ঢকুৱাখনাত গণ প্ৰহাৰত নিহত দুৰ্ধৰ্ষ অপৰাধী গেৰজাই

শুংসুত্ৰ নাই হত‍্যা গোচৰৰ অভিযুক্ত আচামী সোণটি দাসৰ

0 94

 শতাব্দ প্ৰতিবেদক, ঢকুৱাখনা ১৮ আগষ্ট : ঢকুৱাখনা আৰু সমীপৱৰ্তী এলেকাত বহু বছৰধৰি নানা প্ৰকাৰৰ আইনবিৰোধী কাম-কাজ আৰু অপৰাধ সংঘটিত কৰি সাধাৰণ জন-জীৱন আতংকময় কৰি আৰক্ষীৰ মূৰ কামোৰণিলৈ পৰিণত হোৱা তথা মংগলবাৰে ঢকুৱাখনা মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ আচামী গেৰজাই ওৰফে ৰাজু বৰুৱাৰ বৃহস্পতি বাৰে পুৱা ৭ বজাত গণপ্ৰহাৰত মৃত্যু ঘটে । ঘটনাৰ বিৱৰণী মতে ঢকুৱাখনা – বাসুদেৱ থান – মৰনৈ বেবেজীয়া সংযোগী গড়কাপ্তানি পথৰ কিলাকেলী জানৰ উজনি ফালে স্থানীয় এজন লোকে আত্মগোপন কৰি থকা অৱস্থাত গেৰজাইক দেখা পাই গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে । খবৰটো তৎক্ষণাত বনজুইৰ দৰে বিয়পি পৰাত অঞ্চলটোত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই হাতে -হাতে পচা ,দা ,টাঙোন আৰু লোৰ দণ্ড আদি লৈ শতাধিক লোক সমবেত হৈ গেৰজাইক চাৰিওফালৰ পৰা ঘেৰাও কৰি ধৰে । এনে অভূতপূৰ্ব পৰিৱেশ – পৰিস্থিতি দেখি গেৰজায়ে পলাবলৈ চেষ্টা কৰোঁতে একাংশ উত্তেজিত লোকে পলাতক আচামী গেৰজাইক পচা ,লাঠি আৰু লোৰ দণ্ডৰে আক্ৰমণ কৰাত গেৰজাই পৰি যায় । সেই সময়তে ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ‍্যোতি ভূঞা, ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ‍্যোতি ৰয়, ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাস আৰু সোণাৰি চাপৰি আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ বাহাদুৰ চেত্ৰী ঘটনাস্থলীত উপস্থিত হৈ গেৰজাইক গণ প্ৰহাৰৰ পৰা উদ্ধাৰ কৰি ১০৮ যোগে ততাতৈয়াকৈ ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে চিকিৎসা প্ৰদানৰ পূৰ্বেই গেৰজাইক মৃত বুলি ঘোষণা কৰে। ইফালে ঘটনাটোত আৰক্ষীয়ো উত্তেজিত ৰাইজৰ লক্ষ্য হৈ পৰে । আৰক্ষীৰ বেষ্টনীৰ পৰা দুবাৰকৈ জঘন্য অপৰাধী গেৰজাই কিদৰে পলাবলৈ সক্ষম হ’ল বুলি একাংশ ৰাইজে প্ৰশ্ন কৰি আৰক্ষীৰ উপস্থিতিতে গেৰজাইক উপৰ্যুপৰি প্ৰহাৰ কৰে। আৰক্ষীয়ে ৰাইজক বাধা প্ৰদান কৰোঁতে আৰক্ষী আৰু একাংশ উত্তেজিত ৰাইজৰ মাজত হতাহতি হয়‌। ফলত ঘিলামৰা থানাত কৰ্মৰত ত্ৰয়োদশ অসম আৰক্ষীৰ জোৱান জগুৰাম চিন্তে আৰু অসম গৃহৰক্ষী বাহিনীৰ জোৱান গুণাভি বৰুৱা আহত হয়। চিন্তে মূৰত আৰু বৰুৱাই সোঁহাতত আঘাত পায় । পিছত মহকুমা অসামৰিক চিকিৎসালয়ত কাৰ্যবাহী দণ্ডাধীশে গেৰজাই বৰুৱাৰ মৃতদেহ প্ৰত‍্যক্ষ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰলৈ প্ৰেৰণ কৰে । গেৰজাইৰ মৃত্যুৰ লগে লগে দুটা দশক জোৰা এক আতংকৰ অৱসান ঘটিল। আৰক্ষীৰ লগতে বহুলোকে গেৰজাইৰ মৃত্যুত সকাহ অনুভৱ কৰাৰ বিপৰীতে বহুলোকে গেৰজাইক ধৰি -বান্ধি আৰক্ষীক চমজাই দিয়াৰ পৰিৱৰ্তে নিষ্ঠুৰ ভাৱে হানি-খুছি হত‍্যা কৰা কাৰ্যৰ সমালোচনা কৰিছে ।ইয়াৰ বাবেও অৱশ্যে আৰক্ষীয়েই দায়বদ্ধ বুলি মন্তব্য কৰি বহুলোকে মন্তব্য কৰে যে আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা নথকাৰ বাবেই পুনৰ জঘন্য অপৰাধী গেৰজাইক আৰক্ষীক চমজাই দিয়াৰ কথা নাভাবি ৰাইজেই আইন হাতত তুলি লৈ গেৰজাইক চৰম শাস্তি প্ৰদান কৰিছে। গেৰজাইৰ কৰুণ মৃত্যুৰ লগে লগে বলিউডৰ বিখ্যাত চিনেমা শ্বোলেৰ গব্বৰ সিঙ সদৃশ আতংক পশ্চিম ঢকুৱাখনাৰ গব্বৰ গেৰজাই যুগৰ সমাপ্তি ঘটিল।

সোণটি দাসৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

আনহাতে গেৰজাইৰ লগতে পলোৱা আনটো পলাতক আচামী নৰ হত‍্যাৰ অভিযোগত অভিযুক্ত সোণটি দাসৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। ‌পলায়ন তৃতীয় দিনা গেৰজাই গণৰোষৰ বলি হৈ নিহত হোৱাৰ বিপৰীতে বিগত বৰ্ষত ঢকুৱাখনা – লখিমপুৰ সংযোগী পথৰ টেঙাগড়া দলঙৰ ওচৰত হত‍্যা কৰা ইচাৰ কোম্পানীৰ টেকনিচিয়ান ,লখিমপুৰৰ ৰংপুৰীয়া গাঁৱৰ তুলু দত্তৰ হত‍্যাকাণ্ডৰ মূল অভিযুক্ত সোণটি দাসো বৰ্তমান আৰক্ষীৰ মূৰৰ কামোৰণিলৈ ৰূপান্তৰ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More