ঢকুৱাখনা গ্ৰন্থমেলাৰ বাকৰিত “গ্ৰন্থ অধ্যয়ন আৰু নতুন প্ৰজন্ম” শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ

অসমীয়া সাহিত্যত বয়স অনুসৰি পঢ়িব পৰা কিতাপ নাই--ড° প্ৰাঞ্জল বুঢ়াগোহাঁই

0 62

ঢকুৱাখনাৰ প্ৰতিবেদক, ২২ ডিচেম্বৰ: “অসমীয়া সাহিত্যত বহুত কিতাপ সৃষ্টি হৈছে; কিন্তু বয়স অনুসৰি পঢ়িব পৰা কিতাপ নাই। বিশ্বৰ আগশাৰীৰ দেশবোৰত প্ৰথম, দ্বিতীয় শ্ৰেণীৰ পৰাই শিক্ষাৰ স্তৰ অনুসৰি পঢ়িব পৰা বহু কিতাপ-পত্ৰ আছে। কিন্তু অসমীয়া সাহিত্যত এই ধাৰণাটো আজিলৈকে আলোচনাৰ মাজলৈ অহা নাই।”–এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইৰ।WhatsApp Image 2024 12 22 at 5.29.16 PM e1734928453270 ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত সাতদিনীয়াকৈ অনুষ্ঠিত হৈ থকা “ঢকুৱাখনা গ্ৰন্থমেলা-২০২৪”ত আজি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা “গ্ৰন্থ অধ্যয়ন আৰু নতুন প্ৰজন্ম” শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ উদ্বোধন কৰি অধ্যাপক ড° বুঢ়াগোহাঁয়ে আৰু কয় যে-“অসমীয়া সাহিত্যত স্তৰ অনুসৰি নতুন প্ৰজন্মই পঢ়িব পৰা গ্ৰন্থ যদি লিখা নহয়; তেন্তে অনাগত সময়ত অসমীয়া সাহিত্যত পঢ়ুৱৈৰ সৃষ্টি কৰিব পৰা নাযাব।” সাংবাদিক, লেখক শৈলেন বৰুৱাই সঞ্চালনা কৰা এই আলোচনা সত্ৰত আমন্ত্ৰিত আলোচকৰূপে অংশগ্ৰহণ কৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক জ্যোতিষ্মান দাসে আলোচনা আগবঢ়াই কয় যে-“এতিয়া গুগল বা চাট জি টিপিয়ে আমাক সকলো প্ৰাথমিক তথ্য দিব পাৰে; কিন্তু বিস্তৃত জ্ঞান দিব নোৱাৰে।WhatsApp Image 2024 12 22 at 5.29.15 PM কিতাপ পঢ়িলেহে তথ্যৰ উৎস আৰু বুৰঞ্জী ভালদৰে জানিব পাৰিম।গতিকে কিতাপ পঢ়িবই লাগিব। কিতাপে আমাক অনুপ্ৰেৰণা দিয়ে, কিতাপে আমাক নতুন নতুন চিন্তাৰ বাবে বাট মুকলি কৰি দিয়ে।” এতিয়া কিতাপৰ ৰূপ ভিন্ন হৈ পৰিছে। ছপা গ্ৰন্থ, ইলেকট্ৰনিক গ্ৰন্থ, শ্ৰব্য গ্ৰন্থ আদিৰ জড়িয়তেও আমি বহুখিনি কথা জানিব পাৰোঁ।” এই আলোচনা চক্ৰৰ অন্য এগৰাকী আলোচকৰূপে বক্তব্য আগবঢ়াই কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° বীৰেন্দ্ৰ পালে কয় যে- “এতিয়া আমি জ্ঞান আহৰণৰ বাবে কেৱল ছপা কিতাপৰ ওপৰতে নিৰ্ভৰ কৰি থাকিলে নহ’ব।সময়ৰ লগে লগে সৃষ্টি হোৱা কিতাপ নতুন ৰূপ-ই-বুক, অডিঅ’ বুক আদিও আমি পঢ়ি, শুনি বিভিন্ন জ্ঞান ল’ব পাৰিব লাগিব।” WhatsApp Image 2024 12 22 at 5.29.15 PM 1উল্লেখ্য যে আজি ঢকুৱাখনা গ্ৰন্থমেলাৰ পঞ্চম দিনৰ কাৰ্যসূচী-বক্তৃতা প্ৰতিযোগিতাৰে আৰম্ভ হৈছিল দিনৰ ১০ বজাৰ পৰা। ইয়াৰ পিছতেই বিয়লি “আলোচনা সত্ৰ” অনুষ্ঠিত হয় আৰু নিশালৈ কাইজেন একাডেমীকে ধৰি ঢকুৱাখনাৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।কাইলৈ ২৩ ডিচেম্বৰ পুৱা ১১ বজাত পোষ্টকাৰ্ডত চিঠি লিখা প্ৰতিযোগিতাৰে ষষ্ঠ দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পিছতে ক্ৰমে- “কেৰিয়াৰ সজাগতা” অনুষ্ঠান, চিত্ৰ আৰু ভাস্কৰ্য শিল্পীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান আয়োজিত হ’ব। ২৪ ডিচেম্বৰ অন্তিম দিনাৰ কাৰ্যসূচী আৰম্ভ হ’ব ১১ বজাত জ্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা অনুষ্ঠানেৰে। ইয়াৰ পিছতেই ১২ বজাৰ পৰা মুকলি সভাৰ লগতে বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ’ব। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে উদ্বোধন কৰিব লগা এই মুকলি সভাত মুখ্য অতিথিৰূপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে, বিশিষ্ট অতিথিৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰবাল শইকীয়াই আৰু আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি ড° গিৰীণ গগৈয়ে জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More