কথা, মানুহৰ সমস্যা, কল্যাণৰ কথা, অসমীয়া সমাজখনৰ কথা, অসমৰ প্ৰকৃতি, নদী, অসমীয়া শিল্পকলাৰ কথাই মুখ্য স্থান পোৱাৰ বাবেই প্ৰত্যেকটো গীতে সকলো শ্ৰেণীৰ মানুহৰ অন্তৰ জয় কৰি আহিছে বুলি মন্তব্য কৰি তেজপুৰীয়া শিল্পীৰ এই অনুষ্ঠানটিক প্ৰত্যেকখন বিহু সন্মিলনে আমন্ত্ৰণ জনোৱা উচিত বুলি মন্তব্য কৰে। আনহাতে সত্ৰীয়া শিল্পী শ্ৰীকুমাৰ বৰুৱা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, প্ৰবীণ নাট্যশিল্পী তথা শিল্পী পেন্সন প্ৰাপক নৰেণ লহকৰ আদিয়েও ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত শাৰীৰিক অসুস্থতাৰ মাজতো উপস্থিত থকা সুধাকণ্ঠৰ ভাতৃ, বিশিষ্ট শিল্পী নৃপেন হাজৰিকাই সাংবাদিকৰ আগত সুধাকণ্ঠ গৰাকীক লৈ এনেদৰে এক অনুষ্ঠান গঢ়ি তোলাটো শিল্পী সকলৰ মহৎ প্ৰয়াস বুলি মন্তব্য কৰি সকলো ৰঙালী বিহুৰ মঞ্চতে এই অনুষ্ঠানে সকলোৰে আদৰৰ শিল্পী গৰাকীক জনতাৰ হৃদয়ৰ কাষ চপাই নিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে । উল্লেখ্য যে, এই শুভাৰম্ভণি অনুষ্ঠানতে ভালুক ঝাৰণিৰ এগৰাকী চিত্ৰশিল্পী শোভা দেৱীয়ে সুধাকণ্ঠৰ এখন আকৰ্ষণীয় চিত্ৰ অংকণ কৰাৰ লগতে সংগীত শিল্পী জামুগুৰিহাটৰ নীলমণি শোলালে বেহেলাত সুধাকণ্ঠৰ দুটি গীতৰ মূৰ্চ্ছনাৰে উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। আনহাতে শুভাৰম্ভণি অনুষ্ঠানৰ পিছতেই বিহুৰ মঞ্চত পৰিৱেশন হ’ব লগা “সুধাকণ্ঠ – দ্য লিজেণ্ড” শীৰ্ষক ৪০ মিনিটৰ অনুষ্ঠানটি আৰম্ভ হয়। প্ৰজেক্টৰৰ জড়িয়তে সুধাকণ্ঠ গৰাকীৰ বিভিন্ন মুহূৰ্তৰ ভিডিঅ, ফটো, কথাৰ সমানে সমানে কেবাটাও কালজয়ী গীতৰ আধাৰত দক্ষ নৃত্যশিল্পী মিতালী বৰঠাকুৰ আৰু সুদৰ্শন বৰা পৰিচালিত নৃত্যাংশৰ মাজত সুধাকণ্ঠ গৰাকীৰ সপোনৰ বৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ মাজত জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ এটি যুগজয়ী গীতেৰেও শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা এই প্ৰয়াস একক আৰু অনন্য হিচাপে পৰিগণিত হয়। উল্লেখ্য যে, এই শুভাৰম্ভণি অনুষ্ঠানতে সুধাকণ্ঠৰ শিল্পী সকলে নিৰ্মাণ কৰি উলিওৱা বিশিষ্ট অভিনেতা অমূল্য কাকতিয়ে মূল চৰিত্ৰত অভিনয় কৰা গুঞ্জন প্ৰডাকচনৰ “হাতোৰা” শীৰ্ষক এখন চুটি ছবি অতিথি সকলে উদ্বোধন কৰাৰ পিছত ছবিখন ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More