ঢাকাৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ “অনুৰ – আইজ অন দ্যা চানচাইন” সমালোচকৰ দ্বাৰা প্ৰশংসিত
৩১ টা চলচ্চিত্ৰগৃহত মুক্তি লভিব ২৭ জানুৱাৰীত
0 43
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জানুৱাৰী :
অসমৰ বিশিষ্ট গল্পকাৰ – সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ “ভালপোৱাৰ সময়” নামৰ এটা বিখ্যাত গল্পৰ আধাৰত যুৱপ্ৰজন্মৰ এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ দ্বাৰা ডা০ গোপেন্দ্ৰ মোহন দাসৰ প্ৰয়োজনাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সংগীত পৰিচালক তৰালী শৰ্মাৰ সংগীতেৰে মুক্তিৰ পূৰ্বেই বহুল চৰ্চিত হোৱা “অনুৰ – আইজ অন দ্যা চানচাইন” যোৱা ১৮ জানুৱাৰীত ঢাকাত অনুষ্ঠিত হোৱা ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “ৱৰ্ল্ড চিনেমা নাও” শিতানত প্ৰদৰ্শিত হোৱাত দৰ্শকৰ সমালোচনাৰ দ্বাৰা উচ্চ প্ৰশংসা লাভ কৰে। উল্লেখ্য চিনেমাখনৰ পৰিচালক মঞ্জুল বৰুৱাৰ লগতে অভিনেত্ৰী ডা০ জাহানাৰা বেগম আৰু অভিনেতা ময়ূৰ গোপেন্দ্ৰ দাসে এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ পিছত মহোৎসৱ আয়োজক সমিতিয়ে বিশেষ ভাৱে ফুলৰ টোৰা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে ঢাকাৰ পৰা উভতি অহাৰ পিছত অভিনেত্ৰী ডা০ জাহানাৰা বেগমে এই মহোৎসৱৰ অভিজ্ঞতা সদৰী কৰে তেজপুৰত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ সমালোচক, অভিনেতা, প্ৰয়োজক, পৰিচালকে অংশ গ্ৰহণ কৰা এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “অনুৰ” প্ৰদৰ্শিত হোৱাৰ পিছত বহুকেইগৰাকী সমালোচকে “অনুৰ” ৰ কাহিনীৰ পৰা, অভিনয়, কাৰীকৰী সকলো দিশতে উচ্চমানৰ হৈছে বুলি মন্তব্য কৰাত উৎফুল্ল হৈ পৰে পৰিচালক মঞ্জুল বৰুৱাৰ লগতে অভিনেত্ৰী ডা০ জাহানাৰা বেগম ।আনহাতে চলচ্চিত্ৰখনৰ তৰালী শৰ্মাৰ কন্ঠৰ “শুকান শুকান মন হ’ল জীপাল” তৃষ্ণাতুৰ শীৰ্ষক গীতটি শুনাৰ সময়তো মহোৎসৱত উপস্থিত থকা সংগীতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল আপ্লুত হৈ পৰে বুলি জানিব পৰা গৈছে। ইৰাণৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ লগতে সব্যসাচী চক্ৰৱৰ্তী, নেপালৰ মোহন ৰায়ৰ দৰে চলচ্চিত্ৰ পৰিচালক, সমালোচকে অংশ গ্ৰহণ কৰা এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ চলচ্চিত্ৰ উচ্ছাসিত প্ৰশংসিত হোৱাত স্বাভাৱিকতে তেজপুৰৰ সচেতন মহল আহ্লাদিত হৈছে। অহা ২৭ জানুৱাৰীত অসমৰ ৩১ টাকৈ চলচ্চিত্ৰগৃহত মুক্তি পাব লগা আৰু বলিউডৰ ছিৰিয়াছ অভিনেতা ৰজত কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰা “অনুৰ”ত ৰাজ্যখনৰ দক্ষ চিনেমেটোগ্ৰাফাৰ সুমন দুৱৰাই দৃশ্য গ্ৰহণ কৰাৰ লগতে বিশিষ্ট ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ কষ্টিউম, অসম গৌৰৱ অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ শব্দ ডিজাইন, তীব্ৰজ্যোতি বৈৰাগীৰ ৰূপসজ্জা, টোৱেইন চাঙৰ সম্পাদনা, পণজিৎ চাংমাইৰ কলা নিৰ্দেশনা, দেৱজিৎ গায়নৰ লোকেশ্যন চাউণ্ডৰে বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, উদয়ন দুৱৰা, বলোৰাম দাস, অমূল্য কাকতি, বিভূতিভূষণ হাজৰিকা, বিদ্যা ভাৰতী, ৰাজশ্ৰী শৰ্মা, কুল কুলদ্বীপ, ময়ূৰ গোপেন্দ্ৰ দাস কণমানি আখ্যাকে ধৰি অসমৰ একাংশ নিৰ্বাচিত অভিনয় শিল্পীয়ে অভিনয় কৰিছে। আজিৰ দিনটোত উজনি অসমৰ বিভিন্ন প্ৰান্তত “অনুৰ” ৰ দলে চলচ্চিত্ৰখনৰ সন্দৰ্ভত ৰাইজৰ কাষচাপি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগমে তেজপুৰত জানিবলৈ দিয়ে।
0 43