তিনিচুকীয়াত অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ দলক বিপুল আদৰণি

0 20

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ ৰেলীক আজি তিনিচুকীয়াত সাদৰ আদৰণি জনোৱা হয় । উল্লেখ্য যে অসমত শান্তি, শৃংখলাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত অসম আৰক্ষীয়ে আগবাঢ়োৱা অক্লান্ত সেৱা তথা ত্যাগৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ বিৰল সন্মান ’The President’s Colour’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । অহা ১০ মে’ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰক্ষীক এই বঁটা প্ৰদান কৰা হব। এই বিৰল সন্মান উদযাপন কৰিবৰ বাবে অসম আৰক্ষীৰ দ্বাৰা ধুবুৰীৰ পৰা শদিয়ালৈকে ’ৰাইড অৱ প্ৰাইড’ শীৰ্ষক এক বাইক ৰেলী আৰম্ভ কৰা হৈছে । এই ৰেলীক নেতৃত্ব দিছে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰই । আজি বিয়লি তিনিচুকীয়াত উপস্থিত হোৱা দলটোক আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত বিপুল আদৰণি জনোৱা হয় । এই উপলক্ষে আয়োজিত সভাত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে আনন্দ মিশ্ৰৰ লগতে দলটো আটাইকেইজনক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । উপস্থিত সকলোকে সম্বোধন কৰি উচ্চ পদস্থ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই কয় যে অসম আৰক্ষীয়ে লাভ কৰা এই বিৰল সন্মান প্ৰতিগৰাকী আৰক্ষী বিষয়া তথা কৰ্মচাৰীৰ বাবে গৌৰৱৰ বিষয় । শৃংখলাবদ্ধ সমাজ গঠনত আৰক্ষীৰ ভূমিকা অতুলনীয় । এই সন্মান লাভ কৰাৰ পাছত সমাজত অসম আৰক্ষীৰ মান আৰু অধিক বৃদ্ধি পাব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More