ঢকুৱাখনাৰ এবাছ মানুহ কিয় লখিমপুৰলৈ কঢিয়াই আনিব “ব্ৰিজ”ৰ পৰিচালক কৃপাল কলিতাই

ৰূপকোঁৱৰ, কলাগুৰু, নটসূৰ্য্যক স্মৰণ কৰি তেজপুৰৰ বাণ থিয়েটাৰত আবেগিক হৈ পৰিল "ব্ৰীজ" ৰ পৰিচালক কৃপাল কলিতা

0 173

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২৪ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত ৪৫ টা ছবিগৃহত একেলগে মুক্তি লভিব লগা, ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবিৰ ৰজত কমল বঁটাৰ লগতে ১৯ টাকৈ ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় সন্মান কঢ়িয়াবলৈ সক্ষম হোৱা “ব্ৰীজ” ছবিখনৰ পৰিচালক তথা এগৰাকী দক্ষ অভিনয় শিল্পী কৃপাল কলিতা কালি নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ সন্মুখত একপ্ৰকাৰ আবেগিক হৈ পৰিল।IMG 20220924 WA0049 অসমীয়া চলচ্চিত্ৰৰ পিতৃ পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্মসাধনাৰ স্হলী তেজপুৰবাসীৰ আশিস লৈয়েই শিল্পকলা ক্ষেত্ৰখনত অগ্ৰসৰ হোৱাৰ কথা কৈ সেইসকল মণিষীৰ আশীৰ্বাদতেই ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম মাতৃৰ বুকুলৈ তেওঁৰ কৰ্মেৰে সন্মান কঢ়িয়াই অনা সম্ভৱ হৈছে বুলি মন্তব্য কৰি কালি নিশা বহু সমাদৃত ছবিখনৰ মুক্তিৰ পূৰ্বে আবেগিক হৈ পৰে “ব্ৰীজ” ৰ পৰিচালক কৃপাল কলিতা। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বাণ থিয়েটাৰৰ সৈতে এক আত্মিক সম্পৰ্ক বজাই অহা ৰুচিশীল সাংস্কৃতিক কৰ্মী কৃপাল কলিতাৰ “ব্ৰীজ” ৰ একাংশ অভিনেতা – অভিনেত্ৰীক লৈ বাণ থিয়েটাৰৰ পৰিয়ালে আয়োজন কৰা শুভেচ্ছামূলক এক অনুষ্ঠানত কৃপাল কলিতাই “ব্ৰীজ “ৰ প্ৰথম দৃশ্য গ্ৰহণৰ বাবে ঢকুৱাখনাৰ সোণাৰি চাপৰি নামৰ গাওঁখনত কটোৱা ১৬ দিনীয়া অভিজ্ঞতা সদৰী কৰাৰ সময়ত কালি বাণ থিয়েটাৰত সমবেত হোৱা বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে যেন আন এক মিঠা চিনেমাৰ কাহিনীৰহে সন্মুখীন হৈ পৰে। উল্লেখ্য যে, গ্ৰামাঞ্চলৰ নিভাঁজ মৰম আৰু চেনেহৰ মাজত দৃশ্য গ্ৰহণৰ ১৬ টা দিন “ব্ৰীজ” ৰ দলটি গাঁওখনৰ বাসিন্দা সকলৰ ঘৰে ঘৰে আছিল। মূলতঃ কৃষিজীৱী সেই লোকসকলৰ ঘৰৰ কোনো ধৰণৰ দুৱাৰ নাছিল আৰু সেয়েহে দৃশ্য গ্ৰহণৰ মূল্যবান সা সামগ্ৰী সমূহ ৰাখিবলৈ ভয় কৰোতে গাওঁখনত কেতিয়াও চুৰি কাৰ্য আদি নোহোৱাৰ কথা ৰাইজে অৱগত কৰিছিল। কোনোধৰণৰ ডাবিং আৰু ৰূপসজ্জাৰ ব্যৱস্থা নৰখাকৈ সম্পূৰ্ণ প্ৰাকৃতিকগত পৰিৱেশত দৃশ্য গ্ৰহণৰ সেই সময়ছোৱাত দলটোৰ প্ৰত্যেকগৰাকী কুশীলৱ গাওঁখনৰ আপোন হৈ পৰাই নহয় “চিং চাউণ্ড” দৃশ্য গ্ৰহণৰ সময়ছোৱাত গাওঁখনৰ কৃষক সকলে নিজৰ টেক্টৰ চলোৱা বন্ধ কৰি ৰখাই নহয় দৃশ্য গ্ৰহণত অসুবিধা হ’ব বুলি ভাত ৰান্ধোতে প্ৰেছাৰ কুকাৰৰ শব্দ হ’ব বুলি তাৰ পৰা বিৰত থকা আৰু মোবাইল ফোন আদিও নিস্তব্ধ কৰি ৰাখি সহাঁৰি জনোৱাৰ কথা অৱগত কৰি পৰিচালক কৃপাল কলিতাই আৰু কয় যে, যেতিয়া দৃশ্য গ্ৰহণ সমাপ্ত কৰি গাওঁখনৰ পৰা বিদায় লোৱাৰ মুহূৰ্ত আহি পৰিছিল, তেতিয়া দলটোৰ কোনোৱে সেই কথা অৱগত কৰিবলৈ সাহসেই কৰিব পৰা নাছিল আৰু যেতিয়া বিদায়ৰ মূহূৰ্ত আহি পৰিছিল বিয়া দি উলিয়াই দিয়া কন্যাৰ মুহূৰ্তৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল