তামুলপুৰৰ বিজয় দাসে গামোচাত বৈ উলিয়াইছে অসমৰ স্বনামধন্য লোকৰ ছবি- জাতীয় সংগীতৰ প্ৰতিটো আখৰ

0 71

ৰজনী বৰ্মন , তামুলপুৰ , ২৮ মে : তামুলপুৰৰ এগৰাকী যুৱক । ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চাত যুৱকজন । যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ বৰখোপা গাঁৱত। শুক্ৰ দাস শৰণীয়া আৰু জোনালী দাসৰ পুত্ৰ বিজয় দাস (২০) ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰ। বিজয় দাসৰ কিছু সৃষ্টিশীল কামে সম্প্ৰতি তামুলপুৰৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে সামাজিক মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে । বিজয় দাসে ঘৰতে তাঁত শালত বহি অসমীয়াৰ সপোনৰ গামোচাত তুলি ধৰিছে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি । অধ্যয়নৰ সমান্তৰালভাৱে তাঁতশালত বহি বিজয় দাসে সুতাৰে তুলিছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, দীপালী বৰঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, মামণি ৰয়ছম গোস্বামী, হীৰেন ভট্টাচাৰ্য, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে অসমৰ কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ আৰু কামাখ্যা মন্দিৰ।CamScanner 05 28 2022 17.55.37 দিনে নিশাই কৰা কষ্টৰ অন্তত গামোচাত সুন্দৰকৈ উপস্থাপন কৰি তুলিছে অসমৰ মান-স্বাভিমানৰ চিহ্নৰ লগতে অসমৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ প্ৰতিছবি। এই গৰাকী যুৱকে তাঁত শালত বহাৰ উপৰি ছবি আঁকি, গীত গাই আৰু বিহু নাচি ভাল পায় । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিজয় দাসে তাঁত শালত গামোচা প্ৰস্তুত কৰি সেই গামোচা বিক্ৰী কৰি পঢ়া শুনাৰ খৰছ উলিয়ায় । ইপিনে তিনি বছৰ আগতে বিজয় দাসে তাঁত শালত অসমৰ জাতীয় সংগীত অংকন কৰিছিল। বিজয় দাসে প্ৰস্তুত কৰা এই গামোচা মিউজিয়ামত ৰখাৰ বাবে অনুৰোধ কৰিছে স্থানীয় লোকে। উল্লেখযোগ্য যে মাতৃয়ে তাঁত শালত বহা দেখি সৰুৰে পৰা নিজেও তাঁত শালত বহাৰ ইচ্ছা কৰিছিল এইজন যুৱকে। অসমীয়া জাতি, অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই এনেদৰে গামোচাত স্বনামধন্য লোক আৰু অসমৰ কীৰ্তি চিহ্ন সমূহ উপস্থাপন কৰা বুলি জানিবলৈ দিছে বিজয় দাসে। অনাগত দিনত ইয়াতকৈ অধিক সৃষ্টিশীল কামত নিয়োজিত হৈ থাকিব বুলিও এইগৰাকী সম্ভাৱনাপূৰ্ণ যুৱকে জানিবলৈ দিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More