তিনিচুকীয়াত অনাঅসমীয়া মাটিৰ দালাল ৰঘূৰ সন্ত্ৰাস

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছতে ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ নাগৰিকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সময় বাগৰাৰ লগে লগে মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে চলা এই অভিযান ৰহস্যজনক কাৰণত স্থবিৰ হৈ পৰা দেখা যায় ৷ বৰ্তমান সময়ত পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে ভূমাফিয়া চক্ৰই ধনৰ বলেৰে সকলো পক্ষকে মেনেজ কৰি প্ৰকৃত মাটিৰ মালিকক আভুৱা ভাৰি গ্ৰাহকক ৰামঠগন দি লাখ লাখ টকা উদৰস্থ কৰিবলৈ সক্ষম হৈছে ৷ তিনিচুকীয়াত শেহতীয়াকৈ জনৈক ৰঘূ নামৰ এক অনাঅসমীয়া মাটিৰ দালালৰ পাকচক্ৰত পৰি একাধিক ব্যক্তি সৰ্বস্বান্ত হোৱাৰ অভিযোগ উঠিছে ৷ উল্লেখ্য, এই ৰঘূ নামৰ মাটিৰ দালালটোৱে সদায় আইন ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই আহিবলৈ সক্ষম হৈছে৷ ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলোৱাৰ সময়তো তিনিচুকীয়া আৰক্ষীৰ হাতত পৰা নাছিল এই ৰঘূ নামৰ মাটিৰ দালালটো ৷ কম সময়ৰ ভিতৰতে বিপুল সম্পত্তিৰ গৰাকী হোৱা হাতদীঘল মাটিৰ দালাল ৰঘূৱে একাংশ অধিবক্তা আৰু এচাম চৰকাৰী বিষয়া, কৰ্মচাৰীৰ সহযোগত সাধাৰণ লোকক ঠগি লুটৰাজ অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ মাটিৰ মালিকৰ অজ্ঞাতে ৰঘূৱে এটুকুৰা মাটি কেইবাজনকো বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি জাল নথিপত্ৰ প্ৰস্তুত কৰি ৰঘূৱে উক্ত ভূমি তিনিজন ব্যক্তিক বিক্ৰী কৰে ৷ কিন্তু ৰঘূৰ এই দুষ্কাৰ্য ফাদিল হোৱাৰ পাছত দালাল ৰঘূৱে এজন ক্ৰেতাক কিস্তি হিচাপত টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি হাতেভৰিয়ে ধৰি তেওঁৰ বিৰুদ্ধে আৰক্ষীক গোচৰ নিদিবলৈ মান্তি কৰে ৷ অৱশ্যে উক্ত ক্ৰেতাজনে এতিয়াও ৰঘূৰ পৰা কেইবালাখ টকা পাবলৈ বাকী ৷ আনজন ক্ৰেতাক আকৌ বেলেগ স্থানত মাটি দিয়াৰ আশ্বাস দি ৰঘূৱে নিজৰ দুষ্কাৰ্য গাপ দি ৰক্ষাৰ চেষ্টা চলাইছে ৷ চৰকাৰ তথা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে সাধাৰণ ৰাইজক প্ৰবঞ্চনাৰ বলি কৰি অহা ৰঘূৰ দৰে অনাঅসমীয়া মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে তিনিচুকীয়াৰ সচেতন মহলে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More