বুলি কৈ “ব্ৰীজ”ৰ কাহিনীকো সেই নিভাঁজ গ্ৰাম্যজীৱনৰ জীৱনবোধেৰে আগবঢ়াই নিবলৈ চেষ্টাৰ ত্ৰুটি হোৱা নাই বুলি মন্তব্য কৰি পুনৰ আবেগিক হৈ পৰে পৰিচালক কৃপাল কলিতা। গাওঁবাসীৰ সেই বদান্যতাৰ বাবেই অহা ৩০ ছেপ্তেম্বৰৰ মুক্তিৰ দিনটোতে সমগ্ৰ গাওঁবাসীক এখন বাছ ভাড়া কৰি লখিমপুৰৰ এটা চিনেমা হলত “ব্ৰীজ” দেখুওৱাৰ ব্যৱস্থাৰ কথাও সদৰি কৰে পৰিচালক কলিতাই। বাণ থিয়েটাৰৰ সভাপতি তথা বিশিষ্ট গীতিকাৰ – সুৰকাৰ বংকিম শৰ্মাই আশীৰ্বাদসূচক তথা শুভেচ্ছামূলক বক্তব্য দাঙি ধৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগক অতি কমবয়সতেই মহীয়ান কৰি তুলিবলৈ সক্ষম হোৱা কৃপাল কলিতাৰ এই যাত্ৰাক অসমৰ সকলো শ্ৰেণীৰ ৰাইজক সহাঁৰি জনাবলৈ আহ্বান জনায়। “ব্ৰীজ” ৰ এক অন্যতম চৰিত্ৰ ৰূপায়ন কৰা বাণ থিয়েটাৰৰ নিয়মীয়া শিল্পী তথা বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মাইও নিজৰ অনুভৱ সদৰী কৰি ২০০৩ চনৰে পৰা কৃপাল কলিতাৰ এই যাত্ৰাৰ সাৰথি হৈ অহাৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগমে কৃপাল কলিতা এগৰাকী চিন্তাশীল তথা ছিৰিয়াছ শিল্পী বুলি অভিহিত কৰি মুক্তিৰ পূৰ্বেই ৰজত কমল বঁটাকে ধৰি বহু সন্মান কঢ়িয়াবলৈ সক্ষম হোৱাতো ৰুচিশীলতাৰেই পৰিচায়ক বুলি মন্তব্য কৰে। অনুষ্ঠানটিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে কৃপাল কলিতাৰ সৈতে থকা বাণ থিয়েটাৰৰ সম্পৰ্কৰ কথা সদৰী কৰি এনে সম্পৰ্ক থকা এগৰাকী পৰিচালকৰ চিনেমাই ইমানবোৰ সন্মান কঢ়িয়াই অনাত বাণ থিয়েটাৰৰ পৰিয়ালকো ধন্য কৰিছে বুলি মন্তব্য কৰি সকলোকে “ব্ৰীজ” ছবিখন উপভোগ কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগক গতিশীলতা প্ৰদান কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ৰাজ্যখনৰ প্ৰায় তিনিশ গৰাকীকৈ যুৱতীৰ মাজৰ পৰা মূল চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচন কৰা শিৱাৰাণী কলিতাইও কালি এই অনুষ্ঠানত তেজপুৰীয়া বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নিজৰ অনুভৱ সদৰী কৰি আবেগিক হৈ পৰে। “ব্ৰীজ” ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ঢকুৱাখনা নিবাসী শিৱাৰাণী কলিতাই বৰ্তমানলৈকে তিনিবাৰ বাণ থিয়েটাৰৰ মজিয়াত ভৰি থোৱাৰ পিছত এই মঞ্চ আপোন হৈ পৰিল বুলি মন্তব্য কৰি সকলোকে “ব্ৰীজ” উপভোগ কৰি তেঁওলোকৰ ১৪ মহীয়া দৃশ্য গ্ৰহণৰ সময়ৰ কষ্ট লাঘৱ কৰি তুলিবলৈ আহ্বান জনায়। আনহাতে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া, সদস্য – সদস্যাৰ লগতে তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত কালিৰ এই বিশেষ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই এক বিশেষ চিন্তা আৰু দৰ্শনেৰে, ৰুচিশীলতা আৰু সামাজিক দায়বদ্ধতাক অগ্ৰাধিকাৰ দি অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগতে নাটশিল্প ক্ষেত্ৰখনত অগ্ৰসৰ হোৱা কৃপাল কলিতাক উদ্বুদ্ধ কৰাতো প্ৰতিজন অসমীয়াৰে দায়িত্ব বুলি মন্তব্য কৰি ছবি নিৰ্মাণৰ সন্মুখত আহি পৰা হাজাৰ প্ৰত্যাহ্বানক ওফৰাই কৃপাল কলিতাৰ দৰে যুৱ প্ৰজন্ম অগ্ৰসৰ হোৱাতো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More