তামিলনাডুত বিনাইছে অসমৰ জয়মালাই

পেটা ইণ্ডিয়া থিয় দিছে অসমৰ দুৰ্ভগীয়া হাতীৰ কাষত

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুন : নিৰ্যাতিত হাতী জয়মলা ওৰফে জয়মল্যাথক জব্দ কৰি অভয়াৰণ্যত পুনৰ সংস্থাপন কৰিবলৈ অসম আৰু তামিলনাডুৰ বন বিভাগক আহ্বান জনাইছে পশু অধিকাৰ সংগঠন পিপলছ ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই। উল্লেখ্য যে, তামিলনাডুৰ শ্ৰীভিলিপুথুৰ নাচিয়াৰ থিৰুকোভিল মন্দিৰৰ চৌহদত জয়মলাক নিজৰ মাউতে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ অলপতে পোহৰলৈ আহিছে। ভিডিঅ’টোত ভৰিত টানকৈ শিকলিৰে বান্ধি থোৱা অসহায় হাতীজনীক মাউতে বাৰে বাৰে প্ৰহাৰ কৰা আৰু হাতীজনীয়ে বিষত চিঞৰি উঠা দেখা গৈছে। এই বিষয়ত পেটা ইণ্ডিয়াই অসম আৰু তামিলনাডুৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনলৈ জৰুৰী আবেদন প্ৰেৰণ কৰি বন্যপ্ৰাণী (সুৰক্ষা) আইন (WPA), ১৯৭২ বলবৎ কৰিবলৈ আহ্বান জনাইছে, লগতে নিৰ্যাতিত হাতীজনীক তৎকালীনভাৱে জব্দ কৰি এখন অভয়াৰণ্যত পুনৰ সংস্থাপন কৰিবলৈ আহ্বান জনাইছে। হাতীজনী বন্যপ্ৰাণী সুৰক্ষা আইন অমান্য কৰি পট্টা চুক্তিৰ পূৰ্বে তামিলনাডু মন্দিৰত ৰখা হৈছে। পত্ৰখনত তেওঁলোকক ডব্লিউ পি এ আৰু তামিলনাডু বন্দী হাতী (ব্যৱস্থাপনা আৰু ৰক্ষণাবেক্ষণ) নিয়ম, ২০১১ উলংঘা কৰাৰ বাবে মাউটৰ বিৰুদ্ধে প্ৰাথমিক অপৰাধৰ প্ৰতিবেদন পঞ্জীয়ন কৰিবলৈয়ো আহ্বান জনোৱা হৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা প্ৰথমটো ভিডিঅ’ত জয়মালাক সজীৱকৰণৰ সময়ত প্ৰহাৰ কৰা দেখা গৈছিল। শিবিৰত অংশগ্ৰহণ কৰি তামিলনাডুৰ হিন্দু ধৰ্মীয় আৰু দাতব্য এনডাউমেণ্ট বিভাগৰ নেতৃত্বত উক্ত হস্তী প্ৰহাৰত জড়িত দুজন মাউতক নিলম্বন কৰিছিল। বন বিভাগে তেওঁলোকৰ বিৰুদ্ধে তামিলনাডু বন্দী হাতী (ব্যৱস্থাপনা আৰু ৰক্ষণাবেক্ষণ) নিয়ম ২০১১ৰ নিয়ম ১৩ আৰু ডব্লিউ পি এৰ ৫১ নং ধাৰাত গোচৰো তৰিছিল। পেটা ইণ্ডিয়াৰ মুখ্য ওকালতি বিষয়া খুচবু গুপ্তাই লিখিছে— “বুদ্ধিমান আৰু আৱেগিক হাতীয়ে বন্দী অৱস্থাত মন্দিৰৰ উৎসৱ, ৰাইড, চাৰ্কাচ, আৰু অন্যান্য অনুষ্ঠানত ব্যৱহাৰৰ বাবে শাৰীৰিক আৰু মানসিক আঘাত সহ্য কৰে আৰু জেয়মল্যাথৰ ক্ষেত্ৰত এই নিষ্ঠুৰতা দুবাৰকৈ কেমেৰাত ধৰা পৰিছে।” তেওঁ আৰু কয়— “পেটা ইণ্ডিয়াই মন্দিৰসমূহক পালংকিন, ৰথ, বা জীৱনসদৃশ যান্ত্ৰিক হাতী ব্যৱহাৰ কৰি আচাৰ-অনুষ্ঠান সম্পন্ন কৰিবলৈ আহ্বান জনায় আৰু ভক্তসকলক প্ৰকৃত হাতী অভয়াৰণ্যলৈ দান দিবলৈ আহ্বান জনায়, য’ত এই প্ৰাণীবোৰক আন হাতীৰ সংগত থাকিবলৈ অনুমতি দিয়া হয় আৰু শিকলিৰ পৰা মুক্ত কৰি ৰখা হয়। শ্ৰীভিলিপুথুৰ নাচিয়াৰ থিৰুকোভিল মন্দিৰে জেয়মল্যাথাক এক দশকৰো অধিক সময় ধৰি অবৈধভাৱে বন্দী কৰি ৰখাৰ খবৰ আহিছে, কিয়নো ছমাহৰ পট্টাৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক কেতিয়াও অসমৰ বন বিভাগলৈ ঘূৰাই পঠিওৱা হোৱা নাছিল। ইতিমধ্যে তামিলনাডুৱে হাতীজনীক নিৰ্যাতন চলোৱাৰ বাবে আৰু ৰক্ষকৰ হাতত আপাত দৃষ্টিত প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ বাবেই ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনাইছে অসম চৰকাৰে। বন্দী অৱস্থাত হাতীৰ শোষণৰ কথা লক্ষ্য কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে পূৰ্বে তামিলনাডু ৰাজ্য চৰকাৰক হাতীৰ মালিকীস্বত্ব সম্পৰ্কে নীতি প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছিল। আদালতে উল্লেখ কৰে যে, সকলো হাতী ব্যক্তিগত মালিকানাধীনেই হওক বা কোনো মন্দিৰৰ মালিকানাধীনেই হওক, সকলো বন বিভাগৰ তত্বাৱধানলৈ আহিব লাগিব আৰু ভৱিষ্যতে হাতীৰ ব্যক্তিগত মালিকীস্বত্ব নিষিদ্ধ কৰিব লাগিব। উল্লেখ্য যে, পেটা ইণ্ডিয়াৰ মতে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হাতী বন্দী কৰাৰ বিৰোধিতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More