তাজমহলৰ ২২টা ‘গোপন কুঠৰী’! ফটো প্রকাশ কৰিলে কেন্দ্রীয় পুৰাতত্ত্ব বিভাগে

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মে’ : তাজমহলৰ তলৰ ‘২২টা তালবন্ধ কোঠা’ খোলাৰ আবেদন জনাই আদালতৰ দ্বাৰস্থ হৈছিল হিন্দুত্ববাদীসকল। ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণ (আর্কিঅ’লজিকেল ছার্ভে অব ইণ্ডিয়া বা এএছআই)ৰ তৰফৰ পৰা ১৬ মে’ সোমবাৰে সেই ‘গোপন’ কুঠৰী’সমূহৰ ফটো প্রকাশ কৰা হ’ল। এএছআইৰ বিষয়াসকলে ১৬ মে’ত জনাইছে যে, এই কুঠৰীবোৰত কোনো গোপনীয়তা নাই। এইসমূহ মূল কাঠামোৰ অংশমাত্র। কেৱল তাজমহলেই নহয়, এনে কুঠৰী বহু যুগৰ স্থাপত্যতেই আছে বুলিও জনোৱা হৈছে কেন্দ্রীয় চৰকাৰৰ এই পুৰাতত্ত্ব বিষয়ক সংস্থাৰ তৰফৰ পৰা। উদাৰহণ হিচাবে কোৱা হৈছে দিল্লীৰ মোগল সম্রাট হুমায়ুনৰ সমাধিৰ কথা। তাজমহল ৰক্ষণাবেক্ষণৰ দায়িত্বপ্রাপ্ত এএছআইৰ ‘আগ্ৰা চেল’-এ জনাইছে যে, ২০২১ চনৰ ডিচেম্বৰৰ পৰা ২০২২ চনৰ ফেব্রুৱাৰীপর্যন্ত যমুনা নদীখাত লগোৱা এই ভূগর্ভস্থ কোঠাবোৰত ৰক্ষণাবেক্ষণৰ কাম হৈছিল। সেই সময়তেই ফটোবোৰ তোলা হয়। প্রকাশিত চাৰিখন ফটো যোৱা ডিচেম্বৰত তোলা হৈছিল। তাজমহল আচলতে ‘তেজো মহালয়’ নামৰ এটা শিৱ মন্দিৰ বুলি দাবী হিন্দুত্ববাদী সংগঠনসমূহৰ। বিজেপিৰ অযোধ্যা জিলাৰ ‘মিডিয়া ইনচার্জ’ ৰজনীশ সিংহই এএছআইৰ বিশেষজ্ঞসকলৰ তত্ত্বাৱধানত তাজমহলৰ ‘আচল ইতিহাস’ অনুসন্ধানৰ দাবীত এলাহাবাদ হাই কৰ্টৰ লক্ষ্ণৌ বেঞ্চত জনস্বার্থজড়িত গোচৰ ডায়েৰ কৰিছিল। তদুপৰি তাজমহলৰ ভিতৰত দীর্ঘদিন ধৰি তলাবন্ধ হৈ থকা উল্লিখিত ২২টা কোঠা খোলাৰো দাবী জনাইছিল তেওঁ। যোৱা ১২ মে’ত সেই আবেদন খাৰিজ কৰিছিল উচ্চ ন্যায়ালয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More