ঢেকিজুলিৰ দুৰ্ভগীয়া বনকৰা কিশোৰীৰ বাসগৃহত ফৰেনছিকৰ দলঃখান্দি উলিয়ালে মৃতদেহ

জি এমচিএইছিত পুনৰ কৰা হব মৰণোত্তৰ পৰীক্ষা

0 11

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্টঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বনকৰা কিশোৰী মৃত্যু হোৱাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াইছে আৰক্ষীয়ে ৷বনকৰা কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক মৃত্যু হোৱাক কেন্দ্ৰ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী দলে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যাতে কতো ত্ৰুটি ৰৈ নাযায়। আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ আৰতি তুৰিৰ বাসগৃহত বিশেষ তদন্তকাৰী আৰু ফৰেনছিকৰ এটা ৭জনীয়া দল উপস্থিত হয় ৷ বিশেষ তদন্তকাৰী দল আৰ ফৰেনছিকৰ দলটোৰ তদন্তকাৰী কমিটিৰ অন্যতম সদস্য তথা চি আই ডিৰ অধীক্ষক কল্যান ফুকনৰ নেতৃত্বত উপস্থিত হোৱা ফৰেনছিক দলটোৱে ইতিমধ্যে আৰতি তুৰিৰ মৃতদেহ পুতি থোৱা অৱস্থাৰ পৰা খান্দি উলিয়ায় ৷ দলটোত তদন্তকাৰী কমিটিৰ দুজন সদস্যসহ দুজন চিকিৎসক আৰু ফৰেনছিক টীম উপস্থিত আছিল৷ তদন্তৰ স্বাৰ্থত বাবে মৃতদেহটো খান্দি উলিয়াই মৃতদেহটো পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷ তদন্ত কমিটিৰ সদস্য তথা চিআইডিৰ অধীক্ষক কল্যান ফুকুনে সাংবাদিকৰৰ আগত প্ৰকাশ কৰে যে, আদালতৰ অনুমতিমৰ্মে আজি আৰতি তুৰিৰ মৃতদেহ গাঁতত পুতি থোৱা অৱস্থাৰ পৰা খান্দি তদন্তৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে ৷ তদন্তৰ বাবে মৃতদেহটো পুনৰ খান্দি পৰীক্ষাৰ বাবে জিএমছিএইচলৈ প্ৰেৰণ কৰা হৈছে৷ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে চলিছে বুলি প্ৰকাশ কৰে তদন্তকাৰী বিষয়াজনে৷ এই সন্দৰ্ভত দূৰ্ভগীয়া আৰতি তুৰিৰ মাতৃয়ে আশা প্ৰকাশ কৰে ন্যায় লাভ কৰিব আৰতি তুৰিয়ে ৷ইপিনে স্থানীয় আদিবাসী ছাত্ৰ সন্থাৰ নেতাই তদন্ত প্ৰক্ৰিয়াক আদৰণি জনাই দূৰ্ভগীয়া আৰতি তুৰিয়ে ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷উল্লেখ্য যে ১১জুনত দৰংৰ ধুলাত সশস্ত্ৰ সীমাবলত কৰ্মৰত কৃষ্ণ কমল বৰা আৰু নাৰ্জি নাথৰ বাসগৃহত বনকৰা হিচাপে কাম কৰা ঢেকিয়াজুলিৰ হুগ্ৰাজুলি প্ৰজা পথাৰ গাওঁৰ ১৩বছৰীয়া কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল৷ কিশোৰী গৰাকীৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত দৰং আৰক্ষী গাফিলতি কৰিছিল৷ আৰক্ষীয়ে এই ঘটনাক আত্মহত্যাৰ ৰূপ দিছিল৷ মৃতদেহ উদ্ধাৰৰ সময়ত ফটো ভিডিঅ আদি সংগ্ৰহ নকৰা,অভিযুক্তক আৰক্ষীৰ জিম্মাত নলৈ জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যোৱা ১২আগষ্টত  ঢেকিয়াজুলিস্থ কিশোৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ দৰং আৰক্ষীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছিল৷ মুখ্যমন্ত্ৰীয়ে তদন্তৰ বাবে পাঁচজনীয়া তদন্তকাৰী কমিটি গঠন কৰিছিল৷ আনহাতে তদন্তত গাফিলতি কৰাৰ বাবে দৰং ছিলাৰ আৰক্ষী অধীক্ষক,অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি কেইবাখনো আৰক্ষীৰ লোকক নিলম্বিত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More