তিনিচুকীয়াত দশমবাৰৰ বাবে মণিকাঞ্চনৰ ভাওনা সমাৰোহ : আয়োজন গ্ৰন্থমেলা, আলোচনাসত্ৰৰো

0 37

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ অক্টোবৰ : তিনিচুকীয়াৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান ‘মণিকাঞ্চন সাংস্কৃতিক মঞ্চ’ৰ উদ্যোগত এইবাৰ সদৌ অসম ভিত্তিত দশম বার্ষিক আমন্ত্রণমূলক ভাওনা সমাৰোহ ৩ ডিচেম্বৰৰ পৰা বিস্তৃত কাৰ্য্যসূচীৰে ৯ দিনীয়াকৈ আয়োজন কৰা হৈছে ৷ সমাৰোহখন সুকলমে সম্পন্ন কৰিবলৈ ইতিমধ্যে পুলক চেতিয়াক সভাপতি আৰু জ্যোতি প্ৰসাদ দাসক সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ৷ উল্লেখ্য যে এইবাৰ ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি এখন গ্রন্থমেলা আৰু থলুৱা সামগ্রী বিপণন মেলাৰো আয়োজন কৰা হৈছে ৷ গ্রন্থমেলাত ৰাজ্যৰ বহুকেইটা প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি সমাৰোহথলীতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যেৰে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তর্ক প্রতিযোগিতা, আকস্মিক বক্তৃতা, কুইজ প্রতিযোগিতা, বৰগীত, সত্ৰীয়া নৃত্য, দিহানাম আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে ৷ আলোচনাসত্ৰত ড° গোপাল হাজৰিকা (অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, গণিত বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়) আৰু ড° মদন শৰ্মাই (অৱসৰপ্ৰাপ্ত প্রাধ্যাপক, ইংৰাজী বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়) অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে । ইয়াৰ লগতে কবি সন্মিলন, জ্যেষ্ঠ নাগৰিকৰ অন্তৰংগ আলাপ অনুষ্ঠান, গীত-সুৰ, গায়ক, গীতিকাৰ আৰু সুৰকাৰৰ সন্মিলন আদি আকর্ষণীয় কাৰ্য্যসূচী ৰূপায়নৰ বাবে যাৱতীয় প্রস্তুতি চলোৱা হৈছে ৷ কবি সন্মিলনত অসমৰ খ্যাতিমন্ত কবি নীলিম কুমাৰ আৰু বহুকেইজন প্ৰতিষ্ঠিত কবিয়ে অংশ ল’ব বুলি প্ৰকাশ ৷ গীতৰ সন্মিলন পৰিচালনা কৰিব বিশিষ্ট শিল্পী পদ্মশ্ৰী দুলাল মান্‌কি আৰু জোষ্ঠ নাগৰিকৰ অন্তৰংগ আলাপ অনুষ্ঠান পৰিচালনা কৰিব বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই ৷ কিছু ব্যতিক্রমী চিন্তাৰে ‘মণিকাঞ্চন সাংস্কৃতিক মঞ্চ’ই আয়োজন কৰা দশম ভাওনা সমাৰোহত অসমৰ কেইবাখনো জিলাৰ আগশাৰীৰ ৮টা ভাওনা দলে অংশগ্রহণ কৰিব ৷ এইবাৰৰ সমাৰোহ তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰৰ পৰিৱৰ্তে বৰদলৈ নগৰ খেলপথাৰত অনুষ্ঠিত হ’ব ৷ ‘মণিকাঞ্চন সাংস্কৃতিক মঞ্চ’ আৰু উদযাপন সমিতিৰ সম্পাদক জ্যোতি প্ৰসাদ দাসে এক বিবৃতিত এই কথা প্ৰকাশ কৰাৰ লগতে সমূহ কাৰ্য্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More