ঢলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুৰ শাস্তি হবনে

লখিমপুৰৰ প্ৰান্তে প্ৰান্তে আছুৰ বিক্ষোভ

0 27

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ লৈ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্ন সংগঠন৷ ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আজি লখিমপুৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই ঢলপুৰ আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে উত্তাল কৰি তোলে লখিমপুৰৰ বিভিন্ন প্ৰান্ত৷ লখিমপুৰ সদৰত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা জোকাৰি আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ আৰু বৰ্খাস্তৰ দাবী তোলে লখিমপুৰ জিলা ছাত্ৰ সন্থাই৷ উল্লেখ্য যে যোৱা ১৮ মাৰ্চত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰোতে ছাত্ৰ-ছাত্ৰীক দু-ব্যৱহাৰ কৰিছিল ঢলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুৱে৷ এই বিষয়াজনক গ্ৰেপ্তাৰ ও বৰ্খাস্তৰ দাবী তুলি আজি লখিমপুৰ সদৰকে ধৰি জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আছুৰ হুংকাৰ- ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰা আৰু মানসিক ভাৱে অতিশৰ্য চলোৱা আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব৷ ঘটনা সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলক বৰাই কয়- ৰাজপথত যোৱা ১৮ মাৰ্চত আৰক্ষী বিষয়াজনে প্ৰতিবাদী ছাত্ৰক মাৰ-ধৰ কৰি আৰক্ষী চকীলৈ লৈ যোৱা আৰু ঢলপুৰ আৰক্ষীচকীত ছাত্ৰসকলক খবৰ ল’বলৈ যোৱা ছাত্ৰীক কাণত ধৰাই আঁঠু কঢ়াই শাস্তি প্ৰদান কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ আৰক্ষীৰ এনে বৰ্বৰ অত্যাচাৰ কোনো কাৰণতে আমি মানি ল’ব নোৱাৰো৷ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই এক বিবৃতিত উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ অদক্ষ শিক্ষা বিভাগ আৰু অপদাৰ্থ ছেবা কতৃৰ্পক্ষই ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিছে৷ এনে কাৰ্যৰ প্ৰতিবাদ জনাবলৈ যোৱা ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে দমন কৰিবলৈ গৈ বৰ্বৰ অত্যাচাৰ চলোৱা কাৰ্য এক আশ্চৰ্যজনক ঘটনা৷ আৰক্ষীৰ এনে বৰ্বৰতাক ছাত্ৰ সন্থাই তীব্ৰ গৰিহনা দি ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্ৰকৰ অৰ্কমণ্যতাৰ বাবে আজি লাখ লাখ ছাত্ৰ-ছাত্ৰী মানসিক ভাৱে হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ ইফালে আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সচিব ৰাজু সিংহ আৰু অধ্যক্ষ আদিত্য লহকৰে ঢলপুৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন বুলি কয়৷ আৰক্ষীৰ এনে কাৰ্যক মাছ এ ধিক্কাৰ দিয়াৰ লগতে দোষীক শাস্তিৰ দাবী জনাইছে৷ উল্লেখ্য যে আজি জিলাখনৰ লখিমপুৰ, লালুক, ঢলপুৰ, নাৰায়ণপুৰ আদিত আছুৰ ২২ খন আঞ্চলিকে আৰক্ষীৰ বিৰুদ্ধে ক’লা পতাকা প্ৰদৰ্শন কৰি বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More